Wednesday , March 20 2019
Home / আঞ্চলিক / ভোগালী বিহুৰ আনন্দ উল্লাসৰ মাজতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ

ভোগালী বিহুৰ আনন্দ উল্লাসৰ মাজতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ

ষ্টাফৰিপৰ্টাৰ, ১৩ জানুৱাৰী, ভোগালী বিহুৰ আনন্দ উল্লাসৰ মাজতো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। মঞ্চ এৰি এইবাৰ গোলাঘাটৰ ৰাজপথত প্ৰতিবাদত বহিল শিল্পী সমাজ। বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত গোলাঘাটৰ ৰাজপথত সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী। জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষু, গীতালি কাকতি, আচুৰ্য বৰপাত্ৰকে ধৰি কেইবাগৰাকীও শিল্পী বহিল প্ৰতিবাদ।

দুধনৈত নাথ যোগী আৰু কলিতা জনগোষ্ঠীৰ প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত
বিধেয়কৰ প্ৰতিলিপি দাহ কৰে প্ৰতিবাদকাৰীয়ে।
চৰকাৰ বিরোধী শ্লোগানেৰে উত্তাল হৈ পৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।

কাৰ্বি পাহাৰত সন্মিলিত কাৰ্বিআংলং ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। সংশোধনী বিধেয়ক বাতিল আৰু প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰৰ দাবী
হাওৰাঘাটৰ পাৰখোৱাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰতিবাদকাৰীৰ।

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে পদ্ম হাজৰিকাই।
বিৰোধিতা কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ।
কোনো কাৰণতে সমৰ্থন নকৰে বিতৰ্কিত বিধেয়কখন।
চতিয়াত এই ঘোষণা বিজেপি বিধায়ক পদ্ম হাজৰিকাৰ
বিধেয়ক বিৰোধিতা কৰা দ্বিতীয়জন বিজেপি বিধায়ক হাজৰিকাৰ।

জামুগুৰিহাটত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ।
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী
সমূহীয়াভাৱে মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত
বিতৰ্কিত বিধেয়কখন শীঘ্ৰেই বাতিলৰ দাবী

About Staff Reporter

চাব পাৰে

দৰং জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ সজাগতা দৌৰ

  ৰফিক তালুকদাৰ,বেছিমাৰী ২০ মাৰ্চ : দৰঙৰ মংগলদৈ চহৰত আজি দিনৰ ১০ বজাত দৰং জিলা …

Leave a Reply

Your email address will not be published. Required fields are marked *