Wednesday , January 29 2020
Home / Uncategorized / মাডাৰ বৃদ্ধাবাসত টিম ৰত্নাকৰ শুকুৰবাৰে মুক্তি লাভ কৰিব “ৰত্নাকৰ ,,,, মৰমৰ এক নতুন আখ্যান” চলচ্চিত্ৰ

মাডাৰ বৃদ্ধাবাসত টিম ৰত্নাকৰ শুকুৰবাৰে মুক্তি লাভ কৰিব “ৰত্নাকৰ ,,,, মৰমৰ এক নতুন আখ্যান” চলচ্চিত্ৰ

ষ্টাফৰিপৰ্টাৰ, ৯ অক্টোবৰ, গুৱাহাটীৰ সিজুৱাৰীস্থিত মাডাৰ বৃদ্ধাবাসত বুধবাৰে টিম ৰত্নাকৰ উপস্থিত হয়। টিম ৰত্নাকৰৰে শুকুৰবাৰে মুক্তি লাভ কৰিবলগীয়া “ৰত্নাকৰ ,,,, মৰমৰ এক নতুন আখ্যান” ৰ প্ৰচাৰ চলোৱাৰ লগতে বৃদ্ধাবাসৰ আৱাসিৰ সৈতে মতবিনিময় কৰে। প্ৰথমে টিম ৰত্নাকৰক আদৰি আনে বৃদ্ধাবাসৰ আৱাসী সকলে। তাৰ পিছত বৃদ্ধাবাসৰ আৱাসীৰ আশীৰ্বাদ লয় টিম ৰত্নাকৰে। চলচ্চিত্ৰ খনৰ অভিনেতা, যতীন বৰা, বৰষা ৰাণী বিষয়া, নিশিতা গোস্বামীয়ে বৃদ্ধাবাসৰ আৱাসী আইতা সকলৰ বিহু গীতত বিহ নৃত্য পৰিবেশন কৰে। এই চলচ্চিত্ৰ খনতো এখন বৃদ্ধাবাসৰ দৃশ্য সংযোজন কৰা হৈছে। এই অনুষ্ঠানৰ পিছতে মাডাৰ বৃদ্ধাবাসত এখন সংবাদমেলৰ আয়োজন কৰা হয়। সংবাদমেল যোগে
অভিনেতা যতীন বৰাই কয় “এই চলচ্চিত্ৰ খনক লৈ টিম ৰত্নাকৰ যথেষ্ট আশাবাদী । চলচ্চিত্ৰ খন ছবি গৃহত উপভোগ কৰি থকা দর্শকক মবাইল ফোনত চলচ্চিত্ৰ খন ৰেকৰ্ডিঙ নকৰিবলৈ আহ্বান জনালোঁ। এই চলচ্চিত্ৰ খনৰ জৰিয়তে এক সুন্দৰ বাৰ্তা দৰ্শকে লাভ কৰিব পাৰিব। এই অনুষ্ঠানত অভিনেতা সঞ্জীৱ হাজৰিকা, শিশু অভিনেত্ৰী আশ্ৰমিকা শইকীয়া, পদ্মৰাগ গোস্বামী, চলচ্চিত্ৰ খনৰ প্ৰচাৰৰ দায়িত্বত থকা মৌচম জ্যোতি বৈশ্যৰ লগতে টিম ৰত্নাকৰৰ অন্যান্য শিল্পী সকল উপস্থিত থাকে।উল্লেখ ৰ”ত্নাকৰ’ৰ চলচ্চিত্ৰৰ প্ৰচাৰৰ বাবে কাইলৈ বিশাল বাইক ৰেলীৰ আয়োজন কৰা হৈছে। কাইলৈ পুৱা মা কামাখ্যাৰ আশীৰ্বাদ লোৱাৰ পিছত গুৱাহাটীৰ কামাখ্যা গেটৰ পৰা চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিস্থানৰ খেলপথাৰৰ লৈকে বিশাল বাইক ৰেলী অনুষ্ঠিত হ’ব৷ এই ৰেলী কাইলৈ পুৱা ১১ বজাত আয়োজন কৰা হৈছে।এই ৰেলিত সকলোৰে
সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে টিম ৰত্নাকৰে।

About Staff Reporter

চাব পাৰে

তৃতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ ষ্টাফৰিপৰ্টাৰ, ৩১ অক্টোবৰ : গুৱাহাটীৰ পাঞ্জাৱাৰিস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্রত বৃহস্পতি বাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱ বন্তি প্ৰজ্জলনেৰে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। অসম চৰকাৰে জ্যোতি চিত্ৰবনৰ উদ্যোগত ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টেলিভিচনৰ সহযোগত আয়োজন কৰা তৃতীয় গুৱাহাটী আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ আজি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মহোৎসৱৰ সফলতা কামনা কৰে। এই মহোৎসৱত দেশ বিদেশৰ বহু খ্যাতনামা চলচ্চিত্ৰ নিৰ্মাতা,শিল্পী,কলা-কুশলী তথা চলচ্চিত্ৰ সমালোচকে অংশগ্ৰহণ কৰিছে।বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৬৫ খন দেশৰ প্ৰায় ১০০ৰো অধিক চলচ্চিত্ৰ এই মহোৎসৱত প্ৰদৰ্শন কৰা হ’ব।তৃতীয় গুৱাহাটী আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ সৰ্বতোপ্ৰকাৰৰ সাফল্যৰ বাবে সকলো চলচ্চিত্ৰপ্ৰেমী ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা সকলে।

ষ্টাফৰিপৰ্টাৰ, ৩১ অক্টোবৰ : গুৱাহাটীৰ পাঞ্জাৱাৰিস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্রত বৃহস্পতি বাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় …

Leave a Reply

Your email address will not be published. Required fields are marked *