Monday , November 18 2019
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / মহানগৰীৰ কুমাৰপাৰাত ৰাছা চুইট্‌ছ এণ্ড চেনেক্সৰ দ্বিতীয়খন বিপনী মুকলি

মহানগৰীৰ কুমাৰপাৰাত ৰাছা চুইট্‌ছ এণ্ড চেনেক্সৰ দ্বিতীয়খন বিপনী মুকলি

 

ষ্টাফৰিপৰ্টাৰ ২১ আগষ্টঃ ৰাছা চুইট্‌ছ এণ্ড চেনেক্সৰ দ্বিতীয়খন বিপনী মহানগৰীৰ কুমাৰপাৰাত আনুষ্ঠানিক ভাবে মুকলি কৰা হয়। বিপনীখন যুটীয়াভাবে মুকলি কৰে জেপি ৰয় আৰু মানব খান্দেলিয়াই । উক্ত মুকলি অনুষ্ঠানত উপস্থিত থাকে পৱন শৰ্মা, সুশিল খান্দেলিয়াকে আদি কৰি বহু বিশিষ্ঠ ব্যাক্তি। এই সন্দৰ্ভত ৰাছা চুইট্‌ছ এণ্ড চেনেক্সৰ অংশীদাৰ জে পি ৰয়ে জানিবলৈ দি কয় যে এই বিপনীত গ্ৰাহক সকলে সম্পন্ন স্বাস্থ্যসন্মত আৰু সোৱাদযুক্ত চইট্‌ছ আৰু চেনেক্স লাভ কৰিবলৈ সক্ষম হব। গ্ৰাহক সকলৰ সোৱাদৰ প্ৰতি লক্ষ্য কৰি এই বেলি খাদ্য সম্ভাৰত কিছু নতুনত্বৰ সংযোজন ঘটোৱা হৈছে, যত থাকিব ইউ এছ বি মেনু। বিপনী খনত উপলব্ধ হোৱা কিছুমান চুইট্‌ছ আৰু চেনেক্স পূৰ্বে মহানগৰবাসীয়ে সোৱাদ লবলৈ সক্ষম হোৱা নাই বুলিও জে পি ৰয়ে জানিবলৈ দিয়ে। বিপনীখনত উপলব্ধ হৈছে ভুট জলকীয়া ৰোশগোল্লা, চাতু পেৰা, গুলকন নাৰিকলৰ লিড্ডুকে আদি বিভিন্ন প্ৰকাৰৰ চুইট্‌ছ। তেওঁ লগতে কয় যে ৰাছা চুইট্‌ছ এণ্ড চেনেক্সত ১০০ শতাংশ নিৰামিষ খাদ্য সম্ভাৰ উপলব্ধ থাকিব। একে দৰে গ্ৰাহকে অতি কম মূল্যত সতেজ চুইট্‌ছ, চানা, মাৱা ড্ৰাই ফল মুল আৰু খাটী ঘিউ। বিপনী খনত উপলব্ধ থাকিব চুগাৰ ফ্ৰি চুইট্‌ছ । ৰাছা ভাণ্ডাৰত ৫০ প্ৰকাৰতকৈ অধিক চুইট্‌ছ উপলব্ধ হোৱাৰ লগতে ডাল কছোৰি, গৰম শিঙৰা, পিয়াজ কছোৰি, বিকানেৰি পেটিছ্‌কে বহু চেনেক্স। আনহাতে বিপনী খনৰ আন এগৰাকী অংশীদাৰ তথা যুৱ ব্যৱসায়ী মানৱ খান্দেলিয়াই কয় যে নতুন বিপনীত গ্ৰাহকৰ বাবে বিশেষ আকৰ্শন হব মুম্বাই পাও ভাজি, কলকাতাৰ জনপ্ৰিয় চোলা কলছি, দিল্লীৰ চোলে ভাতুৰি,ক্লব কছোৰি, কলকাতা মুতৰ বেলৱা পুৰি, চট্‌পোটা চাট্‌, আৰু চাউদ ইন্দিয়ান ডিছ।ইপিনে চেনেক্সৰ ভিতৰত আছে কণীবিহীন কেক, পেছট্ৰিছ,চূপ কেক, ব্ৰাউনিছ, ৱালনাট ইত্যাদি। একেদৰে বিয়া,জন্ম দিনকে আদি কৰি সকলো ধৰনৰ উৎসৱ পাৰ্বনৰ বাবে খাদ্য সামগ্ৰীৰ যোগান ধৰা হয় বুলিও খান্দেলিয়াই জানিবলৈ দিয়া হয়।

About Staff Reporter

চাব পাৰে

ক্ৰিছেল ফাউণ্ডেচনলৈ ৰাষ্ট্ৰীয় চি এছ আৰ বঁটা

  ষ্টাফ ৰিপ’ৰ্টাৰ,,,,৩১ অক্টোবৰ।।।ক্ৰিছেল ফাউণ্ডেচনক ইয়াৰ প্ৰমুখ প্ৰকল্প মেইন প্ৰগতি অসমৰ বাবে প্ৰত্যাহ্বান জনক পৰিস্থিতিত …

Leave a Reply

Your email address will not be published. Required fields are marked *