Thursday , September 19 2019
শেহতীয়া খবৰ
Home / চিত্ৰ-সংবাদ / মনিপুৰী সংগীত পৰিচালকৰ ৰূপত অসমৰ প্ৰচাৰ বিমুখ প্ৰতিভাবান যুৱ বাদ্যশিল্পী দ্বীজেন বৈশ্য

মনিপুৰী সংগীত পৰিচালকৰ ৰূপত অসমৰ প্ৰচাৰ বিমুখ প্ৰতিভাবান যুৱ বাদ্যশিল্পী দ্বীজেন বৈশ্য

মনিপুৰী সংগীত পৰিচালকৰ ৰূপত অসমৰ প্ৰচাৰ বিমুখ প্ৰতিভাবান যুৱ বাদ্যশিল্পী দ্বীজেন বৈশ্য।

পঙ্কজ নাথ, চাংসাৰি, ২ মে :

গুৱাহাটীৰ পাঞ্জাবাৰী কৃষ্ণনগৰৰ নিবাসী দ্বীজেন বৈশ্য হৈছে প্ৰচাৰ বিমুখ এগৰাকী প্ৰতিভাবান যুৱ বাদ্যযন্ত্ৰ শিল্পী। প্ৰয়াত অচ্যুত চন্দ্ৰ বৈশ্যৰ কনিষ্ঠ পুত্ৰ দ্বীজেনে শৈশৱৰ পৰাই ঘৰত পাইছিল সংগীতৰ পৰিৱেশ। তেওঁৰ জেষ্ঠ ভাতৃ মুনিন্দ্ৰ বৈশ্যও এজন ভাল বাদ্যযন্ত্ৰী। প্ৰথমে বিশিষ্ট গিটাৰ বাদক প্ৰশিক্ষক হাইদৰ আলীৰ ওচৰত তেখেতে প্ৰশিক্ষণ আৰম্ভ কৰিছিল আৰু ইয়াৰ পিছত লক্ষ্ণৌৰ ভাটখাণ্ডে বিশ্ববিদ্যালয়ৰ পৰা তেওঁ স্পেনিছ গিটাৰত ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছতে তেওঁ সংগীতকে পেছা হিচাপে গ্ৰহণ কৰি লয়। শিল্পী গৰাকীয়ে হাইদৰ আলী, অনিৰুদ্ধ বৰুৱা আৰু এৰিক ক্লিপটনক আদৰ্শ হিচাপে লৈ সংগীত সাধনাত ব্ৰতী হৈ আহিছে যদিও তেওঁ সম্পূৰ্ণৰূপে প্ৰচাৰৰ পৰা দুৰ হৈ আহিছে । তেও অসমীয়া সংগীততে আবদ্ধ নাথাকি বৰ্তমান নতুনকৈ ১৫ টা মান মনিপুৰী বিষ্ণুপুৰী সংগীতটো সংগীত পৰিচালক হিচাপে কাম কৰিবলৈ লৈছে। প্ৰতিভাবান শিল্পী দ্বীজেন বৈশ্য প্ৰচাৰ বিমুখ হোৱা হেতুকে শিল্পী গৰকীৰ প্ৰতিভা থকাৰ পিছতো ৰাইজৰ মাজত জনপ্ৰিয়তা অথবা প্ৰাপ্য সমাদৰ সন্মানৰ পৰা বঞ্চিত হৈ আছে। এনে এজন প্ৰতিভাবান শিল্পীক ৰাইজে চিনি পোৱা দৰকাৰ। এই প্ৰতিভাবান শিল্পী সকল ৰাইজৰ মাজত প্ৰতিষ্ঠিত হলেহে অসমীয়া সংস্কৃতিৰ ধ্বজাখন শিখৰত উৰুৱাই ৰাখিবলৈ নতুনচামৰ শিল্পীসকলো আগুৱাই আহিব।

About Staff Reporter

চাব পাৰে

নৰ্থ ইষ্ট ফিল্ম ইনষ্টিটিউটৰ শুভাৰম্ভ

  ষ্টাফ ৰিপোৰ্টাৰ,,,,৫ আগষ্ট।।। নৰ্থ ইষ্ট ফিল্ম ইনষ্টিটিউট(এন ই এফ আই) প্ৰতিষ্ঠানটো সোমবাৰে কটন বিশ্ববিদ্যালয়ৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *