Sunday , April 5 2020
শেহতীয়া খবৰ
Home / মহানগৰ / মুখ্যমন্ত্ৰীৰ যুৱ সমাৰোহ-২০২০ আৰম্ভ*

মুখ্যমন্ত্ৰীৰ যুৱ সমাৰোহ-২০২০ আৰম্ভ*

 

ষ্টাফৰিপোৰ্টাৰ, ১৯ জানুৱাৰীঃ সৰুসজাইত আজিৰে পৰা আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ যুৱ সমাৰোহ-২০২০। ৰাজ্যৰ ১১০ খনৰো অধিক মহাবিদ্যালয়ৰ ২ জনকৈ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই সমাৰোহখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষা বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সমাৰোহত ভাষণ প্ৰদান কৰি মন্ত্ৰী ড০ শৰ্মাই তথ্য সহকাৰে দাবী কৰে যে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত সৰ্বানন্দ সোণোৱাল অলংকৃত হোৱাৰ পিছৰে পৰা শিক্ষা আৰু স্বাস্থ্য খণ্ডলৈ ব্যাপক পৰিৱৰ্তন অহাৰ লগতে অৰ্থনৈতিকভাৱেও ৰাজ্যখন টনকিয়াল হৈছে। এই ক্ষেত্ৰত একাংশ উগ্ৰ জাতীয়তাবাদী সংগঠনে অসমৰ বিকাশত বাধা দিবলৈ বাৰম্বাৰ চেষ্টা চলাই তেওঁলোক সেই চেষ্টাত সফল হ’ব পৰা নাই। শেহতীয়াকৈ একাংশ লোকে অসমৰ ৰাইজক তথ্য সন্মত কথা কোৱাতকৈ আৱেগেৰে পৰিচালিত কৰিবলৈ চেষ্টা চলাইছে যিটো জাতিৰ বাবে অতি বিপদজনক বুলিও মন্তব্য কৰে মন্ত্ৰী শৰ্মাই।

তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই সমাৰোহত মহাবিদ্যালয়সমূহৰ লগতে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ আৰু অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিছে। সমাৰোহৰ আজিৰ আলোচনাৰ বিষয়-বস্তু আছিল, ‘অসমৰ পশু-পালন আৰু কৃষি খণ্ডত অৰ্থনৈতিক সুযোগ-সুবিধা’।

ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা সমিতিৰ সদস্য সচিব লক্ষ্য কোঁৱৰে আঁত ধৰা সমাৰোহৰ আজিৰ সভাখনত ৰাজ্যখনৰ উদ্যমিতা ক্ষেত্ৰখনত বিশেষ অৰিহণা আগবঢ়োৱা কেবাজনো ব্যক্তি উপস্থিত থাকে। কাইলৈ দ্বিতীয় দিনৰ কাৰ্যসূচীত উপস্থিত থাকিব সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু বিধায়ক ঋতুপৰ্ণ বৰুৱা। আনহাতে ২১ জানুৱাৰীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব বলীউডৰ অভিনেতা বিবেক অবেৰয়ে। উক্ত সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰিব।

About Staff Reporter

চাব পাৰে

অসহায় লোকৰ মাজত মহাৰাজা অগ্ৰসেন চেৰিটেবল ট্ৰাষ্টৰ খাদ্য সামগ্ৰী বিতৰণ

  ষ্টাফৰিপোৰ্টাৰ, ৩১ মাৰ্চ : কোৰোনা ভাইৰাছে বিশ্বব্যাপি সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ইতিমধ্যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে …

Leave a Reply

Your email address will not be published. Required fields are marked *