Friday , October 18 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ আৰু ২১ আহিন (৭, ৮ আৰু ৯ অক্টোৱৰ, ২০১৯ ইং) তাৰিখ সোমবাৰ, মঙ্গলবাৰ আৰু বুধবাৰে বৰপেটা জিলাৰ ভৱানীপুৰ সত্ৰ প্ৰাঙ্গণত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে উদযাপন কৰিবলৈ ওলাইছে ৫৭১ সংখ্যক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোত্সৱভাগি। ভৱানীপুৰ সত্ৰৰ ৫৭১ সংখ্যক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোত্সৱ উদযাপন সমিতিৰ মুখ্য সম্পাদক নৱ কুমাৰ ভৰালীয়ে জনোৱা মতে, অহা ১৯ আহিনৰ পুৱা ৮ বজাত ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সন্থা, কালীবাৰী অৰগেনিক কৃষি ফাৰ্ম আৰু ভৱানীপুৰ অৰগেনিক কৃষি ফাৰ্মৰ উদ্যোগত চাফাই অভিযান, পুৱা ৯ বজাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ভৱানীপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত গছপুলি ৰোপণ, আবেলি ৩ বজাৰ পৰা প্ৰাইজমানী ঘোষানাম প্ৰতিযোগিতা, সন্ধিয়া ৬ বজাৰ পৰা প্ৰাইজমানী সত্ৰীয়া নৃত্য প্ৰতিযোগিতা, সন্ধিয়া ৭ বজাত বন্তি প্ৰজ্বলন। ২০ আহিনৰ পুৱা ঊষা কীৰ্ত্তন, পুৱা ৭ বজাত ভাগৱত ভ্ৰমণ, পুৱা ১০ বজাত ভাগৱত পাঠ, আবেলি ৩ বজাত “শংকৰদেৱৰ বাল্য জীৱন’’ৰ ওপৰত হাইস্কুল পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বক্তৃতা প্ৰতিযোগিতা, আবেলি ৪ বজাত মুকলি সভা আৰু বঁটা বিতৰণী সভা। ২১ আহিনৰ সন্ধিয়া ৫ বজাত নাম সমাৰোহ। উক্ত দিনৰ সমূহ কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগিতা কামনা কৰিছে উদ্যোক্তাই।

About Staff Reporter

চাব পাৰে

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা

জামুগুৰিহাটত ড০ দিলীপ কুমাৰ দত্তৰ স্মৃতি চাৰণ সভা অসমীয়া সাহিত্য সন্মিলনীৰ সপ্তম প্ৰতিষ্ঠা দিৱসৰ উদ্ …

Leave a Reply

Your email address will not be published. Required fields are marked *