Wednesday , March 20 2019
Home / আঞ্চলিক / ভেলাঘৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূদ্ধে ব‍্যতিক্ৰমী প্ৰতিবাদ

ভেলাঘৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূদ্ধে ব‍্যতিক্ৰমী প্ৰতিবাদ

 

ষ্টাফৰিপৰ্টাৰ,১৪ জানুৱাৰী: জাতীধ্বংশী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক কেন্দ্ৰ কৰি ৰাজ্য উত্তাল হৈ থাকিলেও পৰম্পৰা অনুসৰি ৰাজ্যবাসীয়ে পালন কৰিছে ভোগৰ উৎসৱ ভোগালী । কিন্তু ভোগালীৰ পৰম্পৰাৰ মাজতো বিধেয়কখনৰ বিৰুদ্ধে অসমবাসীয়ে অৱ্যাহত ৰাখিছে সজোৰ প্ৰতিবাদ । মেৰাপানীৰ এখন গাঁৱত ভেলাঘৰৰ বাকৰিত দেখা গ’ল নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে এক ব্যতিক্ৰমী প্ৰতিবাদৰ দৃশ্য । মেৰাপানীৰ নলনী পথাৰ গাঁৱৰ লোকসকলে মাঘ বিহুৰ মেজি দাহৰ সমান্তৰালভাৱে দাহ কৰিব প্ৰতিকৃৰূপত নিৰ্মাণ কৰা নাগৰিকত্ব সংশোধনী বিধেয়কখন । ইতিমধ্যে গাঁওবাসীয়ে ভেলাঘৰৰ বাকৰিত বাঁহ আৰু নৰা খেৰেৰে সাজি উলিয়াইছে প্ৰায় দহ ফুট উচ্চতাৰ “নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬” শব্দকেইটা । ভেলাঘৰৰ মজিয়াৰ পৰা ভয়ংকৰ বিধেয়কখনৰ বিৰুদ্ধে এনে প্ৰতিবাদে কেন্দ্ৰ আৰু ৰাজ্যচৰকাৰৰ হঠকাৰীতাক যে ৰাজ্যবাসীয়ে কোনোপধ্যেই মানি নলয়,সেই কথা পুনৰবাৰ প্ৰমাণ কৰিলে ।

About Staff Reporter

চাব পাৰে

দৰং জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ সজাগতা দৌৰ

  ৰফিক তালুকদাৰ,বেছিমাৰী ২০ মাৰ্চ : দৰঙৰ মংগলদৈ চহৰত আজি দিনৰ ১০ বজাত দৰং জিলা …

Leave a Reply

Your email address will not be published. Required fields are marked *