Tuesday , November 19 2019
শেহতীয়া খবৰ
Home / মহানগৰ / মিলাঞ্জ ২০১৯” শীৰ্ষক অনুষ্ঠান

মিলাঞ্জ ২০১৯” শীৰ্ষক অনুষ্ঠান

 

ষ্টাফ ৰিপ’ৰ্টাৰ,,,,৮ নৱেম্বৰ।।।।ড্ৰিমজ’ন এ স্কুল অৱ ক্ৰিয়েটিভ ষ্টাডি হৈছে”কেড প্ৰশিক্ষণ সেৱা কেন্দ্ৰ প্ৰাইভেট লিমিটেডৰ এক প্ৰয়াস, যি সমগ্ৰ বিশ্বতে ক্ৰিয়েটিভ, ইঞ্জিনিয়েৰিং আৰু মেনেজমেণ্ট স্কীল ডেভেলপমেণ্ট শিক্ষা প্ৰদানৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিছে।এক ডিজাইনিং প্ৰতিষ্ঠান হিচাপে ড্ৰিমজ’নে ভাৰতত প্ৰতিবছৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উদ্যমী যুৱ সমাজৰ সৃজনীশীল মন:স্তত্ব বিকাশৰ ক্ষেত্ৰত প্ৰদৰ্শনীমূলক তথা প্ৰতিযোগিতামূলক বহুতো অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। বৰ্তমান বাংলাদেশতো এক কেন্দ্ৰ স্থাপনৰ জড়িয়তে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো ড্ৰিমজ’নে খোজ দিবলৈ সক্ষম হৈছে। এইবছৰো ড্ৰিমজ’নে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত ৯ নৱেম্বৰত”মিলাঞ্জ ২০১৯” শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেল যুগে এই কথা সদৰী কৰে ড্ৰিমজ’নৰ গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক সমুজ্জল বৰুৱাই। তেঁও লগতে কয় ” এই অনুষ্ঠানটিৰ মূল উদেশ্য হৈছে ইণ্টেৰিঅ’ৰ ডিজাইন, ফটোগ্ৰাফী, জুৱেলাৰী ডিজাইন আদিৰ প্ৰদৰ্শনীৰ জৰিয়তে সৃজনশীল উৎসাহী যুৱ সমাজক এক মঞ্চ প্ৰদান কৰা। অনুষ্ঠানটোত উৎসাহী যুৱক- যুৱতী সকলৰ মাজত ৱেব ডিজাইনিং, গ্ৰাফিক ডিজাইনিং আৰু চুটি ছবিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰো পৰিকল্পনা কৰা হৈছে। তাৰোপৰি, সেইদিনা সন্ধিয়া ছয় বজাৰ পৰা এক “ফেশ্বন শ্ব”ৰো আয়োজন কৰা হ’ব য’ত ড্ৰিমজ’ন ফেশ্বনৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰস্তুত কৰি উলিওৱা পৰিধান সমূহৰ প্ৰদৰ্শন কৰা হ’ব। এই অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে অভিনেতা ৰবি শৰ্মা, অভিনেত্ৰী মেঘালী দাস, বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা, উপস্থিত থাকিব।

About Staff Reporter

চাব পাৰে

অটল অমৃত অভিযান আঁচনি ৰ সৈতে এইচ জি ইকেঅ’ কেন্সাৰ চেণ্টাৰৰ চুক্তি স্বাক্ষৰ

  ষ্টাফৰিপৰ্টাৰ: ১৬ নৱেম্বৰ: অটল অমৃত অভিযান আঁচনি ৰ সৈতে এইচ জি ইকেঅ’ কেন্সাৰ চেণ্টাৰৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *