Thursday , December 12 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ভোটগণনাক লৈ কামৰূপ(ম)ৰ উপায়ুক্তৰ সংবাদমেল

ভোটগণনাক লৈ কামৰূপ(ম)ৰ উপায়ুক্তৰ সংবাদমেল

 

ষ্টাফৰিপৰ্টাৰ, ২০ মে’ : ভোটগণনাক লৈ কামৰূপ(ম)ৰ উপায়ুক্তই সোম বাৰে এখন সংবাদমেলৰ আয়োজন কৰে। সাংবাদিকলৈ নীতি নিৰ্দেশ উপাযুক্ত বিশ্বজিত্‍ পেগুৰ। কাউণ্টিং হলৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। নিৰ্বাচন আয়োগৰ নিযুক্ত কেমেৰাৰ পৰা ভিজুৱেল ল’ব পাৰিব। ভোট গণণা সময়ৰ পোনপটীয়াকৈ ৰেকৰ্ড কৰিব নোৱাৰিব।
কোনে কিমান ভোট পাইছে পোনপটীয়াকৈ দেখুৱাব নোৱাৰিব। ৩ তৰপীয়া নিৰাপত্তা বেষ্টনী থাকিব ভোটগণনা স্থানত । মোবাইল হাতত লৈ ভোটগণনা কক্ষত প্ৰৱেশত বাৰণ। কামৰূপ(ম) জিলাৰ ৪টা সমষ্টিৰ ৫৬খন টেবুলত গণনা হ’ব। এটা সমষ্টিৰ ৫টা ভি ভি পি এ টি গণনা কৰা হ’ব। উচ্চতম ন্যায়লয় নিৰ্দেশ অনুসৰি গণনা হ’ব ভি ভি পি এ টি ।
অৱশ্যে ই ভি এম গণনাৰ পাছতহে ভি ভি পি এ টি গণনা হ’ব। সেয়ে পূৰ্বতকৈ কিছু সময় পলম হোৱাৰ সম্ভাৱনা আছে বুলি সংবাদমেল যোগে জনায় আয়ুক্ত গৰাকীয়ে।

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *