Thursday , December 12 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / “ভৱানীপুৰত কাতিমহীয়া নাম সম্পন্ন”

“ভৱানীপুৰত কাতিমহীয়া নাম সম্পন্ন”

ভক্তিৰসত বিলীন হৰিপুৰবাসী ৰাইজ

“ভৱানীপুৰত কাতিমহীয়া নাম সম্পন্ন”

সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৭ নৱেম্বৰঃ আজি ভক্তিৰসত বিলীন হ’ল হৰিপুৰবাসী ৰাইজৰ লগতে ভিন্ন স্থানৰ পৰা অহা অগনন ভক্তপ্ৰাণ ৰাইজ। বৰপেটা জিলাৰ ভৱানীপুৰৰ নৱমিলন থিয় নামদলৰ উদ্যোগত আৰু অবিভক্ত হৰিপুৰবাসী ৰাইজৰ সহযোগত হৰিপুৰ নামঘৰ প্ৰাঙ্গণত আজি অনুষ্ঠিত হোৱা পঞ্চম বাৰ্ষিক কাতিমহীয়া নামভাগিৰ সফল পৰিসমপ্তি ঘটে। পুৱাৰ ভাগৰেই পৰা নাম-প্ৰসঙ্গ, ভাগৱত পাঠ আদিৰে আৰম্ভ হোৱা আজিৰ এই কাতিমহীয়া নামভাগিত ভিন্ন ঠাইৰ ভক্তৰ আগমন ঘটে। আবেলি পৰত স্থানীয় আয়তীৰ দ্বাৰা নাম-কীৰ্তনেৰে মুখৰিত হয় হৰিপুৰ নামঘৰ বাকৰি। গধূলি হৰিপুৰবাসী ৰাইজৰ প্ৰতিঘৰৰে পদূলি অগনন মাটিৰ চাঁকিৰে উজ্জ্বল উঠে আৰু নিশা আমন্ত্ৰিত নামদলৰ দ্বাৰা নাম পৰিৱেশন কৰা হয়।

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *