Wednesday , August 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ভিন্ন জনগোষ্ঠীয়ে কেনেকৈ পালন কৰে নৱবৰ্ষ (video from dayet)

ভিন্ন জনগোষ্ঠীয়ে কেনেকৈ পালন কৰে নৱবৰ্ষ (video from dayet)

অবিভক্ত শোণিতপুৰ জিলাৰ বিশ্বনাথস্থিত শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান “শোণিতপুৰ জিলা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান” চমুকৈ ডায়েটত শণিবাৰে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰলৈ ৰূপান্তৰ হোৱা পৰিলক্ষিত হ’ল ।

প্ৰতিষ্ঠান খনত দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ল- সামাজিক সাংস্কৃতিক বৈচিত্ৰতাৰে ভৰপূৰ অসমত বসবাস কৰা বিভিন্ন জাতি, জনগোষ্ঠীৰ দ্বাৰা ভিন্ন ৰূপে নৱবৰ্ষক আদৰণি জনোৱাৰ প্ৰস্তুতি ।

প্ৰতিষ্ঠান খনত প্ৰশিক্ষণ লৈ থকা অন্তিম ষান্মাসিকৰ ছাত্ৰ ছাত্ৰী সকলে নিজৰ নিজৰ জনগোষ্ঠীয়ে কি দৰে নৱবৰ্ষক আদৰণি জনায়, সেয়া সুন্দৰকৈ উপস্থাপন কৰা পৰিলক্ষিত হয় ।

ইফালে, প্ৰতিষ্ঠান খনৰ জ্যেষ্ঠ প্ৰৱক্তা ৰীমা বৰাৰ একক প্ৰচেষ্টাত অনুষ্ঠিত হোৱা অনুষ্ঠানত কাৰ্বি, মুচলমান, সোণোৱাল কছাৰী, বিহাৰী, নেপালী, বেঙ্গলী, মিছিং, বড়ো, অসমীয়া প্ৰশিক্ষাৰ্থী সকলে নিজৰ নিজৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি লিখিত ৰূপে পূৰ্বে প্ৰস্তুত কৰা সাংস্কৃতিক কাৰ্যসূচী পাঠ কৰে ।

অনুষ্ঠানৰ শেষত, সকলো জনগোষ্ঠীয়ে একত্ৰিত হৈ সমুহীয়াকৈ হুঁচৰি ‌গোৱা দৃশ্যই সকলোকে আপ্লুত কৰে ।

অন্যহাতে, প্ৰতিষ্ঠান খনে প্ৰতিবছৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ বান্ধোন কটকটীয়া কৰিবলৈ এনেধৰণৰ ভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি জানিবলৈ দিয়ে অধ্যক্ষা সৰলা দেৱীয়ে ।

বিশ্বনাথৰ পৰা ইকু মণি শইকীয়াৰ ৰিপৰ্ট

About Staff Reporter

চাব পাৰে

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ 

শিৱসাগৰত কৃষি বিভাগৰ কঠীয়া বিতৰণ অনুষ্ঠানৰ শুভাৰম্ভ ফাৰ্ষ্ট নিউজ ,শিৱসাগৰ ২০ আগষ্ট ,   জয়ৰাপাৰ অঞ্চলৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *