Saturday , January 25 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত ১৪৪ ধাৰা জাৰি

মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত ১৪৪ ধাৰা জাৰি

মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত ১৪৪ ধাৰা জাৰি

শেহতীয়া স্পৰ্শকাতৰ আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি নজৰ ৰাখি মাজুলী জিলা প্ৰশাসনে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ লগতে ৰাজহুৱা শান্তি শৃংখলা বজাই ৰখাৰ স্বাৰ্থত ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত সমগ্ৰ জিলাখনতে তৎকালীন ভাৱে প্ৰযোজ্য হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। মাজুলীৰ জিলা দণ্ডাধীশ শ্ৰীবিক্ৰম কৈৰী, আইএএছ-এ ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাত প্ৰদত্ত কৰ্তৃত্বৰ জৰিয়তে আজি (১০ ডিচেম্বৰ ২০১৯) এই সম্পৰ্কীয় এক আদেশ জাৰি কৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আৰু আন বিষয়ক লৈ বিভিন্ন সংগঠন, গোট তথা সমৰ্থকে প্ৰতিবাদী সভা-সমদল উলিওৱাৰ সময়ত জনসাধাৰণ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত বিপদাশংকাৰ উদ্ৰেককাৰী জোৰ তথা আন দাহ্য সামগ্ৰী (inflammable substances) ব্যৱহাৰ কৰাটো পৰিলক্ষিত হোৱাৰ উপৰি অসামাজিক চক্ৰ, উগ্ৰবাদী গোট তথা তেওঁলোকৰ সমৰ্থক আদিয়ে এই জোৰৰ অগ্নি তথা দাহ্য সামগ্ৰীৰ অপব্যৱহাৰ কৰি এনে প্ৰতিবাদৰ সময়ত কূটাঘাটমূলক কাৰ্য সংঘটিত কৰাৰো সুযোগ লোৱাৰ আশংকাৰ বিষয়ে চোৰাংচোৱা তথা আন নিৰ্ভৰযোগ্য উৎসৰ পৰা তথ্য লাভ কৰাৰ সূত্ৰে জিলা দণ্ডাধীশগৰাকীয়ে মঙ্গলবাৰে জাৰি কৰা আদেশটোৰ জৰিয়তে জিলাখনত প্ৰযোজ্য হোৱাকৈ নিম্নোক্ত নিষেধাজ্ঞাসমূহ আৰোপ কৰিছে:
(১) মাজুলী জিলাত প্ৰতিবাদী সভা-সমদল আদিৰ সময়ত অগ্নি প্ৰজ্বলন তথা আন কোনোধৰণৰ দাহ্য সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব।
(২) উপযুক্ত কৰ্তৃপক্ষৰ আগতীয়া অনুমতি অবিহনে জিলাখনৰ কোনো ব্যক্তিয়ে ব্যক্তিগত ভাৱে বা মুকলি বজাৰত প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত ব্যৱহাৰ হোৱাৰ সম্ভাৱনা থকা এনে ধৰণৰ কোনো দাহ্য সামগ্ৰীৰ ক্ৰয়-বিক্ৰয়, মজুতকৰণ, লৈ ফুৰা তথা সৰবৰাহ কৰাটোও সম্পূৰ্ণ নিষিদ্ধ ঘোষণা কৰা হৈছে।
(৩) চৰকাৰী কৰ্তৃত্বশীল ব্যক্তিৰ বাদে জিলাখনত আন কোনো লোকেই লগত মাৰণাস্ত্ৰ, লাঠি, চোকা অস্ত্ৰ, হাঠিয়াৰ আদি লৈ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰিব।
(৪) প্ৰতিবাদী সভা-সমদল আদিৰ সময়ত জোৰ তথা আন কোনো ধৰণৰ দাহ্য সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰতো নিষেধাজ্ঞা বলৱৎ কৰা হৈছে।
এই সন্দৰ্ভত পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত মাজুলী জিলাৰ অন্তৰ্গত সকলো এলেকাতে জিলা দণ্ডাধীশগৰাকীৰ এই আদেশ বলৱৎ থাকিব।

পৰাণজ্যোতি বৰা, মাজুলী।

About Staff Reporter

চাব পাৰে

টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ শিক্ষা বিভাগে।  …

Leave a Reply

Your email address will not be published. Required fields are marked *