Thursday , November 21 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ভোটাৰ তালিকাৰ পৰীক্ষণ কাৰ্যসূচীৰ সময়সীমা ১৮ নবেম্বৰলৈ বৃদ্ধি

ভোটাৰ তালিকাৰ পৰীক্ষণ কাৰ্যসূচীৰ সময়সীমা ১৮ নবেম্বৰলৈ বৃদ্ধি

*ভোটাৰ তালিকাৰ পৰীক্ষণ কাৰ্যসূচীৰ সময়সীমা ১৮ নবেম্বৰলৈ বৃদ্ধি*

*ৰঙিয়া মহকুমাত ব্যাপক তৎপৰতা*

প্ৰতিবেদক, ৰঙিয়া ১৪ অক্টোৱৰঃ ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি সমগ্ৰ দেশ, ৰাজ্যৰ লগতে ৰঙিয়া মহকুমাৰ অন্তৰ্গত কমলপুৰ আৰু ৰঙিয়া বিধান সভা সমষ্টিতো ভোটাৰ তালিকাত ভোটাৰৰ নাম পৰীক্ষণৰ কাৰ্যসূচীৰ ব্যাপক তৎপৰতা চলি আছে আৰু কাইলৈ অন্তিম দিন হিচাপে ধাৰ্য কৰা হৈছিল যদিও শেহতীয়াভাৱে এই সময়সীমা ১৮ নবেম্বৰলৈ বৃদ্ধি কৰা হৈছে ৷ ভাৰতৰ নিৰ্বাচন আয়োগৰ নং ২৩/২০১৯-ইআৰএছ (ভল-iii) দিনাংক ১২ অক্টোবৰ ২০১৯ নিৰ্দেশনামৰ্মে ভোটাৰ ৰাইজৰ সুবিধাৰ্থে পূৰ্বৰ উক্ত সময়সীমাৰ বিপৰীতে অহা ১৮ নবেম্বৰলৈ সম্প্ৰসাৰণ কৰি ভোটাৰ তালিকাৰ বাবে ভোটাৰৰ নাম পৰীক্ষণৰ অন্তিম দিন হিচাবে ধাৰ্য কৰিছে । এনেক্ষেত্ৰত যি সকল ভোটাৰে এতিয়ালৈকে তেওঁলোকৰ নামসমূহ ভোটাৰ তালিকাত পৰীক্ষণ কৰা নাই তেওঁলোকে ১৮ নবেম্বৰ’২০১৯ ৰ ভিতৰত ডাব্লিউ ডাব্লিউ ডাব্লিউ. এনভিএছপি. ইন, ভোটৰ হেল্পলাইন, কল হেল্পলাইন ১৯৫০,ভিজিট ইআৰও অফিচ, ভোটৰ ফেচিলিটি চেন্টাৰৰ যোগেদি নাম সমূহ পৰীক্ষণ বাবে পদ্ধতি অৱলম্বন কৰিব পাৰিব । এই নাম পৰীক্ষণ কাৰ্যসূচীত ভোটাৰে নিজৰ ইপিক নম্বৰ সন্নিবিষ্ট ভোটাৰ পৰিচয় পত্র, ফটোযুক্ত অন্য এবিধ অনলাইনত বিচৰা তথ্য আৰু মোৱাইল ফোনৰ সহায়ত পৰীক্ষণ কৰিব পাৰিব। ইয়াৰ উপৰিও যদি কাৰোবাৰ নাম , বয়স বা কোনো সম্পৰ্কীয় লোক আদিৰ কিবা সংশোধনীৰ আৱশ্যক থাকে তেনেহলে তেওঁলোকৰ উপযুক্ত তথ্যপাতিৰ প্ৰয়োজন হব।এই সন্দৰ্ভত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈৰ লগতে মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মাই সমগ্ৰ ৰাজ্যৰ লগতে ৫৬ নং কমলপুৰ বিধান সভা সমষ্টি আৰু ৫৭ নং ৰঙিয়া বিধান সভা সমষ্টিতো অহা ১৮ নবেম্বৰৰ অন্তিম দিনলৈ ভোটৰ তালিকাৰ পৰীক্ষণ কাৰ্যসূচী চলি থাকিব বুলি জানিবলৈ দিয়ে।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

About Staff Reporter

চাব পাৰে

সৰ্ব হিন্দুস্তানী মহিলা পৰিষদ গঠন

  ষ্টাফৰিপৰ্টাৰ ২০ নৱেম্বৰ : সৰ্ব হিন্দুস্তানী যুৱ পৰিষদ অসমৰ এখন সভা দেওবাৰে বৰপেটা ৰোডৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *