Sunday , December 15 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ভৱানীপুৰত পুনৰ আত্মহত্যা “মেধাৱী ছাত্ৰীয়ে ল’লে ছিপ”

ভৱানীপুৰত পুনৰ আত্মহত্যা “মেধাৱী ছাত্ৰীয়ে ল’লে ছিপ”

ভৱানীপুৰত পুনৰ আত্মহত্যা
“মেধাৱী ছাত্ৰীয়ে ল’লে ছিপ”

সঞ্জীৱ দাস, ভৱানীপুৰ, ২ ডিচেম্বৰঃ চলিত বৰ্ষৰ যোৱা দুমাহ ধৰি বৰপেটা জিলাৰ ভৱানীপুৰত চলিছে মাথোঁ আত্মহত্যাৰ বাতৰি। এটাৰ পাছত আনটোৰ আত্মহত্যাৰ বতৰাই এতিয়া ভৱানীপুৰীয়া ৰাইজক চিন্তাত পেলাইছে। কত কত যে কোমল বয়সীয়া সন্তানক নিজৰ আত্মীয়স্বজনে এই দুটা মাহত হেৰুৱালে। কালি সন্ধিয়া পুনৰ এক আত্মহত্যাৰ বতৰাই শিহৰণকাৰী পৰিৱেশৰ সৃষ্টি কৰিছে ভৱানীপুৰবাসীৰ মাজত। এইবাৰ আত্মহত্যাৰ পথ বাছি ল’লে ভৱানীপুৰ অঞ্চলৰ মেধাৱী ছাত্ৰী বেবী শিখা ডেকাই। ভৱানীপুৰ হৰিপুৰৰ নিবাসী কুমাৰ কৃষ্ণ ডেকাৰ তৃতীয় কন্যা ভৱানীপুৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত অধ্যয়নৰত দশম শ্ৰেণীৰ মেধাৱী ছাত্ৰী তথা আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া বেবী শিখা ডেকা (১৫) ই দেওবাৰে সন্ধিয়া নিজৰ পঢ়া কোঠালিত ঘৰৰ সদস্যসমূহ ব্যস্ত থকাৰ সুযোগ লৈ ছিপ লৈ আত্মহত্যা কৰে। উক্ত খবৰ পোৱাৰ পাছত ভৱানীপুৰীয়া ৰাইজৰ মাজত শোকৰ ছাঁ বিয়পি পৰে। ইমান কম বয়সৰ ছোৱালীজনীয়ে এই পথ কি কাৰণত বাছি ল’লে ইয়াৰ সন্ধান এতিয়ালৈকে কোনেও উলিয়াব পৰা নাই।

About Staff Reporter

চাব পাৰে

ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক

*ৰঙিয়া ছাত্ৰ সন্থাৰ আদালতে ফাঁচী কাঠত ওলোমালে দুই শীৰ্ষ নেতাক* প্ৰতিবেদক, ৰঙিয়া , ১০ ডিচেম্বৰঃ …

Leave a Reply

Your email address will not be published. Required fields are marked *