Friday , April 3 2020
শেহতীয়া খবৰ
Home / ক্ৰীড়া / মধ্য কামৰূপ ফুটবলত মলং এফ চি ছেমিফাইনেলত

মধ্য কামৰূপ ফুটবলত মলং এফ চি ছেমিফাইনেলত

*মধ্য কামৰূপ ফুটবলত মলং এফ চি ছেমিফাইনেলত*

প্ৰতিবেদক, ৰঙিয়া, ৩ নৱেম্বৰ :
মধ্য কামৰূপ ক্ৰীড়া সন্থাৰ সৌজন্যত পানীটেমা সাতগাওঁ মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰত চলি থকা স্বৰ্গীয় মাধৱ চন্দ্ৰ কলিতা, চণ্ডিকা কলিতা আৰু ৰাজীৱ কলিতা সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজিৰ দ্বিতীয় কোৱাৰ্টাৰ ফাইনেলত মলং এফ চিয়ে অসুৰা কাহিবাৰী ক্লাৱক ৫—২ গ’লত পৰাস্ত কৰে। খেলখন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদ, আনচাৰ আলী, শ্ৰীকান্ত দাস, আৰু ভৰত কলিতাই।পৰৱৰ্ত্তী তৃতীয় কোৱাৰ্টাৰ ফাইনেল খন অহা ৯ নৱেম্বৰত অনুষ্ঠিত হব বুলি জানিবলৈ দিয়ে খেল পৰিচালনা সমিতিৰ সভাপতি বাবুল ডেকা আৰু সম্পাদক মনিৰাম কলিতাই ।
প্ৰেৰক, পহৰেদ আলী আহমেদ ।

About Staff Reporter

চাব পাৰে

পাৱাৰ লিফটিঙত সুখ্যাতি অসমৰ মহিলাৰ

  ষ্টাফৰিপৰ্টাৰ, ৩ নৱেম্বৰ : পাৱাৰ লিফটিঙত সুখ্যাতি অসমৰ মহিলাৰ। অসমৰ দুই মহিলা পাৱাৰ লিফটাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *