Saturday , January 25 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / মহানগৰীৰ অধিকাংশ সাংবাদিক ইউৰিক এচিড ৰোগত প্ৰভাৱিত

মহানগৰীৰ অধিকাংশ সাংবাদিক ইউৰিক এচিড ৰোগত প্ৰভাৱিত

মহানগৰীৰ অধিকাংশ সাংবাদিক ইউৰিক এচিড ৰোগত প্ৰভাৱিত।

পঙ্কজ নাথ, চাংসাৰি, ১৩ জানুৱাৰী :

মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱাৰ অধীনত এম এম চি হস্পিটেলৰ উদ্যোগত অলপতে গুৱাহাটী প্ৰেছ ক্লাবত চলোৱা এক সমীক্ষাত প্ৰায় এক চতুৰ্থাংশ সংগবাদকর্মী ইউৰিক এছিডৰ দ্বাৰা প্ৰভাৱিত হোৱা তথ্য পোহৰলৈ আহিছে। একেদৰে প্ৰায় বিশ শতাংশ সংবাদকর্মী আক্ৰান্ত হৈ আছে মধুমেহ আৰু থ্ৰাইৰড জনীত ৰোগত ।তদুপৰি প্ৰায় পোন্ধৰ শতাংশ সংবাদকর্মীৰ তেজত হিমগ্লবিনৰ পৰিমাণ কম পোৱা গৈছে। যোৱা শনি বাৰে চিকিৎসালয় খনৰ প্ৰতিনিধিয়ে প্ৰেছ ক্লাবলৈ আহি প্ৰায় ষাঠি গৰাকী সংবাদকৰ্মীৰ তেজৰ নমুনা সংগ্ৰহ কৰিছিল। উক্ত নমুনা সমূহৰ যাবতীয় পৰীক্ষাৰ পাচত ১৫গৰাকী
অংশগ্ৰহণকাৰীৰ ইউৰিক এচিডৰ পৰিমাণ অধিক পোৱা গৈছে। একেদৰে নিৰ্ধাৰিত পৰিমাণতকৈ ১৩ গৰাকী অংশগ্ৰহণকাৰীৰ ব্লাড চুগাৰৰ পৰিমাণ অধিক পোৱা গৈছে। আনহাতে ১১গৰাকীৰ তেজ থ্ৰাইৰড হৰমনৰ পৰিমাণ অধিক দেখা গৈছে।আকৌ ১৩গৰাকী অংশগ্ৰহণকাৰীৰ হিমগ্লবিনৰ পৰিমাণ প্ৰয়োজনত কৈ কম পোৱা গৈছে। সাংবাদিক সকলৰ মাত্ৰাধিক কৰ্ম ব্যস্ততা আৰু অনিয়মীয়া খাদ্যভাষৰ ফলত বিভিন্ন উপসৰ্গই দেখা দিয়া বুলি ধাৰণা কৰিব পাৰি ।সেয়ে স্বাস্থ্যকৰ জীৱন প্ৰণালী আয়ত্ব কৰি সংবাদ কর্মী সকলে নিজৰ দায়িত্ব সুকলমে পালন কৰিব আশা বুলি প্ৰকাশ কৰে এম এম চি হস্পিটেলৰ অতিৰিক্ত অধিক্ষক ডাঃ মাধৱ চন্দ্ৰ ৰাজবংশীয়ে।

About Staff Reporter

চাব পাৰে

টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ শিক্ষা বিভাগে।  …

Leave a Reply

Your email address will not be published. Required fields are marked *