Saturday , January 18 2020
শেহতীয়া খবৰ
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / মুম্বাইৰ চিএছটি ৰে’লৱে ষ্টেচনত ফুটব্ৰীজ খহি ৬জনৰ মৃত্যু

মুম্বাইৰ চিএছটি ৰে’লৱে ষ্টেচনত ফুটব্ৰীজ খহি ৬জনৰ মৃত্যু

 

ষ্টাফৰিপৰ্টাৰ, ১৫ মাৰ্চ, মুম্বাইৰ চিএছটি ৰে’লৱে ষ্টেচনত ফুটব্ৰীজ খহি ৬জন লোকৰ মৃত্যু হয়। এই ঘটনাত আন ৩২জন লোক আহত হয়। আহতসকলক ভৰ্তি কৰোৱা হৈছে ছেইণ্ট জৰ্জ হাস্পতালত। বৃহস্পতিবাৰে নিশা খহি পৰে ফুটব্ৰীজখনৰ এটা বৃহৎ অংশ। এই ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰনবিছ। আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই ঘটনাত দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। ইফালে, নিহতৰ পৰিয়াললৈ ৫ লাখ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ফাৰনবিছে।

About Staff Reporter

চাব পাৰে

পশ্চিমবঙ্গ চৰকাৰৰ অধীনলৈ গল ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ বাসগৃহ

  ষ্টাফৰিপৰ্টাৰ, ৪ জানুৱাৰী : পশ্চিমবঙ্গ চৰকাৰৰ অধীনলৈ গ’ল ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ বাসগৃহ। …

Leave a Reply

Your email address will not be published. Required fields are marked *