Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / মথুৰা কাকতি আৰু ইক্ৰাম আলী সোঁৱৰণী ফুটবলত কমলপুৰ ষ্টাৰ ক্লাৱ চেম্পিয়ন

মথুৰা কাকতি আৰু ইক্ৰাম আলী সোঁৱৰণী ফুটবলত কমলপুৰ ষ্টাৰ ক্লাৱ চেম্পিয়ন

*মথুৰা কাকতি আৰু ইক্ৰাম আলী সোঁৱৰণী ফুটবলত কমলপুৰ ষ্টাৰ ক্লাৱ চেম্পিয়ন*

প্ৰতিবেদক, ৰঙিয়া, ১০ নৱেম্বৰ :

দ্বিগুনপাৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত স্থানীয় ৰাজহুৱা খেল পথাৰত চলি থকা স্বৰ্গীয় মথুৰা কাকতি আৰু ইক্ৰাম আলী সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি ফাইনেল খেলখন অনুষ্ঠিত হয়। কমলপুৰ ষ্টাৰ ক্লাৱ আৰু পশ্চিম মঙ্গলদৈ এফ চি মাজৰ তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত আৰম্ভণিৰে পৰাই দুয়োটা দলে তুমুল প্ৰত্যাহ্বান জনায় যদিও কমলপুৰ ষ্টাৰ ক্লাৱৰ কৰ্ণ টুমুঙে এটি বিজয়সূচক গ’ল দি ফাইনেলৰ চেম্পিয়ন খিতাপ নিশ্চিত কৰে। খেলখন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদ, বাহাৰুল ইছলাম, আনচাৰ উদ্দিন আহমেদ আৰু দুৰ্গেশ্বৰ চৌধুৰীয়ে ।ফাইনেল খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে কমলপুৰ ষ্টাৰ ক্লাৱৰ কৰ্ণ টুমুঙে।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

About Staff Reporter

চাব পাৰে

চিংগাপুৰত অনুষ্ঠিত হৈ থকা ফাইনা ৱাটাৰ পল চেলেঞ্জাৰ্চ কাপত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোৰ দৃশ্য, সুখৱৰটো এয়াই যে এই দলটোত টীম মেনেজাৰ হিচাপে আছে অসমৰ বিশিষ্ট ক্ৰীড়া সংগঠক ভাস্কৰ দাস

চিংগাপুৰত অনুষ্ঠিত হৈ থকা ফাইনা ৱাটাৰ পল চেলেঞ্জাৰ্চ কাপত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোৰ দৃশ্য, সুখৱৰটো …

Leave a Reply

Your email address will not be published. Required fields are marked *