Tuesday , September 17 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশনা অসাৰ তিনিচুকীয়া জিলা উপায়ুক্তৰ ডিৰাক চোমনি মথাউৰি পৰিদৰ্শন

মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশনা অসাৰ তিনিচুকীয়া জিলা উপায়ুক্তৰ ডিৰাক চোমনি মথাউৰি পৰিদৰ্শন

কাকপথাৰ ১৪ জুন : : তিনিচুকীয়া জিলাৰ অন্যতম এটা প্ৰধান সমস্যা হৈছে ডিৰাক চোমনি মথাউৰি ৷ আৰু এই মথাউৰিটো পৰিদৰ্শন কৰিবলৈ আহি উপস্থিত হয়হি জিলা খনৰ উপায়ুক্ত ঐৰাম চৰণ কুমাৰ সিঙে ৷ উপায়ুক্ত গৰাকীৰ লগতে জলসম্পদ বিভাগৰ বিষয়া, অভিযন্তা, কাকপথাৰ উন্নয়ন খণ্ডৰ বিষয়াক লগত লৈ মথাউৰিটোৰ বিভিন্ন চেক গেট পৰিদৰ্শন কৰে উপায়ুক্ত গৰাকীয়ে ৷ জলসম্পদ বিভাগক মথাউৰিটোৰ সম্পুৰ্ণ তথ্য পাতি লিখিত আকাৰে দিয়াৰ লগতে বিভাগৰ মথাউৰিটো নিৰ্মাণৰ বাবে বিভাগে সকলো চোৱা চিতা কৰিছে বুলি জিলা উপায়ুক্ত গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷ এই মথাউৰিটোৰ এটা অংশ কিছুদিনৰ আগতে বাঢ়নি পানীয়ে ভাঙি নিয়াৰ বাতৰি বাৰম্বাৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ৷ সৌভাগ্য বশত মথাউৰিটোৰ মূল অংশত প্ৰভাৱ নপৰাৰ বাবে কেইবাশ গাঁৱৰ ৰাইজ ৰক্ষা পৰিল৷ কিন্তু যিকোনো সময়তে বানপানী অহাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি মথাউৰি ভঙাৰ পূৰ্ণ সম্ভাৱনা থকা ঠাই সমূহত জিঅ বেগৰ কাম খৰগতিত চলি আছে বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে ৷ জলসম্পদ মন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি জলসম্পদ বিভাগ আৰু জিলা পৰিষদৰ তৰফৰ পৰা গৰাখহনীয়া ৰুধৰ কাম চলি থকা কথাও উল্লেখ কৰে উপায়ুক্ত গৰাকীয়ে ৷ উল্লেখ্য যে যোৱাটো মাহত এই মথাউৰিটোৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যমত সঘনাই প্ৰকাশ পোৱাৰ পাছত জসসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই নিজেই মথাউৰিটো পৰিদৰ্শন কৰি গৰাখহনীয়া ৰুধৰ কাম খৰতকীয়াকৈ কৰিবলৈ নিৰ্দেশ দিছিল৷ কিন্তু মন্ত্ৰী গৰাকীৰ নিৰ্দেশনাৰ পাছটো বৰ্তমান লৈকে মাত্ৰ দুশটা মান হে জিঅ বেগৰ কাম হৈছে বুলি ৰাইজে ক্ষোভ ব্যক্ত কৰি সংবাদ মাধ্যমৰ আগত এই বিষয়ে উপায়ুক্ত গৰাকীক অভিযোগ দিয়ে ৷

About Staff Reporter

চাব পাৰে

পুনৰ শিৰোণামাত চুপাৰি ট্ৰাক , এইবাৰ আৰক্ষীক খুন্দিয়াই নিহত কৰিলে

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত চুপাৰী ভৰ্তি ট্ৰাকে মহতিয়ালে আৰক্ষী কনিষ্টবলক থিতাতে নিহত …

Leave a Reply

Your email address will not be published. Required fields are marked *