Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / মাজুলী প্ৰশাসনৰ স্বেচ্ছাসেৱী দলত কেনেকৈ যোগদান কৰিব পাৰিব

মাজুলী প্ৰশাসনৰ স্বেচ্ছাসেৱী দলত কেনেকৈ যোগদান কৰিব পাৰিব

‘নভেল ক’ৰ’ণা ভাইৰাছ-১৯’জটিল পৰিস্থিতিৰ সময়ছোৱাত জনসেৱাৰ জৰুৰী প্ৰয়োজনত মাজুলী জিলা প্ৰশাসনক সহায়ৰ বাবে স্বেচ্ছাসেৱক গোট সাজু কৰি ৰাখিবলৈ জিলা প্ৰশাসনে পৰিকল্পনা :

পৰাণজ্যোতি বৰা, মাজুলী, ২৫ মাৰ্চ:

‘ন’ভেল ক’ৰ’ণা ভাইৰাছ-১৯’ৰ বিশ্বজোৰা মহাসংক্ৰমণক লৈ দেখা দিয়া জটিল পৰিস্থিতিৰ সময়ছোৱাত জনসেৱাৰ জৰুৰী প্ৰয়োজনত মাজুলী জিলা প্ৰশাসনক সহায়ৰ বাবে স্বেচ্ছাসেৱক গোট সাজু কৰি ৰাখিবলৈ জিলা প্ৰশাসনে পৰিকল্পনা লৈছে। সমাজ সেৱা, ক্ৰীড়া, সাহিত্য-সংস্কৃতি, গাড়ীচালনা, খাদ্য সামগ্ৰী প্ৰস্তুত কৰা-বিতৰণ কৰা, কম্পিউটাৰত কাম-কাজ জনা আদি যিকোনো বিষয় বা ক্ষেত্ৰতে নিজৰ দক্ষতা, অভিজ্ঞতা আৰু সামৰ্থ থকা মাজুলী জিলাৰ আগ্ৰহী যুৱক-যুৱতী তথা লোকসকলে জিলা প্ৰশাসনৰ অধীনত এনে স্বেচ্ছাসেৱক ৰূপে জনসাধাৰণৰ মাজত জৰুৰীকালীন সেৱা আগবঢ়াব পাৰিব। তদুপৰি নিজা বাইক, স্কুটাৰ অথবা গাড়ী থকা কোনো যুৱক-যুৱতী তথা লোকে এনে জৰুৰীকালীন পৰিস্থিতিত প্ৰশাসনক স্বেচ্ছামূলক সহায় আগবঢ়াব বিচাৰিলে, তেনে যুৱক-যুৱতী তথা লোকসকলকো মাজুলী জিলা প্ৰশাসনৰ অধীনত স্বেচ্ছাসেৱী হিচাপে আদৰণি জনোৱা হ’ব। জিলা প্ৰশাসনৰ অধীনত এনেদৰে স্বেচ্ছামূলক জনসেৱাত নিয়োজিত হ’বলৈ আগ্ৰহী যুৱক-যুৱতী তথা লোকে (১) নিজৰ নাম, (২) পিতৃ/মাতৃৰ নাম, (৩) বয়স আৰু লিংগ, (৪) ঠিকনা, (৫) যোগাযোগৰ নম্বৰ, (৬) নিজৰ দক্ষতা/অভিজ্ঞতা/আগ্ৰহ বা ৰাপ থকা ক্ষেত্ৰ বা বিষয়, (৭) নিজৰ কোনো বাহন (গাড়ী, স্কুটাৰ, বাইক আদি) থাকিলে, তেনে বাহনৰ প্ৰকাৰ সন্দৰ্ভত নিৰ্দিষ্টকৈ লিখি জিলা প্ৰশাসনলৈ প্ৰেৰণ কৰিবলৈ মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীয়ে সংশ্লিষ্ট সকলোৰে প্ৰতি অনুৰোধ জনাইছে। আগ্ৰহী সকলে নিম্নোক্ত হুৱাটছএপ নম্বৰ আৰু ই-মেইল ঠিকনাত নিজৰ তথ্যৰাজী প্ৰেৰণ কৰিব পৰিব। এনে স্বেচ্ছামূলক জনসেৱাৰ বাবে আগ্ৰহীসকলে এতিয়াই উপায়ুক্ত কাৰ্যালয়লৈ নিজে অহাৰ প্ৰয়োজন নাই। জিলা প্ৰশাসনে সদ্যহতে এনে আগ্ৰহী স্বেচ্ছাসেৱকসকলৰ নাম-ঠিকনা, যোগাযোগ নম্বৰ আদি একগোট কৰি এটা তথ্য-আধাৰ প্ৰস্তুত কৰিব। এই তথ্য-আধাৰৰ পৰাই জিলা প্ৰশাসনে প্ৰয়োজন অনুসাৰে জৰুৰী পৰিস্থিতিত নিৰ্দিষ্ট জনসেৱামূলক কামত অংশগ্ৰহণৰ বাবে একো একোটা স্বেচ্ছাসেৱক গোটক ফোনৰ জৰিয়তে যোগাযোগ কৰি আমন্ত্ৰণ জনাব। আগ্ৰহীসকলে এতিয়া মাথো হুৱাটছএপ আৰু ই-মেইলৰ জৰিয়তে নিজৰ নাম-তথ্যহে দাখিল কৰক।
যোগাযোগৰ বাবে হুৱাটছএপ নম্বৰ : +৯১৬০০১৫৫৮২৫২ আৰু +৯১৯৭০৬২৬১০৯৬
ই-মেইল ঠিকনা : majulicovid19@gmail.com,

পৰাণজ্যোতি বৰা, মাজুলী।

About Staff Reporter

চাব পাৰে

ত্ৰিপুৰাত ধৰা পৰিল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী*

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : ত্ৰিপুৰাতো ওলাল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *