Tuesday , December 11 2018
শেহতীয়া খবৰ
Home / ৰাজনীতি / ভোটাৰ ৰাইজক ধন্যবাদ ৰাজ্যিক বিজেপিৰ

ভোটাৰ ৰাইজক ধন্যবাদ ৰাজ্যিক বিজেপিৰ

 

ষ্টাফৰিপৰ্টাৰ, ৬ ডিচেম্বৰ, প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত ব্যাপক সঁহাৰিৰ বাবে ভোটাৰ ৰাইজক ধন্যবাদ জনালে ৰাজ্যিক বিজেপিয়ে। চৰকাৰৰ ওপৰত ৰাইজৰ আস্থা আৰু বিশ্বাস থকাৰ বাবেই অভিলেখসংখ্যক ভোটাধিকাৰ সাব্যস্ত হৈছে বুলি মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীৰ। দুৰ্নীতিমুক্ত পঞ্চায়ত গঠনৰ শ্লোগান লৈ এইবাৰ ৰাইজৰ কাষলৈ গৈছিল বিজেপি। ৰিপুণ বৰাক তীব্ৰ সমালোচনা কৰি গোস্বামীয়ে কয় – “তিহাৰ ফেৰৎ ৰিপুণ বৰাৰ ন্যূনতম জ্ঞান নাই। নিৰ্বাচনত খেলিমেলিৰ বাবে ৰিপুণ বৰাই মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছিল। নিৰ্বাচন মুখ্যমন্ত্ৰীয়ে নচলায়, নিৰ্বাচন আয়োগেহে চলায় বুলিও কটাক্ষ ৰিপুণ বৰাক। “অগপক বিশ্বাসঘাতক দল আখ্যা ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীৰ।

About Staff Reporter

চাব পাৰে

১৩ ডিচেম্বৰত মিত্ৰতা সন্দৰ্ভত আলোচনাত বহিব বিজেপি

ষ্টাফৰিপৰ্টাৰ, ১০ ডিচেম্বৰ, ’-১৩ ডিচেম্বৰত মিত্ৰতা সন্দৰ্ভত আলোচনাত বহিব বিজেপি এই কথা সংবাদমেলযোগে জনালে ৰঞ্জিত …

Leave a Reply

Your email address will not be published. Required fields are marked *