Tuesday , September 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ভেৰগাঁৱত কৃতী শিক্ষাৰ্থীক সম্বৰ্দ্ধনা বি. এছ. ইউ. ৰ

ভেৰগাঁৱত কৃতী শিক্ষাৰ্থীক সম্বৰ্দ্ধনা বি. এছ. ইউ. ৰ

ভেৰগাঁৱত কৃতী শিক্ষাৰ্থীক সম্বৰ্দ্ধনা বি. এছ. ইউ. ৰ ঃ
শিক্ষাৰ্থীক সমাজৰ সুপ্ৰতিষ্ঠিত ব্যক্তি ৰূপে গঢ় দিয়াৰ আহ্বান ।
————————————————-
ডিমাকুছি, ১৪ জুন::
ওদালগুৰি জিলাৰ ভেৰগাঁওত বড়োলেণ্ড ছাত্ৰ সন্থা (বি .এছ. ইউ.)ৰ ভেৰগাঁও ব্লক সমিতিৰ উদ্যোগত কালি ভেৰগাঁৱৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ – ছাত্ৰী সকলক সম্বৰ্দ্ধনা জনায় । উক্ত সভাত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত  আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ডিষ্টংচন আৰু ষ্টাৰ নম্বৰসহ প্ৰথম বিভাগত  উত্তীৰ্ণ ভেৰগাঁও পৰিষদীয় সমষ্টিৰ বিভিন্ন অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক কৃতী শিক্ষাৰ্থীক ছাত্ৰ সংগঠনটোৰ তৰফৰ পৰা একোখনকৈ গামোচা, মানপত্ৰ আৰু একোটাকৈ  কলমেৰে  সম্বৰ্দ্ধনা জনোৱা হয়। বি এছ ইউৰ ভেৰগাঁও ব্লক সমিতিৰ সভাপতি গৌতম শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত সভাখন উদ্বোধন কৰে ভেৰগাঁৱৰ মহকুমাধিপতি গকুল চন্দ্ৰ ব্ৰহ্মই। সভাত অতিথি হিচাপে অংশগ্ৰহণ কৰি পানেৰীৰ বিধায়িকা কমলী বসুমতাৰীয়ে কঠোৰ সংগ্ৰামৰ জড়িয়তে সমাজৰ একোজন সুপ্ৰতিষ্ঠিত ব্যক্তি ৰূপে নিজক গঢ় দিবলৈ শিক্ষাৰ্থী সকলক আহ্বান জনায়। তেওঁ ভাষণ প্ৰসংগত বোকাতে পদুম ফুলে বুলি উল্লেখ কৰি কয়— পৰীক্ষাত উন্নত ফলাফল লাভ কৰাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে।  ঠেলা- ৰিক্সা চলোৱা বা দিন হাজিৰা কৰা আদি  বহু দৰিদ্ৰ পৰিয়ালৰ সন্তানো বিগত পৰীক্ষা সমূহত কৃতিত্বৰে উত্তীৰ্ণ হোৱা বুলি বিধায়িকা গৰাকীয়ে কয়। তেওঁ লগতে কয় যে ভাল ফলাফল পাবলৈ শিক্ষক, শিক্ষাৰ্থী আৰু অভিভাৱক এই তিনিটাৰ মাজত এক গভীৰ সু-সম্পৰ্ক থকাৰো প্ৰয়োজন আছে । কিন্তু  শিক্ষক, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ সু-সম্পৰ্ক গঢ়ি তোলাৰ পৰিৱৰ্তে পৰীক্ষাৰ ফলাফল বেয়া হ’লে অভিভাৱকে শিক্ষকক বা শিক্ষকে ছাত্ৰ- ছাত্ৰীক হে দোষ দিয়া পৰিলক্ষিত হয় বুলি তেওঁ মন্তব্য কৰে । আনহাতে সম্বৰ্দ্ধনা অনুষ্ঠানত
বিটিচিৰ উপাধ্যক্ষ নেৰচন বড়োৱে সভাত অংশ লৈ ভাষন প্ৰসংগত শিক্ষাৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰতে ওদালগুৰি জিলাখন বহু পিচপৰি থকাত গভীৰ আক্ষেপ প্ৰকাশ কৰে ।  শিক্ষাৰ উন্নয়নৰ লক্ষ্যৰে  চিকিৎসা বিঞ্জান, আই এম এম, গৱেষণা, ইউ পি এছ চিৰ ক’ছিং গ্ৰহণ কৰা মেধাৱী  শিক্ষাৰ্থীক বি টি চি প্ৰশাসনে  এক লাখৰ পৰা তিনি লাখ টকালৈ আৰ্থিক সাহায্য আগবঢ়োৱা হ’ব বুলি উল্লেখ কৰি তেওঁ জিলা খনৰ শিক্ষাৰ্থী সকলক এই সুবিধা গ্ৰহণ কৰাৰ বাবে কঠোৰ অধ্যয়ন কৰিবলৈ আহ্বান জনায়। ভেৰগাঁও জিলা মহিলা বি পি এফৰ সভানেত্ৰী জুলি শৰণীয়াই সামাজিক বাতাবৰণে শৈক্ষিক ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলায় বুলি উল্লেখ কৰি এই দিশত সকলোকে সচেতন হ’বলৈ আহ্বান জনায়। সভাত বি এছ ইউৰ ভেৰগাঁও জিলা সমিতিৰ সভাপতি বাবুল দৈমাৰীয়েও ভাষণ দিয়ে। আনহাতে সম্বৰ্দ্ধনা সভাৰ লগত সংগতি ৰাখি কেৰিয়াৰ কাউন্সেলিংৰ অনুষ্ঠান এটাৰো আয়োজন কৰা হয়। স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শতাধিক শিক্ষাৰ্থী অংশগ্ৰহণ কৰা এই অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান( চি আই টি)ৰ সহকাৰী প্ৰবক্তা হিৰিম্বেশ্বৰ বসুমতাৰীয়ে অংশগ্ৰহণ কৰি কেৰিয়াৰ সম্বন্ধে বিভিন্ন পৰামৰ্শ প্ৰদান কৰে। সভাত বিপিএফৰ নেতা অজয় সিং গোঁড় আৰু মিজিংচা বসুমতাৰী প্ৰমুখ্যে বি এছ ইউৰ নেতৃবৃন্দকে ধৰি অসংখ্য ব্যক্তি উপস্থিত থাকে ৷
———————————————_

About Staff Reporter

চাব পাৰে

পুনৰ শিৰোণামাত চুপাৰি ট্ৰাক , এইবাৰ আৰক্ষীক খুন্দিয়াই নিহত কৰিলে

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চুপাৰী ভৰ্তি ট্ৰাকে মহতিয়ালে আৰক্ষী কনিষ্টবলক থিতাতে নিহত …

Leave a Reply

Your email address will not be published. Required fields are marked *