Thursday , September 19 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / মাজুলীত জ্যেষ্ঠ নাগৰিক আৱাস, নিচা-আসক্তি দূৰীকৰণ কেন্দ্ৰ উদ্বোধন উপায়ুক্তৰ:

মাজুলীত জ্যেষ্ঠ নাগৰিক আৱাস, নিচা-আসক্তি দূৰীকৰণ কেন্দ্ৰ উদ্বোধন উপায়ুক্তৰ:

মাজুলীত জ্যেষ্ঠ নাগৰিক আৱাস, নিচা-আসক্তি দূৰীকৰণ কেন্দ্ৰ উদ্বোধন উপায়ুক্তৰ:

পৰাণজ্যোতি বৰা, মাজুলী, ২৪ জুলাই :

মাজুলীৰ নিৰাশ্ৰয়, সম্বলহীন, সাৰথিহীন, অসহায় বয়োবৃদ্ধ লোকসকলৰ বাবে আজি কমলাবাৰীত চৰকাৰী পৃষ্ঠপোষকতাৰে পৰিচালিত হ’ব লগা এটা জ্যেষ্ঠ নাগৰিক আৱাসগৃহ আনুষ্ঠানিকভাৱে ভাৱে উদ্বোধন কৰে জিলাৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই। ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতা আৰু ৰাজ্যিক সমাজ কল্যাণ বিভাগৰ সহযোগত গ্ৰাম বিকাশ পৰিষদ নামৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠনটোৰ তত্বাৱধানত নদীদ্বীপ জিলাখনত স্থাপন কৰা জ্যেষ্ঠ নাগৰিক আৱাসটোৰ সৈতে সংলগ্ন এটা নিচাযুক্ত দ্ৰব্যৰ আসক্তি দূৰীকৰণ কেন্দ্ৰও উপায়ুক্ত মিশ্ৰই একেলগে শুভাৰম্ভ কৰে। জ্যেষ্ঠ অধ্যাপক তথা বিশিষ্ট সামাজিক কৰ্মী ড০ আনন্দ হাজৰিকাৰ সভাপতিত্বত আয়োজিত এক উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি উপায়ুক্ত গৰাকীয়ে বয়োজ্যেষ্ঠ নাগৰিকসকলক যথাযোগ্য সন্মান, সহায়-সমৰ্থন আৰু মানসিক ভাৱেও উদ্দীপনা যোগোৱাটো আমাৰ সকলোৰে বাবেই এক মহান সামাজিক দায়িত্ব। মাজুলীৰ লগতে অসমৰ গ্ৰাম্য সমাজখনত আগৰেপৰাই বয়োজ্যেষ্ঠ লোকসকলৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱে সমাজ জীৱনত প্ৰমূল্যবোধ আৰু মাননীয় চিন্তা-চেতনাক উজ্জীৱিত কৰি অহা বুলি দোহাৰি উপায়ুক্ত মিশ্ৰই অৱশ্যে সততে নগৰাঞ্চলত পৰিলক্ষিত হোৱা অভিভাৱক-বয়োজ্যেষ্ঠজনৰ প্ৰতি অৱজ্ঞা-অনাদৰৰ অবাঞ্চিত প্ৰৱণতাই লাহে লাহে গ্ৰাম্যসমাজখনতো অশুভ প্ৰভাৱ পোলোৱাৰ উপক্ৰম যটোৱা বুলি উদ্বেগ প্ৰকাশ কৰে। নিৰাশ্ৰয়, অসহায় বয়োবৃদ্ধ লোকসকলক শেষ বয়সত বিশেষ যতন লোৱাৰ প্ৰয়োজনীয়তাৰ সমান্তৰালকৈ নৱপ্ৰজন্মকো বাট এৰি অবাটে যোৱাৰ পৰা আঁতৰাই ৰাখি সুন্দৰ সমাজখনৰ অংশ হৈ থকাৰ বাবে উৎসাহিত কৰাটোও এতিয়াৰ সামাজিক প্ৰেক্ষাপটত এক অনস্বীকাৰ্য বাস্তৱ হৈ পৰা বুলি উল্লেখ কৰি মিশ্ৰই কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতা আৰু ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ সহযোগত মাজুলীত গ্ৰাম বিকাশ পৰিষদে জ্যেষ্ঠ নাগৰিক আৱাস আৰু নিচাযুক্ত দ্ৰব্যৰ আসক্তি দূৰীকৰণ কেন্দ্ৰটো স্থাপন কৰা কাৰ্যৰ শলাগ লয়। তেওঁ জিলাখনৰ চুকে-কোণে নিচাযুক্ত দ্ৰব্য ব্যৱহাৰৰ অপকাৰিতাৰ লগতে সমাজৰ জ্যেষ্ঠ জনৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ লগতে মানৱীয় প্ৰমূল্যৰ প্ৰয়োজনীয়তা সম্পৰ্কে জনসজাগতা গঢ়াত বিশেষ ভাৱে মনোনিবেশ কৰিবলৈও স্বেচ্ছাসেৱী সংগঠনটোক আহ্বান জনায়। উদ্বোধনী অনুষ্ঠানত জিলা সমাজকল্যাণ বিষয়া নিৰদা দেউৰী, জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰাজেন্দ্ৰ বৰুৱা, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ নৱনিযুক্ত জিলা সমন্বয়ক পল্লৱী মৰাণ, গ্ৰাম বিকাশ পৰিষদৰ ৰাজ্যিক সমন্বয়ক মাধুৰ্য বৰুৱা, কমলাবাৰী কেন্দ্ৰৰ প্ৰকল্প সমন্বয়ক লক্ষ্যজিৎ বৰায়ো অংশগ্ৰহণ কৰে। কমলাবাৰীত মুকলি কৰা জ্যেষ্ঠ নাগৰিক আবাসত ২৫ গৰাকী অসহায়, নিৰাশ্ৰয়, সাৰথিহীন বয়োজ্যেষ্ঠ লোকক বিনামূলীয়াকৈ আশ্ৰয় প্ৰদানৰ লগতে খোৱা-বোৱা আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। একেদৰে, নিচাযুক্ত দ্ৰব্যৰ আসক্তি দূৰীকৰণ কেন্দ্ৰটোত ২৫ গৰাকী নিচা আসক্ত লোকক সাময়িক ভাৱে ৰাখি চিকিৎসা প্ৰদানৰ লগতে নিচামুক্তিৰ বাবে বিশেষজ্ঞৰ দ্বাৰা পৰামৰ্শ আগবঢ়োৱা হ’ব। আৱাস তথা কেন্দ্ৰটোত নিয়মীয়াকৈ যোগৰ অনুশীলনৰো ব্যৱস্থা থাকিব।

পৰাণজ্যোতি বৰা।

About Staff Reporter

চাব পাৰে

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী

ভৱানীপুৰত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ কাৰ্যসূচী সঞ্জীৱ সাগৰ দাস, ভৱানীপুৰ, ১৮ ছেপ্টেম্বৰঃ আগন্তুক ১৯, ২০ …

Leave a Reply

Your email address will not be published. Required fields are marked *