Sunday , December 15 2019
শেহতীয়া খবৰ
Home / মহানগৰ / মাৰোৱাৰী হাস্পতাল আৰু গংগাৰাম হাস্পতালৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

মাৰোৱাৰী হাস্পতাল আৰু গংগাৰাম হাস্পতালৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

 

ষ্টাফৰিপৰ্টাৰ, ১৫ নৱেম্বৰ : মাৰোৱাৰী হাস্পতাল আৰু ছাৰ গংগাৰাম হাস্পতালৰ মাজত শুকুৰবাৰে এক নতুন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয়। মুখ্যমন্ত্ৰী সৰ্বান্দন সোনোৱালৰ উপস্থিতিত মাৰোৱাৰী হাস্পতালৰ সভাপতি শৰৎ কুমাৰ জৈন আৰু গংগাৰম হাস্পতালৰ অধ্যক্ষ পদ্মশ্ৰী ডাঃ সৌমিত্ৰ ৰাৱাটে এই চুক্তি সম্পাদিত কৰে। এই চুক্তি অনুসৰি গংগাৰাম হাস্পতালৰ সহযোগত এতিয়াৰ পৰা গুৱাহাটীৰ মাৰোৱাৰী হাস্পতালত গেষ্ট্র’ লিভাৰ চার্জিকেল ক্লিনিকৰ সেৱা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে লাভ কৰিব পাৰিব। এই উদ্দেশ্য আগত ৰাখি শুকুৰবাৰে হাস্পতালখনত অনুষ্ঠিত গম্ভীৰ্য পুৰ্ণ অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়-“মাৰোৱাৰী হাস্পতাল আৰু গংগাৰাম হাস্পতাল এই দুয়োখন হাস্পতালৰ মাজত আজি এখন নতুন চুক্তি স্বাক্ষৰ কৰা হৈছে। মই তাৰবাবে দুয়োখন হাস্পতালৰ সমূহ কৰ্মকর্তাক অভিনন্দন জ্ঞাপন কৰিছো। যি সকল লোক অতি দুৰ্বল যাৰ হাতত পইচা’ও নাই আৰু উপাৰ্জনো নাই, সেই দুৰ্বল দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা শ্ৰেণীটোক যি ৰাষ্ট্ৰই উত্তম সেৱা ব্যৱস্থা প্ৰৱৰ্তন কৰিব পাৰে সেইখনেই মহান ৰাষ্ট্ৰ। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়ুষ্মান ভাৰতৰ আঁচনিৰ দ্বাৰা কেন্দ্ৰীয় পুঁজিৰ পৰা দুখীয়া লোকসকলক পাঁচ লাখ টকাৰ সাহায্য আগবঢ়াই আহিছে। আৰু আমিও আমাৰ চৰকাৰৰ ফালৰ পৰা অটল অমৃত, মুখ্যমন্ত্ৰী বিনামূলীয়া চিকিৎসা সেৱা প্রদান কৰি অসমৰ ৰাইজক ৰোগৰ ক্ষেত্ৰত কিছু সকাহ দিয়াৰ বাবে চেষ্টা কৰিছোঁ। তেওঁ লগতে কয়” অসমৰ মাটিত গংগাৰাম হাস্পতালে মাৰোৱাৰী হাস্পতালৰ লগত যি সহযোগিতা আগবঢ়ালে তাৰ ফলত অসমৰ লোকসকলৰ বাবে ই এক ডাঙৰ সুবিধাত পৰিণত হ’ব।বিশেষকৈ দুখীয়া শ্ৰেণীৰ ৰোগীসকলে ইয়াৰ দ্বাৰ উপকৃত হ’ব বুলি মই বিশ্বাসী”। এই অনুষ্ঠানত সাংসদ কুইন ওজাৰ লগতে মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভঁৰালী আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

কুইন ওজাৰ বাসগৃহ ঘেৰাও কৰে একাংশ প্ৰতিবাদকাৰীৰ

  ষ্টাফৰিপৰ্টাৰ, ১০ ডিচেম্বৰ : আজি কুইন ওজাৰ বাসগৃহ ঘেৰাও কৰে একাংশ প্ৰতিবাদকাৰীয়ে। বন্ধ সমৰ্থকৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *