Wednesday , January 23 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / মিছেছ  টুৰিজিম কুইন ইন্টাৰনেচনেল পেজেণ্ট ২০১৮ লৈ  অসমৰ ছ’নিয়া সাৰদা

মিছেছ  টুৰিজিম কুইন ইন্টাৰনেচনেল পেজেণ্ট ২০১৮ লৈ  অসমৰ ছ’নিয়া সাৰদা

ষ্টাফ ৰিপোৰ্টাৰ,,,২০ আগষ্ট।।।।।বিবাহিতা মহিলা সকলৰ নিজৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ বাবে মিছেছ  টুৰিজিম কুইন ইন্টাৰনেচনেল পেজেণ্ট ২০১৮ ৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত অসমৰ হৈ ভাৰতক প্ৰতিনিধিত্ব কৰিব অসমৰ বোৱাৰী  ছনিয়া সাৰদা ই। সোমাবাৰে  গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত এখন সংবাদমেলত উপস্থিত থাকি  মিছেছ ইণ্ডিয়া এন চি আৰ দিল্লীৰ প্ৰথম ৰানাৰ আপ মিছেছ ছনিয়া ছাৰদাই এই কথা সদৰী কৰে।তেওঁ কয়, ” ছোচিযেল মিডিয়া ফেচবুকৰ জৰিয়তে এই প্ৰেজেণ্ট সম্পৰ্কে মই অৱগত হওঁ। মই আগতে কেতিয়াও এই জগতত জড়িত হম বুলি ভবা নাছিলো। মোক পৰিয়ালৰ সকলো লোকে বহুত সহায় সহযোগীতা আগবঢ়াইছে। এই ক্ষেত্ৰত সফল হবৰ বাবে কষ্ট কৰিব লাগিব ধৈহ্য ধৰিব লাগিব আৰু নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব।অসম তথা উত্তৰ পূৰ্বাঞ্চল এখন অতি সুন্দৰ ঠাই। ইয়াৰ খাদ্য, পৰিবেশ জৈৱ বৈচিত্ৰ, ঐতিহাসিক ঠাই, সংকৃতি, আৰু নৰ্থ ইষ্টৰ টুৰিজিমক সকলোৰে আগত দাঙি তথা উপস্থাপন কৰাৰ উদ্দেশ্যে মই ভাৰতৰ একমাত্ৰ প্ৰতিযোগিত হিছাপে অংশগ্ৰহণ কৰিব মিছেছ  টুৰিজিম কুইন ২০১৮। এই প্ৰতিযোগিতা  অনুষ্ঠিত হব ২৪ আগষ্টৰ পৰা ৩০ আগষ্ট লৈ কুৱালা লামপুৰ মালাইছিয়াত।” সাংবাদমেলত ফেশ্যন ডিজাইনৰ মেধা শইকীয়াৰ লগতে অন্যান্য ব্যক্তি সকল উপস্থিত থাকে।

About Staff Reporter

চাব পাৰে

কল্পৰ উদ্যোগত “কল্পবৃক্ষ”

  ষ্টাফ ৰিপোৰ্টাৰ।।। ২১ জানুৱাৰী।।। সাহিত্য, কলা- সংস্কৃতি আৰু সামাজিক সংহতিৰ প্ৰসাৰৰ অনুষ্ঠান কল্পই গুৱাহাটীত …

Leave a Reply

Your email address will not be published. Required fields are marked *