Tuesday , October 15 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / মাজুলীত বানত ক্ষতিগ্ৰস্ত ৩৬৫৬১ গৰাকী, ১ সাহাৰ্য শিবিৰ মুকলি, উপায়ুক্তৰ বানাক্ৰান্ত এলেকা পৰিদৰ্শন

মাজুলীত বানত ক্ষতিগ্ৰস্ত ৩৬৫৬১ গৰাকী, ১ সাহাৰ্য শিবিৰ মুকলি, উপায়ুক্তৰ বানাক্ৰান্ত এলেকা পৰিদৰ্শন

পৰাণজ্যোতি বৰা,মাজুলী, ১১ জুলাই : মাজুলী জিলাত ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰিৰ বাঢ়নি পানীয়ে এইপৰ্যন্ত ৩৫খন ৰাজহ গাঁও প্লাৱিত কৰিছে। এই বানত এতিয়ালৈকে জিলাখনৰ ৩৬,৫৬১ গৰাকী লোক আক্ৰান্ত হৈছে। বিগত তিনিদিন ধৰি ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ পৰা এৰি থকা পানীৰে ওফন্দি উঠা সোৱণশিৰিৰ বাঢ়নি পানীয়ে বৃহস্পতিবাৰে পুৱাই গড়মূৰৰ সমীপৱৰ্তী পুৰণি খাৰজানপাৰৰ এটা নৱনিৰ্মিত গড়কাপ্টানী পথৰ এচোৱা উটোৱাই নিয়াত খাৰজানপাৰ এলেকাবাসী আজি বানৰ কৱলত পৰে। জিলা প্ৰশাসনে পুৱাই এছডিআৰএফৰ জৰিয়তে এলেকাটোত বানৰ গ্ৰাসত পৰা পৰিয়ালসমূহক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ অনাৰ ব্যৱস্থা কৰে। ইতিমধ্যে জিলা প্ৰশাসনে বন্যাৰ্ত লোকসকলৰ আশ্ৰয়ৰ বাবে খাৰজানপাৰ প্ৰাথমিক বিদ্যালয়ত ১টা সাহাৰ্য শিবিৰ মুকলি কৰিছে। এই শিবিৰত সন্ধিয়া পৰ্যন্ত ১১ বানপীড়িত পৰিয়ালে আশ্ৰয় লৈছে। ইফালে, মাজুলীৰ উপায়ুক্ত মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই আজি দুপৰীয়া সোৱণশিৰিৰ বাঢ়নি পানীয়ে জলমগ্ন কৰা পুৰণি খাৰজানপাৰ এলেকা পৰিদৰ্শন কৰি বন্যাৰ্ত ৰাইজৰ অৱস্থাৰ বুজ লয়। উপায়ুক্তগৰাকীয়ে পানীয়ে উটোৱাই নিয়া পুৰণি খাৰজানপাৰ গড়কাপ্টানী পথৰ চিগা অংশও পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত উপায়ুক্ত মিশ্ৰৰ লগত আছিল ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মা, সহকাৰী আয়ুক্ত অচ্যুৎ বৰুৱা, ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) ডাঃ অনামিকা গগৈ, গড়কাপ্টানী (গ্ৰাম্য পথ) বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দীপক কুমাৰ দাস আৰু জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা ড০ ৰাজীৱ গোস্বামী আৰু ছেক্টৰ বিষয়া প্ৰশান্ত কুমাৰ বৰঠাকুৰ। ইতিমধ্যে খাৰজানপাৰ প্ৰাথমিক বিদ্যালয়ত জিলা প্ৰশাসনে মুকলি কৰা সাহাৰ্য শিবিৰলৈ স্থানান্তৰিত অঞ্চলটোৰ বান ক্ষতিগ্ৰস্ত লোকসকলক তাৎক্ষণিক ভাৱে প্ৰয়োজনীয় অত্যাৱশ্যকীয় সা-সুবিধা তথা বান সাহাৰ্য সামগ্ৰী যোগান ধৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। তদুপৰি পুৰণি খাৰজানপাৰবাসীৰ যাতায়তৰ সুবিধাৰ্থে পথৰ চিগা অংশত শীঘ্ৰে অস্থায়ী বাঁহৰ দলং নিৰ্মাণৰ বাবেও গড়কাপ্টানী বিভাগক নিৰ্দেশ দিয়ে উপায়ুক্ত গৰাকীয়ে। আনহাতে, জিলা প্ৰশাসনে আজি বানৰ কৱলত পৰা ভকট চাপৰি (আংশিক)ৰ লগতে বামুণগাঁও, পুৰণিসত্ৰ, শালমৰা আৰু খাৰজানপাৰ এলেকাত বন্যাৰ্ত পৰিয়ালসমূহৰ মাজত ২৭৬.২৪৬ কুইণ্টল চাউল, ৫২.২২৮ কুইণ্টল দাইল আৰু ১৫.৩৭ কুইণ্টল নিমখ বিতৰণ কৰে। ইফালে, জিলা কৃষি বিভাগ আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ তথ্য অনুসৰি এইবাৰৰ বানত মাজুলীত এতিয়ালৈকে ১৬৬৮ হেক্টৰ কৃষিভূমি বানৰ কৱলত পৰিছে। আনহাতে, ব্ৰহ্মপুত্ৰৰ জলস্তৰ এতিয়াও বিপজ্জনক হৈ থকাৰ সূত্ৰে আভ্যন্তৰীণ জলপৰিবহন বিভাগে বৃহস্পতিবাৰেও মাজুলী-যোৰহাট (নিমাতীঘাট) সংযোগী ফেৰীসেৱা বন্ধ ৰাখে।

 

About Staff Reporter

চাব পাৰে

ছবিগৃহ বিহিন জামুগুৰিহাটত আজি জুবিনৰ কাঞ্চনজংঘা

#ছবিগৃহ বিহিন জামুগুৰিহাটত আজি জুবিনৰ কাঞ্চনজংঘা৷ ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৪ অক্টোবৰ: মুক্তিৰ পূৰ্ৱেই অসমৰ শদিয়াৰপৰা ধুবুৰীলৈ খলকনিৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *