Thursday , December 12 2019
শেহতীয়া খবৰ
Home / ক্ৰীড়া / মধ্য কামৰূপ ফুটবলত আৰ এম এফ চি ফাইনেলত

মধ্য কামৰূপ ফুটবলত আৰ এম এফ চি ফাইনেলত

*মধ্য কামৰূপ ফুটবলত আৰ এম এফ চি ফাইনেলত*

প্ৰতিবেদক, ৰঙিয়া , ১৭ নৱেম্বৰ :
মধ্য কামৰূপ ক্ৰীড়া সন্থাৰ সৌজন্যত পানীটেমা সাতগাওঁ মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰত চলি থকা স্বৰ্গীয় মাধৱ চন্দ্ৰ কলিতা, চণ্ডিকা কলিতা আৰু ৰাজীৱ কলিতা সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজিৰ দ্বিতীয় ছেমিফাইনেলত আৰ এম এফ চিয়ে মলং জনজাতি ফুটবল ক্লাবক ২ —০ গ’লত পৰাস্ত কৰে।খেলৰ আৰম্ভণিতে উদ্বোধনী কৰে পানীটেমাৰ যুৱ ব্যৱসায়ী ভূপেন ঠাকুৰীয়া আৰু পানীটেমা সাতগাওঁ আঞ্চলিক হাইস্কুলৰ কৰ্মচাৰী সতীশ বৰ্মনে ।খেলখন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদ,সতীশ ডেকা, বাহাৰুল ইছলাম আৰু ভৰত কলিতাই।অহা ২৪ নৱেম্বৰ ৰবিবাৰৰ ফাইনেলত আৰ.এম এফ চি উত্তৰ গুৱাহাটীয়ে বৰেজানী ৰাইজিং ষ্টাৰ ক্লাৱৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে খেল পৰিচালনা সমিতিৰ সভাপতি বাবুল ডেকা আৰু সম্পাদক মনিৰাম কলিতাই ।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।

About Staff Reporter

চাব পাৰে

গোলাঘাটত আন্ত ক্লাব ভলীবল প্ৰতিযোগিতা

গোলাঘাটত আন্ত ক্লাব ভলীবল প্ৰতিযোগিতা : গোলাঘাট ,১৯ নৱেম্বৰ : অহা ইংৰাজী ২৩ আৰু ২৪ …

Leave a Reply

Your email address will not be published. Required fields are marked *