Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ নেতৃত্বত মহকুমাটোত অভিযান

মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ নেতৃত্বত মহকুমাটোত অভিযান

মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ নেতৃত্বত মহকুমাটোত অভিযান

ৰঙিয়াত বাটে পথে ৰাইজ ওলাই আহিলে আৰক্ষীৰ কঠোৰ শাস্তিৰ সন্মুখীন হব লাগিব – মহকুমা আৰক্ষী বিষয়া কংকন কুমাৰ নাথ

ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদ, ২৪ মাৰ্চঃ
সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে ভাৰত তথা অসম চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে ৰাইজক সাৱধানতা অৱলম্বন কৰাৰ বাবে বাৰংবাৰ অনুৰোধ কৰা স্বত্তেও একাংশ ৰাইজৰ দায়িত্ব জ্ঞানহীনতা সকলোৰ চকু কপালত তুলিছে। চৰকাৰে সকলো ৰাইজক পৰস্পৰৰ মাজত এক মিটাৰ দূৰত্ব বজায় ৰখাৰ আহ্বানক অঙ্গুষ্ঠ প্ৰদৰ্শন কৰি আজি বজাৰ সমাৰত এজনে আনজনৰ গাত গা লগাই ঘুৰি ফুৰা পৰিলক্ষিত হৈছে। বিশেষকৈ পাচলি বজাৰত পাচলি কিনাৰ বাবে হেতা ওপৰা লগোৱাৰ সময়ত চৰকাৰৰ সকলো নিৰ্দেশ অমান্য কৰি এক ভয়ংকৰ বিপদ মাতি অনা দেখা গৈছে। সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো আৰম্ভ হৈছে লকডাউন। আজি সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হোৱা লকডাউনেৰে কোৰোনা ভাইৰাছ প্ৰতিহত কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। এনেক্ষেত্ৰত ৰঙিয়া মহকুমা প্ৰশাসনৰ ফালৰ পৰা মাইকযোগে জনসাধাৰণক লকডাউন সম্পৰ্কে সতৰ্কতা অৱলম্বন কৰাৰ বাবে দোহাৰে।কিন্তু সন্ধিয়া ছ বজাত তলা বন্ধ হোৱাৰ পিছতো একাংশ ৰাইজে ঘুৰি ফুৰা পৰিলক্ষিত হৈছে। কাইলৰ পৰা বাটে পথে ৰাইজ ওলাই আহিলে আৰক্ষীৰ কঠোৰ শাস্তিৰ সন্মুখীন হব লাগিব বুলি ৰঙিয়াৰ মহকুমা আৰক্ষী বিষয়া কংকন কুমাৰ নাথে সকলো ৰাইজক সকিয়াই দিয়ে। মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ নেতৃত্বত মহকুমাটোৰ বৃহৎ অঞ্চলত মহকুমা নিৰ্বাচনী বিষয়া ৰিপনজ্যোতি নাথ,মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মা, আৰক্ষী বিষয়া প্ৰাঞ্জল বৰুৱা প্ৰমুখ্যে প্ৰশাসনৰ বিষয়াসকলে ৰাইজক লকডাউন মানিলৈ কৰ’ণা ভাইৰাছক প্ৰতিৰোধ কৰাৰ আহ্বান জনায়।

About Staff Reporter

চাব পাৰে

ত্ৰিপুৰাত ধৰা পৰিল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী*

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : ত্ৰিপুৰাতো ওলাল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *