Sunday , December 15 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ভৰ দুপৰীয়া ডাষ্টবিনত জাবৰ খােচৰা পৰ্ব আৰম্ভ ডিব্ৰুগড় পৌৰসভাৰ

ভৰ দুপৰীয়া ডাষ্টবিনত জাবৰ খােচৰা পৰ্ব আৰম্ভ ডিব্ৰুগড় পৌৰসভাৰ

ভৰ দুপৰীয়া ডাষ্টবিনত জাবৰ খােচৰা পৰ্ব আৰম্ভ ডিব্ৰুগড় পৌৰসভাৰ

চাবুৱাঃ ৪ ডিচেম্বৰঃ ব্যস্ততা পূর্ণ পথৰ কাষত যানবাহন আবদ্ধ কৰি ডিব্ৰুগড় পৌৰসভাই পুনৰ আৰম্ভ কৰিছে ডাষ্টবিন খােচৰাৰ কাম। কিছুদিন পূর্বে জিলা উপায়ুক্ত পল্লৱ গোপাল যাই ডিব্ৰুগড় নগৰত থকা ডাষ্টবিনসমূহত জাবৰ নিষ্কাশনৰ কাম পুৱা ৬ বজাৰ পূৰ্বে আৰু নিশা ৮ বজাৰ পাছত চাফা কৰাৰ নির্দেশনা জাৰি কৰিছিল। দুর্ভাগ্যৰ বিষয় যে ডিব্ৰুগড় পৌৰসভাই দুদিনীয়া চমক দেখুৱাই আজি পুনৰ ভৰ দুপৰীয়া পৌৰকৰ্মীয়ে মানক পথৰ আৰক্ষী নিৱেশৰ সম্মুখত থকা ডাষ্টবিনটো চাফা কৰে। ডাষ্টবিন চাফা কৰাৰ সময়ত উক্ত পথ চোৱাত তীব্র যানজট সৃষ্টি হোৱা ৰ লগতে সেই স্থানে এক দুর্গন্ধময় পৰিৱেশ বিৰাজ কৰে। লক্ষণীয় যে যি সময়ত পৌৰসভা। প্ৰশাসনে নির্ধাৰিত কৰি দিয়া সময়ত কোনাে ব্যক্তি বিশেষ অথবা প্ৰতিষ্ঠানে জাবৰ নিক্ষেপ কৰিলে জৰিমনা বিহি শাস্তি প্রদানৰ ব্যৱস্থা কৰিছে, ঠিক তেনে সময়ত পৌৰবাসীয়ে ডাস্টবিন চাফা কৰাটো কিমান দূৰ যুক্তিসংগত। এই বিষয়ক লৈ চহৰখনত তুমুল প্রতিক্রিয়াৰ সৃষ্টি হৈছে।পৌৰসভাৰ এনে কাণ্ড নিয়মিতভাৱে হ’বলৈ ল’লে ডিব্ৰুগড় চহৰ যে পুনৰ লেতেৰা চহৰ হিচাপে খ্যাতি লাভ কৰিব সেয়া ধুৰূপ।

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *