Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / মঙলবাৰে সন্ধিয়া ৬ বজাৰ পৰা অসমত তলা বন্ধ

মঙলবাৰে সন্ধিয়া ৬ বজাৰ পৰা অসমত তলা বন্ধ

 

ষ্টাফৰিপোৰ্টাৰ, ২৪ মাৰ্চ :: মঙলবাৰে সন্ধিয়া ৬ বজাৰ পৰা অসমত তলা বন্ধ কৰা হৈছে। এই সময়ছোৱাত
কি কি মানি চলিব লাগিব ? এই প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
*** ২৪ মাৰ্চৰ সন্ধিয়া ৬ বজাৰ পৰা ৩১ মার্চৰ মাজনিশালৈ ৰাজ্যত বন্ধ ঘােষণা ।

** সকলাে চৰকাৰী আৰু বেচৰকাৰী কার্যালয় বন্ধ থাকিব ।

** ব্যক্তিগত / বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব ।

** অত্যাৱশ্যকীয় কামৰ ক্ষেত্ৰতহে কোনাে লােক ঘৰৰ বাহিৰলৈ ওলাব পাৰিব ।

** এই সময়ছােৱাত ফার্মাচী , গেলামালৰ দোকান , এ টি এম আৰু পেট্রলপাম্প খােলা থাকিব ।

** ট্রেজাৰী , বেংক , চৰকাৰী কার্যালয়সমূহ কমসংখ্যক কর্মচাৰীৰে বিত্তীয় লেনদেনৰ কামৰ বাবে খােলা থাকিব ।

** নিয়ম ভংগকাৰীসকলক ছয় মাহৰ পৰা দুইবছৰলৈ কাৰাদণ্ড বিহাৰ ব্যৱস্থা ।

** অত্যাৱশ্যকীয় সামগ্রী পৰিবহণৰ বাবে ঘৰুৱা বিমান সেৱা কার্যক্ষম হৈ থাকিব ।

** ধার্মিক অনুষ্ঠানসমূহৰ দৈনন্দিন ৰীতিসমূহ পালনৰ বাবে । তিনিজনতকৈ বেছি লােক আহিব নােৱাৰিব ।
========

#লকডাউনৰ পৰা কোনে পাব ৰেহাই?
————————————————–
** আইন – শৃংখলা , আদালত , সংশােধনী সেৱা ।

** স্বাস্থ্য সেৱা আৰু এই সেৱাৰ লগত জড়িত যাতায়াত সেৱাৰ ব্যক্তিসকল ।

** আৰক্ষী , সশস্ত্র বাহিনী আৰু অর্ধসামৰিক বাহিনী ।

** বিদ্যুৎ , পানী , পৌৰ নিগম নিকাই / সংৰক্ষণ সেৱা ।

** অগ্নিনির্বাপণ , অসামৰিক প্ৰতিৰক্ষা আৰু জৰুৰী সেৱা ।

** তথ্য আৰু জনসংযােগ বিভাগ , অসম ।

** ‘ ছ পা আৰু ইলেক্ট্রনিক মাধ্যম ।

** ভাৰতীয় তেল নিগম আৰু অ এন জি চিৰ অত্যাৱশ্যকীয় কার্য ।

** টেলিকম , ইণ্টাৰনেট , তথ্য প্রযুক্তি আৰু ডাক সেৱা ।

** বেংক আৰু এটিএম ।

**সীমিত কর্মচাৰীৰে চৰকাৰী কোষাগাৰ ।
===
** কোষাগাৰৰ বিল ক্লিয়াৰিঙৰ সৈতে জড়িত চৰকাৰী বিভাগসমূহৰ বিষয়াবর্গ । অৱশ্যে এই ক্ষেত্ৰতাে সীমিত কর্মচাৰীৰ ব্যৱস্থা ।

** বিত্ত বিভাগে খােলা ৰাখিবলৈ নির্দেশ দিয়া কার্যালয়সমূহ অৱশ্যে বিত্তীয় লেনদেন সমাপ্ত হােৱাৰ পাছত বন্ধ কৰা হ ‘ ব সেই কার্যালয়সমূহ ।

** বিমানবন্দৰ কর্মক্ষেত্রলৈ কৰ্মচাৰী অনা – নিয়া কৰিবলৈ ব্যৱহৃত যান – বাহন / কেব ৷

** কর্তৃত্বশীল বিষয়াৰ ব্যৱহাৰৰ বাবে অনুমােদনপ্রাপ্ত যানবাহন ।

** ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ খাদ্যকে ধৰি অত্যাৱশ্যকীয় খাদ্য , গেলামাল দোকান ( সীমিত কর্মচাৰী ) , সেই সামগ্রী মজুতকৰণ আৰু পৰিবহণৰ কামত ব্যৱহৃত বাহন ।

** পেট্রলপাম্প , তেল এজেঞ্চী , এলপিজি এজেঞ্চী , সেইবােৰৰ ভঁৰাল আৰু পৰিবহণ ।

** ফার্মাচী , ফার্মাচিউটিকেল / চার্জিকেল মেনুফেক্সাৰিং আৰু সেইবােৰৰ | পৰিবহণ / যিকোনােধৰণৰ মেডিকেল / চার্জিকেল যােগান যেনে চিকিৎসালয়ৰ বাবে প্রয়ােজনীয় অক্সিজেন ।

** অবিৰতভাৱে চলাই ৰাখিবলগীয়া উৎপাদন কেন্দ্রসমূহে সংশ্লিষ্ট জিলা দণ্ডাধীশৰ অনুমতি সাপেক্ষে ৰেহাই পাব । অৱশ্যে এই ক্ষেত্রতে সংশ্লিষ্ট উৎপাদন গােটৰ বাবে সীমিত কর্মচাৰীহে প্রযােজ্য হ ‘ ব ।

** অত্যাৱশ্যকীয় সমগ্ৰীৰ উৎপাদন গােট / হস্পিতাল ছাপ্লাই , ৰাজহুৱা সুৰক্ষা আৰু পৰিচ্ছন্নতাৰ সামগ্রী উৎপাদনৰ সৈতে জড়িত উদ্যোগকেন্দ্র ।

** চৰকাৰে ৰেহাই দিব পৰা আন যিকোনাে ধৰণৰ অত্যাৱশ্যকীয় সেৱা/ বিভাগ ।

About Staff Reporter

চাব পাৰে

ত্ৰিপুৰাত ধৰা পৰিল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী*

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : ত্ৰিপুৰাতো ওলাল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *