Tuesday , October 15 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / মাজুলীত নৈপৰীয়া ২৮ ৰাজহ গাঁও বানৰ কৱলত, ৯৬৭ হেক্টৰ কৃষিভূমি জলমগ্ন, প্ৰশাসন সস্তম,মাজুলী-যোৰহাট সংযোগী ফেৰী সেৱা বন্ধ

মাজুলীত নৈপৰীয়া ২৮ ৰাজহ গাঁও বানৰ কৱলত, ৯৬৭ হেক্টৰ কৃষিভূমি জলমগ্ন, প্ৰশাসন সস্তম,মাজুলী-যোৰহাট সংযোগী ফেৰী সেৱা বন্ধ

পৰাণজ্যোতি বৰা,মাজুলী, ১০ জুলাই : মাজুলীত বানত প্লাৱিত হৈছে বহু কেইখন ৰাজহ গাঁও। ন ন গাঁও এতিয়া বানৰ কৱলত পৰাৰ খবৰ আহিছে। বৰ্তমানলৈকে বান পৰিস্থিতি বিশেষ উদ্বেগজনক হৈ পৰা নাই যদিও ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানী আৰু ৰঙানদী বান্ধৰ পৰা এৰি দিয়া পানীৰে ওফন্দি উঠা সোৱণশিৰিৰ বানৰ কৱলত পৰিছে জিলাখনৰ ভালেকেইটা চাপৰিসহ মঠাউৰিৰ বাহিৰৰ ২৮ খন নৈপৰীয়া ৰাজহ গাঁও। এই বানত এতিয়ালৈকে জিলাখনৰ ২৬,৪৫৪গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। বুধবাৰৰ পুৱা পৰ্যন্ত নদীদ্বীপ জিলাখনৰ চৰ-চাপৰি আৰু নদীকাষৰীয়া অঞ্চলত অৱস্থিত ২৩খন ৰাজহ গাঁও বানত সম্পূৰ্ণ জলমগ্ন হোৱাৰ লগতে আন ৫খন ৰাজহ গাঁও আংশিক ভাৱে প্লাৱিত হৈছে। ইতিমধ্যে বানৰ কৱলত পৰা মঠাউৰিৰ বাহিৰ ফালে থকা ৰাজহ গাঁওসমূহ হৈছে- আতৈচুক, মলোৱাল মিৰি, মলাপিন্ধা, মাজৰ চাপৰি (এন চি), নৈপৰীয়া নামকাটনী, নৈপৰীয়া জুগুনিধাৰী, আউনিআটী আলিমূৰ, সুবিধা চাপৰি, শিকলি চাপৰি, বুঢ়া চাপৰি, বৰুণচুক, কাঁচিকটা, কেৰকেৰ, গোপালচুক, ভেকেলী, বক্সি, ৰৌমাৰা, কৰৈগুৰি, কাৰ্তিক চাপৰি। একেদৰে আংশিক ভাৱে জলমগ্ন হৈছে – লাহলিয়াল, বৰুণ চিতাদাৰ, চিলাকলা চাপৰি, কমলাবাৰী সত্ৰ, চিলাকলা কৈৱৰ্ত, পটিয়া, মলুৱাল কৈৱৰ্ত, ভকট চাপৰি আৰু কৰ্দৈগুৰি। আনহাতে এই বানত জিলাখনত এতিয়ালৈকে ৯৬৭ হেক্টৰ কৃষিভূমিও ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি, বাঢ়নি পানীয়ে ইতিমধ্যে বনগাঁও-শালমৰা গড়কাপ্তানি পথৰ লগতে বিৰিণাবাৰী পথ, ওখলচুক পথ, ঔডুবি পথ আৰু কহাৰডুবি পথ আংশিক ভাৱে বুৰাই পেলাইছে। ইফালে, বান পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে জিলা প্ৰশাসনে। বান সাহাৰ্য আৰু জৰুৰী উদ্ধাৰ অভিযানৰ বাবে জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (ডিডিএমএ)ৰ তত্বাৱধানত সকলো চৰকাৰী বিভাগক ইতিমধ্যে সস্তম কৰি তোলা হৈছে। মাজুলীৰ উপায়ুক্ত তথা ডিডিএমএ-ৰ অধ্যক্ষ দেৱপ্ৰসাদ মিশ্ৰই অহৰ্নিশে পৰিস্থিতিৰ ওপৰত নজৰ ৰখাৰ লগতে বান পৰিস্থিতি চম্ভালাৰ বাবে ভাগে ভাগে দায়িত্ব ন্যস্ত হৈ থকা বিষয়াসকলৰ পৰা পোনপটীয়া যোগাযোগেৰে খবৰ লৈ আছে। একেদৰে পুৱাৰে পৰাই জলমগ্ন।কমলাবাৰীঘাটসহ বানৰ কৱলত পৰা বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি প্ৰয়োজনীয় জৰুৰী কাৰ্য ব্যৱস্থা গ্ৰহণত ব্যস্ত হৈ আছে অতিৰিক্ত উপায়ুক্ত (ৰাজহ) তথা ডিডিএমএ-ৰ মুখ্য কাৰ্যবাহী চিন্ময় নাথ আৰু ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মা। উপায়ুক্তৰ নিৰ্দেশত পুৱাৰে পৰা আটাইকেইগৰাকী কাৰ্যবাহী দণ্ডাধীশ আৰু ছেক্টৰ-ছাব ছেক্টৰ বিষয়াসকলে নৈপৰীয়া বানাক্ৰান্ত এলেকা আৰু মঠাউৰিসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছে।  ইফালে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ট বৃদ্ধিৰ ফলত ৯ জুলাইৰ পিছবেলাৰ পৰা   মাজুলী-যোৰহাট সংযোগী ফেৰী সেৱা বন্ধ  আছে।বানপানীৰ সময়ত বিশেষ পৰিস্থিতিত মাজুলীৰ ৰাইজে District Emergency Operation Centre ৰ লগত যিকোনো মূহুৰ্তত ৰাইজে যোগাযোগ কৰিব পৰাকৈ প্ৰশাসনে  ১০৭৭ হেল্প লাইন মুকলি কৰি দিছে।

About Staff Reporter

চাব পাৰে

ছবিগৃহ বিহিন জামুগুৰিহাটত আজি জুবিনৰ কাঞ্চনজংঘা

#ছবিগৃহ বিহিন জামুগুৰিহাটত আজি জুবিনৰ কাঞ্চনজংঘা৷ ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৪ অক্টোবৰ: মুক্তিৰ পূৰ্ৱেই অসমৰ শদিয়াৰপৰা ধুবুৰীলৈ খলকনিৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *