Wednesday , March 20 2019
Home / ক্ৰীড়া / মহাৰাণাৰ ১১১ বছৰীয়া বৰ্ষপূতি অনুষ্ঠান সফল ভাবে উদযাপন

মহাৰাণাৰ ১১১ বছৰীয়া বৰ্ষপূতি অনুষ্ঠান সফল ভাবে উদযাপন

ষ্টাফৰিপৰ্টাৰ, ৯ ডিচেম্বৰ, ১৯০৭ চনত জন্ম লাভ কৰি অসমৰ ফুটবল জগতখনক বহিঃ ৰাজ্যত বলিষ্ঠভাবে পৰিচয় কৰাই দিয়াত অগ্রণী ভূমিকা গ্ৰহণ কৰা মহানগৰীৰ পানবজাৰস্থিত মহাৰণা এথলেটিকিছ ক্লাৱে ২০১৮ বর্ষৰ ৮ ডিচেম্বৰত ১১১ বছৰ সম্পূৰ্ণ কৰে।অসমৰ লগতে স্বৰাজোত্তৰ উত্তৰ পূৱৰ ক্ৰীড়া ক্ষেত্ৰখনত মহাৰণা ক্লাৱৰ অগ্রনী ভূমিকা আছে।ক্ৰীড়া ৰ বিভিন্ন বিভাগত এই ক্লাৱৰ জড়িয়তে খেলুৱৈৰ আত্ম প্ৰতিস্থা লাভ কৰাৰ লগতে ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।ক্ৰীড়া ৰ লগতে সমাজ সাহিত্য সাংস্কৃতিক দিশতো বিশেষ সেৱা আগবঢ়াই জনমানসত মহাৰণা এথলেটিকিছ ক্লাৱে সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে। ১১১বছৰত ভৰি দিয়া মহাৰণা ক্লাৱে এই বেলি বিশেষ বৰ্ণাঢ্য কাৰ্য্যসূচী ৰে বৰ্ষপূতি অনুষ্ঠান উদযাপন কৰে। পুৱা ৬ বজাত মহাৰণা ক্লাৱৰ বাকৰীৰ পৰা মহিলা চাইকেল ৰেলি অনুষ্ঠিত হয়।এই চাইকেল ৰেলিৰ শুভ উদ্ধোধন কৰে ,ৰাজ্যপাল জগদীশ মুখীৰ পত্নী প্ৰেম মুখী, নিউজ লাইভৰ পৰিচালন সঞ্চালিকা তথা সমাজ সেৱীকা ৰিণিকি ভূঞা শৰ্মাই।লগতে উপস্থিত থাকে মহানগৰ আৰক্ষী আয়ুক্ত প্ৰদীপ হালৈ , কামৰূপ মহানগৰ জিলা উপায়ুক্ত বীৰেন্দ্ৰ মিট্টল।পুৱাৰ ভাগত অনুষ্ঠিত এই প্ৰতিযোগিতা বেষ্ট ৰাইডাৰ বঁটা লাভ কৰে কাশ্মিৰী বৰা,মস্ত প্ৰমিছেছ বঁটা লাভ কৰে নিষ্ঠা ৱেইড আৰু চিনিয়ৰ শাখাত মল্লিকা পেগুৱে বঁটা লাভ কৰে । পৰৱৰ্ত কাৰ্য্যসূচী অনুসৰি আবেলি ৪.৪৫ বজাত আৰম্ভ হয় বিভিন্ন অনুষ্ঠান। তৰুণ প্ৰজন্মৰ শিল্পী প্ৰশান্ত ৰাজখোৱা ৰ ভক্তি মূলক গীতেৰে আৰম্ভ হয় সম্বৰ্ধনা অনুষ্ঠান।উক্ত অনুষ্ঠান ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া ক্ষেত্ৰখনত আগবঢ়োৱা অৱদান আগবঢ়োৱা ১৫ গৰাকী বিশিষ্ট ব্যক্তিক বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হয়। সম্বধৃত ব্যক্ত সকল ক্ৰমে লক্ষ্মীকান্ত মহন্ত,নিলয় দত্ত ,গণেশ ৰায় ,প্ৰদীপ চলিহা,ৰমেন দাস ,বিমল ভৰালী ,মুকুট দাস,ব্ৰজগোপাল দাস,বিৰাজ কুমাৰ ওজা,মৃণাল কান্তি ৰয়,বাবুল হোড় , জীৱন ফুকন,বিনন্দ ৰাজকোঁৱৰ,মহাদেৱ ডেকা,ডাঃ দীপাংকৰ ভট্টাচাৰ্যক জাপি ,চেলেং ,মানপত্ৰ, ট্ৰফিৰ লগতে কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনা জ্ঞাপন কৰে অনুষ্ঠান ত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থকা শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি , বিশিষ্ট অভিনেতা নিপন গোস্বামী, আদিয়ে। অনুষ্ঠানত উপস্থিত থাকি শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় মহাৰণা ক্লাব গুৱাহাটীৰ এটা অনিষ্ঠান ।গুৱাহাটীৰ ক্ৰীড়া ৰ ইতিহাসৰ কথা কলে মহাৰণা ক্লাৱৰ কথাই কব লাগিব। ৰাজ্যত এই ক্লাব তোৰ অৱদান যঠেষ্ট। আনহাতে উক্ত অনুষ্ঠানত মহাৰণা ক্লাৱৰ স্মৰণিকা মহাৰণা বাৰ্তা ৰ উন্মোচন কৰি বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি য়ে কয় অসমৰ উন্নয়নৰ ক্ষেত্ৰত যি যি অনুষ্ঠান ৰ অৱদান আছে তাৰে ভিতৰত মহাৰণা ক্লাব ঐন্যতম। মহাৰণা এথলেটিকিছ ক্লাব অসমৰ গৌৰৱৰ প্ৰতীক। ইয়াৰো পৰি সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট অভিনেতা নিপন গোস্বামী য়ে কয় “মই সৰুৰে পৰা মহাৰণা ক্লাৱৰ কথা শুনি আহিছিলোঁ।এই ক্লাৱৰ দুই এখন খেল উপভোগ কৰাৰ সৌভাগ্য হৈছিল মোৰ।এই ক্লাব টোৱে চাওঁতে চাওঁতে ১১১ বছৰ হল। এটা অনুষ্ঠান অসমীয়া মানুহে ইমান দিনে জীয়াই ৰখাটো সচাই এক প্ৰশংসনীয়।মহাৰণা ক্লাব যাতে যোগ যোগান্তৰ জীয়াই থাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম।’লগতে এই অনুষ্ঠানত উপস্থিত থাকে ভাৰত বৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰঃ বাংলাদেশৰ সহকাৰী উচ্চআয়ুক্ত ড’ শ্বাহ মহম্মদ তানভীৰ মনছুৰ,বিশিষ্ট শৰীৰ চৰ্চাবিদ হৰকান্ত বৰগোহাঞি । অনুষ্ঠানৰ আঁত ধৰে জেষ্ঠ সাংবাদিক অসীম কাজিয়ে। আনহাতে সন্ধিয়াৰ সময়ত বৰ্ণাঢ্য সাস্কৃতিক অনুষ্ঠান ৰে মহাৰণা ক্লাৱৰ বৰ্ষপূতি অনুষ্ঠানত তৰুণ প্ৰজন্মৰ শিল্পী জুবলি বৰুৱাই সংগীত পৰিবেশন কৰি অনুষ্ঠানটো অধিক জীপাল কৰি তোলে । ইয়াৰো পৰি জনপ্ৰিয় কণ্ঠ শিল্পী ৰূপম ভূঞা,সুবাসনা দত্ত ,ভায়লিন বাদক -সংগীত পৰিচালক দীপক বৰুৱা ৰ লগতে কৌতুক অভিনেতা অংশুমান ভূঞা ৰ অনুষ্ঠানে বৰ্ষপূতি ৰ সন্ধিয়া অধিক মোহনীয় কৰি তোলে ।মুঠতে এক হিদয় চুই যোৱা অনুষ্ঠান।

About Staff Reporter

চাব পাৰে

কামাখ্যা মন্দিৰ দৰ্শন ভাৰতীয় মহিলা ক্ৰিকেট দলৰ

  ষ্টাফৰিপৰ্টাৰ, ৮ মাৰ্চ, কামাখ্যা মন্দিৰ দৰ্শন কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে। মা কামাখ্যাৰ আশিস …

Leave a Reply

Your email address will not be published. Required fields are marked *