ষ্টাফৰিপৰ্টাৰ, ৬ ডিচেম্বৰ, ২১ দিন অতিক্ৰম কৰাৰ পিছতো সন্ধান ওলোৱা নাই উগ্ৰতাৰা দেৱালয়ৰ মূল বিগ্ৰহৰ। চোৰ ধৰি দায়িত্ব সামৰা মহানগৰ আৰক্ষীৰ ব্যৰ্থতাৰ বিৰুদ্ধে প্ৰতিবাদত নামিল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ। চৰকাৰ-আৰক্ষীক কঠোৰ সকীয়নি প্ৰদান কৰি উগ্ৰতাৰা দেৱালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।