Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / মাণিকপুৰৰ কীৰ্তনপাৰা বজাৰৰ পথৰ শোচনীয় অৱস্থাঃ

মাণিকপুৰৰ কীৰ্তনপাৰা বজাৰৰ পথৰ শোচনীয় অৱস্থাঃ

মাণিকপুৰৰ কীৰ্তনপাৰা বজাৰৰ পথৰ শোচনীয় অৱস্থাঃ
যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিছে ৰাইজ, কানসাৰ নাই স্থানীয় বিধায়কৰ

ফাৰ্ষ্ট নিউজ ৰিপৰ্ট, মাণিকপুৰৰ পৰা জ্যোতিষ দাস ২০ জুনঃ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মাণিকপুৰ অঞ্চলৰ কীৰ্তনপাৰা বজাৰৰ পথৰ অৱস্থা একেবাৰেই শোচনীয়। এজাক বৰষুণ আহিলে পথটো পুখুৰী সদৃশ হৈ পৰে। যাতায়তৰ ক্ষেত্ৰত হাৰাশাস্তিৰ সন্মুখীন হয় এই পথটোৰে যাতায়ত কৰা পথচাৰী সকল। বৰঘোলাৰ পৰা চাকলালৈ যোৱা এইটো এটা একমাত্ৰ পথ। যিটো পথেৰে দিনত হাজাৰ হাজাৰ লোকৰ যাতায়ত হয়। লগতে কীৰ্তনপাৰা বজাৰখন হৈছে উত্তৰ অভয়াপুৰী সমষ্টিৰ বানিজ্যিক প্ৰাণকেন্দ্ৰ স্বৰূপ। ইমান গুৰুত্বপূৰ্ণ পথৰ অৱস্থা এনেকুৱা হোৱাৰ পিছতো কোনো কানসাৰ দিয়া নাই স্থানীয় বিধায়ক আব্দুল হাই নাগৰিয়ে । তেওঁ কেৱল নানা ধৰণৰ প্ৰতিশ্ৰুতি দি ভোট ভিক্ষা কৰিবলৈহে এই অঞ্চললৈ আহে আৰু চলে বলে কৌশলে ভোটৰ বৈতৰণী পাৰ হৈ গলেই সকলো পাহৰি যায়, জনসাধাৰণৰ কথা মুঠেই চিন্তা নকৰে সেয়েহে এনেকুৱা মানুহ ৰাজনীতিত আহিবয়ে নালাগে বুলি মন্তব্য কৰে এই অঞ্চলৰ স্থানীয় লোকসকলে।

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *