Saturday , January 18 2020
শেহতীয়া খবৰ
Home / ব্যৱসায়-বাণিজ্য / মহেশ মটৰছ্‌ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস পালন

মহেশ মটৰছ্‌ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস পালন

 

ষ্টাফৰিপৰ্টাৰ, ৭ আগষ্ট : দেশৰ আইকনিক এছ ইউ ভি ব্ৰেণ্ড আৰু আগশাৰীৰ মটৰ ভেহিকেল কোম্পানী জীপ ইন্দিয়াৰ শ্বৰূম মহেশ মটৰ প্ৰাইভেট লিমিটেডে সফলতাৰে দুটা বছৰ অতিক্ৰম কৰিলে ।সেই উপলক্ষে মহানগৰীৰ আৰ জি বৰুৱা ৰোডৰ সুন্দৰপুৰ বাছ ষ্টপৰ বিপৰিত দিশত থকা মহেশ মটৰছ্‌ৰ নতুন বৃহৎ শ্বৰূমটোত আজি দ্বিতীয় প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ।উক্ত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জীপ ইন্দিয়া আৰু মহেশ মটৰছে গ্ৰাহকৰ পছন্দৰ প্ৰতি লক্ষ্য ৰাখি জীপ কেম্পাছ ট্ৰাইলহাক্‌ আৰু ষ্পট্‌ কেম্পাছ মুকলি কৰে । এই সন্দৰ্ভত মহেশ মটৰছ্‌ৰ সঞ্চালক মহিত আগৰৱালে কয় যে-আজি আমি সফলতাৰে দুটা বছৰ অতিক্ৰম কৰিলো । এই দুটা বছৰত গ্ৰাহকৰ পৰা অভাৱনীয়ভাবে সহাৰি লাভ কৰিবলৈ সক্ষম হৈছো । উক্ত অনুষ্ঠানত জীপ ইন্দিয়া(পূৱ)ৰ জনেল মেনেজাৰ শলিল নাৰাং,এৰিয়া চেলছ্‌ মেনেজাৰ ওম প্ৰসাদ চট্টোপৰ্ধ্যায়ৰ লগতে কেবাজনো জ্যোষ্ঠ ব্যক্তি উপস্তিত থাকে ।পৰবৰ্তি সময়ত উক্ত নতুন শ্বৰূমটোৰ জৰিয়তে গ্ৰাহকক আৰু অধিক আকৰ্শনীয় সেৱা আগবঢ়াবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰে আগৰৱালে ।

About Staff Reporter

চাব পাৰে

ভাৰতীয় গ্ৰাহকক পুৰস্কাৰ প্ৰাপ্ত তথ্যগত মনোৰঞ্জন প্ৰদানৰ বাবে কিশোৰ এয়াৰটেলৰ সহযোগিতা স্থাপন

  ষ্টাফৰিপৰ্টাৰ, ২২ নৱেম্বৰ : ভাৰতী এয়াৰটেলে ভাৰতীয় গ্ৰাহকক মনোৰঞ্জন প্ৰদানৰ বাবে বুধবাৰে পুৰস্কাৰ প্ৰাপ্ত …

Leave a Reply

Your email address will not be published. Required fields are marked *