Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / মটৰ পৰিবহন সন্থাৰ সৈতে জিলা উপায়ুক্তৰ বৈঠক

মটৰ পৰিবহন সন্থাৰ সৈতে জিলা উপায়ুক্তৰ বৈঠক

মটৰ পৰিবহন সন্থাৰ সৈতে জিলা উপায়ুক্তৰ বৈঠ : গোলাঘাট ২৩ মাৰ্চ : সমাগত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি অংশ হিচাপে কালি সন্মিলিত মটৰ পৰিবহন সন্থা গোলাঘাটৰ বিষয়-ববীয়াৰ সৈতে গোলাঘাটৰ জিলা উপায়ুক্ত ধীৰেণ হাজৰিকা এক বৈঠকত মিলিত হ’য়। আগন্তুক নিৰ্বাচন ত সন্থাৰ পৰা সম্পূৰ্ণ সহযোগিতা বিচাৰি অনুষ্ঠিত হোৱা সভাখনত সন্থাৰ সভাপতি পূৰ্ণ ৰাজখোৱা ই সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিওঁ বিগত সময়ত প্ৰশাসন ক সকলো সময়তে সহায়-সহযোগ কৰি অহাৰ লগতে পূৰ্বৰ নিৰ্বাচন ত বহু পাবলগীয়া ধন আদায় নোপোৱাত অসুবিধা হোৱা বুলি উল্লেখ কৰে।অৱশ্যে নৱ নিযুক্ত উপায়ুক্ত গৰাকীয়ে অচিৰেই সকলো গাড়ী ৰ মালিকে অনাদায় ধনৰাশি লাভ কৰিব আৰু অন্যান্য অসুবিধাসমূহ আঁতৰ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। উক্ত সভাখনত উপায়ুক্ত গৰাকীক সংগ দিয়ে অতিৰিক্ত উপায়ুক্ত ধীৰাজ দাস,সহকাৰী আয়ুক্ত ড০ টিংকুমনি বৰাকে প্ৰমুখ্যে কৰি বহু কেইজন বিষয়াই।

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *