Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / মধুৰা কাকতি আৰু ইক্ৰাম আলী সোঁৱৰণী ফুটবল

মধুৰা কাকতি আৰু ইক্ৰাম আলী সোঁৱৰণী ফুটবল

**মধুৰা কাকতি আৰু ইক্ৰাম আলী সোঁৱৰণী ফুটবল*
*ফাইনেলত কমলপুৰ ষ্টাৰ ক্লাৱ আৰু মঙ্গলদৈ এফ চি**

প্ৰতিবেদক, ৰঙিয়া , ৮ নৱেম্বৰ ঃ দ্বিগুনপাৰ আঞ্চলিক ক্ৰীড়া় সন্থাৰ উদ্যোগত স্থানীয় ৰাজহুৱা খেল পথাৰত চলি থকা স্বৰ্গীয় মথুৰা কাকতি আৰু ইক্ৰাম আলী সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত আজি গুৱাহাটী চান্দমাৰী এফ চি আৰু কমলপুৰ ষ্টাৰ ক্লাৱৰ মাজত অন্তিমখন ছেমিফাইনেল খেল অনুষ্ঠিত হয় ।তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত আৰম্ভণিৰে পৰাই দুয়োটা দলে প্ৰত্যাহ্বান জনায় যদিও শেষৰ তিনি মিনিটত কমলপুৰ ষ্টাৰ ক্লাৱৰ বিনয় ডেকাই বিজয়সূচক গ’লটো দি ফাইনেলত স্থান নিশ্চিত কৰে। খেলখন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদ, বাহাৰুল ইছলাম আৰু ৰিজুল হক চৌধুৰীয়ে ।উল্লেখ্য যে অহা ১০ নৱেম্বৰ ৰবিবাৰে মঙ্গলদৈ এফ চিয়ে কমলপুৰ ষ্টাৰ ক্লাৱৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে খেল পৰিচালনা সমিতিৰ সভাপতি তৰুন কাকতি, সম্পাদক অতুল ব্ৰ্ৰহ্ময়ে।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।ৰঙিয়া ।

About Staff Reporter

চাব পাৰে

শ্ৰদ্ধাঞ্জলি

আজি ইং 18-11-19 তাৰিখ সোমবাৰে গড়পোট শ্ৰী শ্ৰী জগদ্ধাত্রী পূজা মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন …

Leave a Reply

Your email address will not be published. Required fields are marked *