Monday , August 26 2019
শেহতীয়া খবৰ
Home / ফেশ্যন / মিষ্টাৰ ইণ্টাৰনেশ্বনেলত ভাৰতক প্ৰতিনিধিত্ব কৰিব লোকানন্দ ক্ষেত্ৰিমায়ুমে

মিষ্টাৰ ইণ্টাৰনেশ্বনেলত ভাৰতক প্ৰতিনিধিত্ব কৰিব লোকানন্দ ক্ষেত্ৰিমায়ুমে

 

ষ্টাফ ৰিপোৰ্টাৰ,,,, ১৩ জুলাই।।। গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত ৮ আগষ্টত অনুষ্ঠিত হোৱা দশম গাৰ্ণিয়াৰ মেন মেগা নৰ্থ ইষ্ট- ২০১৯ ত মিষ্টাৰ নৰ্থ ইষ্ট খিতাপ বিজয়ী মণিপুৰৰ লোকনন্দ ক্ষেত্ৰিমায়ুমে আগন্তক মিষ্টাৰ ইণ্টাৰনেশ্বনেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। সোমবাৰে হোটেল ৰেডিশ্বন ব্লুত সাংবাদিকৰ সৈতে হোৱা এক মত বিনময় অনুষ্ঠানত এই বিষয়ে সদৰী কৰে মেগা এণ্টাৰটেইনমেণ্টৰ প্ৰতিষ্ঠাপক অভিজিৎ সিংহই। তেওঁ কয়”-আমি নিবিচাৰো যাতে আমাৰ প্ৰতিভা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতেই সীমাবদ্ধ থাকক, আমি সদায় চেষ্টা কৰোঁ যাতে আমি আমাৰ বিজয়ী প্ৰতিযোগিক এখন আন্তৰাষ্ট্ৰীয় মঞ্চ দিব পাৰোঁ । সেয়ে এইবাৰ আমাৰ গাৰ্ণিয়াৰ মেগা নৰ্থ ইষ্ট লোকানন্দ ক্ষেত্ৰিমায়ুমে হ’বলগীয়া মিষ্টাৰ ইণ্টাৰনেশ্বনেলত ভাৰতক প্ৰতিনিধিত্ব কৰিব। আমি আশা কৰিছোঁ তেওঁ বিজয়ী হৈ ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চললৈ সুনাম কঢ়িয়াই আনিব পাৰে। তেওঁ লগতে কয়”- এই বছৰৰ পৰা আমি প্ৰতিযোগিতাত উপ- বিজেতাৰ ধাৰণ সলনি কৰিছোঁ। যাৰ বাবে আমি লোকানন্দ ক্ষেত্ৰিমায়ুমৰ উপৰিও মিজোৰামৰ জনাথন থাংগে আৰু ছিকিমৰ ছোনম পল তেঞ্জি ভূতিয়াক আমি গাৰ্ণিয়াৰ মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ বিজয়ী ৰূপে নিৰ্বাচন কৰিছোঁ”। উল্লেখযোগ্য যে, মেগা মিষ্টাৰ নৰ্থ ইষ্ট’ৰ বিজয়ী কেইগৰাকীৰ উপৰিও সপ্তদশ ছান ছিল্ক মেগা মিছ নৰ্থ ইষ্ট’ৰ বিজয়ী ক্ৰমে মণিপুৰৰ লাংপোক্লাকপাম মেল’ডী, মেঘালয়ৰ তানভী ৰাক্সাম মাৰাক আৰু ছিকিমৰ ৰাজেশ্বৰী চক্ৰৱৰ্তী’ আজিৰ অনুষ্ঠানত উপস্থিত থাকি তেওঁলোকৰ এই ক্ষেত্ৰত অভিজ্ঞতা সমূহৰ বিষয়ে সাংবাদিকৰ আগত ব্যক্ত কৰে।

About Staff Reporter

চাব পাৰে

শুৱালকুছিত প্ৰথম বাৰৰ বাবে সৌন্দৰ্য্য প্ৰতিযোগিতা সম্পন্ন

শুৱালকুছিত প্ৰথম বাৰৰ বাবে সৌন্দৰ্য্য প্ৰতিযোগিতা সম্পন্ন। অৰ্চনা বৰদলৈক মিছ আৰু বিপ্লৱ দাসক মিষ্টাৰ শুৱালকুছিৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *