ষ্টাফ ৰিপোৰ্টাৰ,, ২ এপ্ৰিল।,কোকৰাঝাৰত মনোনয়ন দাখিল কৰিলে বৰ্তমানৰ সাংসদ নৱ শৰণীয়াই। সমৰ্থকক লগত লৈ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দাখিল কৰিলে। বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়েও সংগ দিলে শৰণীয়াক। ‘পুনৰবাৰ ময়েই জয়ী হ’ম, বিপুল ভোটত কোকৰাঝাৰৰ পৰা জয়লাভ কৰিম, বিজেপি-BPF-এ প্ৰতিশ্ৰুতি পূৰণত বিফল হৈছে যাৰ বাবে মোহভংগ ঘটিছে সাধাৰণ ৰাইজৰ।’– এই বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে।