Tuesday , September 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ভোটিং বিহেভিয়াৰ আৰু জনগাঠনি পৰিৱৰ্তনৰ বাবে অগপ হাৰিল# অতুল বৰা

ভোটিং বিহেভিয়াৰ আৰু জনগাঠনি পৰিৱৰ্তনৰ বাবে অগপ হাৰিল# অতুল বৰা

ভোটিং বিহেভিয়াৰ আৰু জনগাঠনি পৰিৱৰ্তনৰ বাবে অগপ হাৰিল# অতুল বৰা

কাজিৰঙা ২৩ মেঃ “ভোটিং বিহেভিয়াৰ আৰু জনগাঠনি পৰিৱৰ্তনৰ বাবেই কলিয়াবৰত মিত্ৰজোটৰ প্ৰাৰ্থীৰ পৰাজয় হল ৷ একেই হল বৰপেটা আৰু ধুবুৰীটো ৷ দেৰগাঁও,সৰুপথাৰ,খুমটাই,বোকাখাত,কলিয়াবৰত অধিক ভোট পোৱাৰ পাছতো বাকী সমষ্টিত কংগ্ৰেছে একচেটিয়াকৈ ভোট লাভ কৰিবলৈ সক্ষম হল ৷ যি তিনিখন আসনত অগপই প্ৰতিদ্বন্দিতা কৰিছিল সেই আসন কেইখন পূৰ্বতো শাসকীয় দলৰ হাতত নাছিল ৷ তথাপিও জনতাৰ ৰায় আমি মানি লৈছো ৷” আজি লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত বোকাখাতত সাংবাদিকৰ আগত এই মন্তব্য কৰে অগপৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাই ৷ বৰাই লগতে কয় যে,কেন্দ্ৰত মিত্ৰজোটৰ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে ৷ নিঃসন্দেহে মিত্ৰজোটৰ অংশীদাৰ হিচাপে আমিও গৌৰৱবোধ কৰো ৷ নৰেন্দ্ৰ মোডিৰ উন্নয়ণৰ ধাৰাৰ বাবেই পুনৰ জনতাই কেন্দ্ৰত শাসনৰ বাঘজৰী তুলি দিছে ৷ অসমৰ পৰা লোকসভাত অগপৰ প্ৰতিনিধি শূন্য হোৱাৰ পাছত দলে কি কৰিব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা অতুল বৰা বিৰত থাকে ৷ পোনে পোনে অতুল বৰাই বোকাখাত মণ্ডল বিজেপিৰ কাৰ্যালয়লৈ গৈ বিজেপি দলৰ কৰ্মী সকলক সাক্ষাৎ কৰি গুৱাহাটী অভিমুখে ৰাওনা হয় ৷ কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বোকাখাত বিধান সভা সমষ্টিত মিত্ৰজোটৰ প্ৰাৰ্থী মনিমাধৱ মহন্তই ৭২,৪১৬ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ গৌৰৱ গগৈয়ে ৩০,৪১৬ টা ভোট লাভ কৰে ৷ বোকাখাততেই মিত্ৰজোটৰ প্ৰাৰ্থী মনিমাধৱ মহন্তই সৰ্বাধিক ভোট লাভ কৰে ৷

About Staff Reporter

চাব পাৰে

পুনৰ শিৰোণামাত চুপাৰি ট্ৰাক , এইবাৰ আৰক্ষীক খুন্দিয়াই নিহত কৰিলে

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চুপাৰী ভৰ্তি ট্ৰাকে মহতিয়ালে আৰক্ষী কনিষ্টবলক থিতাতে নিহত …

Leave a Reply

Your email address will not be published. Required fields are marked *