Tuesday , September 17 2019
শেহতীয়া খবৰ
Home / মহানগৰ / মহানগৰীৰ ফাচী বজাৰত বিজয় উৎসৱ পালন

মহানগৰীৰ ফাচী বজাৰত বিজয় উৎসৱ পালন

 


ষ্টাফৰিপৰ্টাৰ, ২৩ মে ঃ বিজেপিৰ ঐতিহাসিক বিজয়ত আনন্দৰ বণ্যা বৈছে মহানগৰীৰ ব্যৱসায়িক কেন্দ্ৰ স্বৰূপ ফাঁচী বজাৰত ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আজি ঘোষিত লোকসভা নিৰ্বাচনৰ ফলাফলত যি বিজয়ধ্বজ্জা উৰুৱাবলৈ সক্ষম হৈছে তাৰ পিছতেই ফাঁচী বজাৰত বিজেপিৰ সমৰ্থক সকলে ৰাজপথলৈ ওলাই আহি ফটকা ফুটাই
আনন্দ উল্লাস কৰে ।একদৰে বানিজ্য কেন্দ্ৰ উন্নয়ন সমিতিৰ সদস্য সকলে ৰাইজৰ মাজত মিঠাই বিতৰন কৰে ।বিজেপিৰ এই বিজয়ৰ বাবে মহানগৰীৰ ফাঁচী বজাৰৰ বানিজ্য কেন্দ্ৰ উন্নয়ন সমিতি,জয় শ্ৰী ৰাম মৰনিং ৱাকাৰ ক্লাব,শংকৰ ক্লাবৰ সদস্য সকলে টি আৰ ৰোডত বিজয় সমদল উলিয়াই আনন্দ উল্লাস কৰে ।এই সন্দৰ্ভত বানিজ্য কেন্দ্ৰ উন্নয়ন সমিতিৰ সভাপতি অনিল থাৰেড কয় “বিজেপিৰ এই বিজয়ৰ বাবে ১০১কেজি লাডু প্লস্তুত কৰা হৈছে আৰু ৰাইজৰ মাজত বিতৰন কৰা হয়।” একেদৰে জয় শ্ৰী ৰাম মৰনিং ৱাকাৰ ক্লাবৰ সদস্য পি কে গুপ্তাই কয় “এই বিজয়ৰ বাবে আজি ৰাইজৰ মাজত ২০০০ লাডু বিতৰন কৰা হয় ।” আনহাতে ব্যৱসায়ী বিনদ জৈণ,মনোজ বানসালী,পদম চান্দ পাটনি আৰু আন ব্যৱসায়ী সকলে উক্ত বিজয় উৎসবত অংশগ্ৰহন কৰি এই বিজয়ৰ বাবে ৰাইজক ধন্যবাদ দিয়ে ।

About Staff Reporter

চাব পাৰে

মহানগৰীৰ ইন্‌ টাছ্‌ৰ ষ্টৰত আই ফোন-১১ৰ আগতীয়া বুকিং আৰম্ভণি

বুকিঙৰ জৰিয়তে পুৰস্কাৰ লাভ কৰাৰ সুবিধা পাব গ্ৰাহকসকলে ষ্টাফৰিপৰ্টাৰ, ১৪ চেপ্তেম্বৰঃ মহানগৰীৰ গ্ৰাহক সকলৰ বাবে …

Leave a Reply

Your email address will not be published. Required fields are marked *