Thursday , April 9 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / মেজিৰ বিকৃতকৰণক লৈ প্ৰতিক্ৰিয়া বঙাইগাঁও জিলা শিল্পী সমাজৰ

মেজিৰ বিকৃতকৰণক লৈ প্ৰতিক্ৰিয়া বঙাইগাঁও জিলা শিল্পী সমাজৰ

বঙাইগাঁও জিলা শিল্পী সমাজৰ সংবাদ মেল

মহান শিল্পীৰ নামত আয়োজন কৰা অনুষ্ঠানক কুৰুচিপূৰ্ণ আৰু ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ নকৰিব

মেজিৰ বিকৃতকৰণকলৈও প্ৰতিক্ৰিয়া প্ৰকাশ

বঙাইগাঁওঃ ১৮ জানুৱাৰীঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটো শুকুৰবাৰে সমগ্ৰ অসমতৰ লগতে বঙাইগাঁও জিলাতো শিল্পী দিৱস হিচাপে উদযাপন কৰা হৈছে ৷ কিন্তু শিল্পী দিৱসৰ অনুষ্ঠান উদযাপন কৰাৰ নামত কিছুমান দৃষ্টিকটু বিষয় আমাৰ চকুত পৰিছে ৷ শিল্পী দিৱস আয়োজনৰ নামত অনুষ্ঠানটোক ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰা হৈছে ৷ দৃষ্টিভংগীটোও আচলতে ৰাজনৈতিক আৰু শিল্পীগৰাকীৰ অনুষ্ঠানটোক তাৰ বাবে লক্ষ্য কৰি লোৱা হৈছে ৷ আনকি সেই অনুষ্ঠানত যিসকল শিল্পীক আমন্ত্ৰণ কৰি নিয়া হয়, সেইসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত এটিকে হয়তো ভালকৈ গাব নাজানে ৷ এই অভিযোগ বঙাইগাঁও জিলা শিল্পী সমাজৰ ৷ শনিবাৰে বৃহত্তৰ বঙাইগাঁও বঙাইগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত শিল্পী সমাজে এই অভিযোগ উত্থাপন কৰি এই কাৰ্যক
গৰিহণা দিয়ে ৷ সংবাদ মেলত জিলা শিল্পী সমাজৰ সভাপতি দীপক দাসে অভিযোগ কৰি কয় যে বঙাইগাঁও জিলাত আয়োজন কৰা শিল্পী দিৱসৰ অনুষ্ঠানতে এনে ধৰণৰ কাৰ্য সংঘটিত হৈছে ৷ এই অনুষ্ঠানটোত জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত- মাত নহয়,বৰং সস্তীয়া গীত – মাতহে আমন্ত্ৰিত কণ্ঠশিল্পীগৰাকীৰ লগতে বিভিন্নজনে পৰিৱেশন কৰিলে ৷ নাচি- বাগি গীত গাই গোটেই পৰিৱেশটোকে কুৰুচিপূৰ্ণ কৰি তোলে ৷ নতুন প্ৰজন্মৰ মাজত শিল্পীগৰাকীৰ গীত-মাতসমূহক পৰিচয় কৰাই দি জনপ্ৰিয় কৰি তোলাৰ সলনি চেল্ফী লে লে আদি সস্তীয়া গীতসমূহ এই অনুষ্ঠানত গাই শিল্পীগৰাকীক অপমানহে কৰা হৈছে ৷ আমন্ত্ৰিত শিল্পীগৰাকীক এই বিষয়ে কোৱাত তেওঁ হেনো জ্যোতি সংগীত পাহৰি গৈছে বুলিহে কয় ৷ লগতে বিহু গীত তথা মানুহক নচৱাব পৰা গান গাব লাগে বুলিহে কয় ৷ তাতোকৈ দুৰ্ভাগ্যজনক কথা হ’ল নতুন প্ৰজন্মৰ যিসকল গায়ক তেওঁলোকে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, পাৰ্ৱতীপ্ৰসাদ বৰুৱাৰ গান নাজানে ৷ কিন্তু শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাই হওক বা বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকাই হওক এওঁলোক হৈছে সংগ্ৰামী সত্বাৰ শিল্পী ৷ তেওঁলোকৰ যিখিনি সৃষ্টি সেইখিনি হৈছে অসমীয়া জাতীৰ কাৰণে এক দলিল তথা এক ভঁৰাল ৷ গতিকে তেওঁলোকৰ সৃষ্টিৰাজিৰ প্ৰতি যদি আমাৰ নতুন প্ৰজন্মৰ শিল্পীসকলৰ এই মানসিকতা হয়, তেতিয়াহ’লে অতি দুৰ্ভাগ্যজনক ৷ কাৰণ আমি দেখিবলৈ পাইছো যে শিল্পী দিৱসৰ অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ যোৱা কিছুমানে জ্যোতি সংগীত এটিকে ভালদৰে গাব নাজানে ৷ কিন্তু চেল্ফী লে লে গাব ধৰিছে ৷ যিজন মহান ব্যক্তিৰ অনুষ্ঠানত গৈছে সেই অনুষ্ঠানত তেওঁৰ গীত গোৱাৰ পৰিৱৰ্তে এনে কিছুমান গীত পৰিৱেশন কৰিছে যাক সুৰুচিপূৰ্ণ বুলি ক’ব নোৱাৰি ৷ অনুষ্ঠানত শিল্পীগৰাকীৰ অন্তত এটি গীত পৰিৱেশন কৰক ৷ তাৰ পিছত ভূপেন হাজৰিকা,পাৰ্ৱতীপ্ৰসাদ বৰুৱা আদি শিল্পীসকলৰ গীত পৰিৱেশন কৰিলেহেঁতেন, তেতিয়াও অনুষ্ঠানটি ৰুচিপূৰ্ণ হলেঁহেতেন ৷ তাৰ পৰিৱৰ্তে আমি দেখিবলৈ পাইছো কিছুমান সস্তীয়া গীত গাই মানুহক নাচি বাগি গোটেই পৰিৱেশটো বিকৃত কৰিছে ৷ সেইদৰে এনে অনুষ্ঠানসমূহ আয়োজন কৰা উদ্যোক্তাসকলো এই অনুষ্ঠানসমূহক ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে ৷ এনে অনুষ্ঠানসমূহত ৰাজনৈতিক ব্যক্তিসকলক আমন্ত্ৰণ কৰা হৈছে আৰু অনুষ্ঠানত গৈ শিল্পী দিৱসৰ আলমলৈ নিজৰ উদ্দেশ্য সাধন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ যি সময়ত চৰকাৰে ‘কা’ জাপি দিয়াত অসমত ভাষা – সংস্কৃতিকলৈ চিন্তাৰ বিষয় হৈ পৰিছে ,সেই সময়ত মহান শিল্পীসকলৰ অনুষ্ঠানকলৈ যি ৰাজনীতি আৰম্ভ হৈছে সেয়া অতি সোনকালে বন্ধ হ’ব লাগে ৷ এই ক্ষেত্ৰত চৰকাৰৰ দায়িত্ব আছে বুলি ভাবো ৷ কাৰণ শিল্পী দিৱস বা এনে অনুষ্ঠানসমূহৰ অনুষ্ঠানসমূহ ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ হোৱাতো আমি নিবিচাৰো ৷ সভাপতিগৰাকীয়ে আৰু কয় যে শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা,বিষ্ণুপ্ৰসাদ ৰাভা, ড° ভূপেন হাজৰিকা আদি এই মহান শিল্পীসকলৰ লক্ষ্য উদ্দেশ্য আছিল সকলো মানুহক একত্ৰিত কৰি এখন সুস্থ সমাজ প্ৰতিষ্ঠা কৰাৰ ৷ এইসকল শিল্পীয়ে অসমক যি অৱদান দি থৈ গ’ল ,সেই অৱদানসমূহ আমি অসমীয়াই জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগিব ৷ কিন্তু বিগত কেইবাবছৰৰ পৰা দেখি আহিছো যে এই শিল্পী দিৱস বা মহান শিল্পীসকলৰ নামত যি দিৱস পালন কৰাৰ হয় সেই দিৱস বিলাকৰ অনুষ্ঠানক ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰি আহিছে ৷ লগতে এক অপ সংস্কৃতিয়ে গ্ৰাস কৰা পৰিলক্ষিত হৈছে ৷ এয়া অতি দুৰ্ভাগ্যজনক কথা ৷ কাৰণ যি সময়ত আমি অসমৰ সংস্কৃতিৰ হকে মাত মাতি আহিছো আৰু অসমৰ সংস্কৃতি ৰক্ষা কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছো, সেই সময়ত মহান শিল্পীসকলক সন্মুখত লৈ যিবিলাক কাৰ্য- কলাপ হ’বলৈ ধৰিছে সেয়া উদ্বেগৰ বিষয় ৷ এইক্ষেত্ৰত সকলো সচেতন ব্যক্তি তথা দল- সংগঠনক দৃষ্টি ৰাখিবলৈ আৰু এনে ধৰণৰ কাৰ্য- কলাপৰ বিৰুদ্ধে মাত মাতিবলৈ অনুৰোধ জনায় ৷ এয়া কেৱল শিল্পী সমাজৰে দায়িত্ব নহয় বৰং সচেতন অসমীয়া সমাজৰে দায়িত্ব আছে ৷ জিলা শিল্পী সমাজৰ সভাপতিগৰাকীয়ে মহান শিল্পীসকলৰ নামত আয়োজন কৰা অনুষ্ঠানত তেওঁলোকৰ গীত পৰিৱেশন কৰাতো বাধ্যতামূলক কৰিব লাগে বুলিও দাবী জনায় ৷ আনহাতে মাঘ বিহুৰ যি মেজি সেই মেজিকলৈও এতিয়া বিকৃতকৰণ কৰা চলিছে বুলি কয় ৷ সংবাদ মেলত সভাপতি দীপক দাসে কয় যে আজিৰ পৰা ২০-২৫ বছৰ পূৰ্বে মেজি কিদৰে বনোৱা হৈছিল সেয়া ক্ৰমাৎ নাইকিয়া হ’বলৈ ধৰিছে ৷ ফলত আজি নতুন প্ৰজন্মই মেজিক বিকৃত ৰূপতহে দেখিবলৈ পাবলৈ ধৰিছে ৷ মাঘ বিহুৰ মেজিৰ নামত অসমৰ আপুৰুগীয়া সম্পদসমূহ বনাই জ্বলাই দিয়া হৈছে ৷ এয়া অতিকে উদ্বেগৰ বিষয় ৷ অসমৰ মানচিত্ৰ, ৰংঘৰ আদি বনোৱাৰ লগতে জ্বলাই দিয়াও হৈছে ৷ এয়া সংস্কৃতি নহয় ৷ গতিকে বঙাইগাঁও জিলা শিল্পী সমাজে এই ক্ষেত্ৰত চৰকাৰে এখন আইন প্ৰণয়ন কৰি মেজিৰ নামত জাতীয় সম্পদ আদি সাঁজি উলিওৱা, সংস্কৃতিৰ বাহক আদি জ্বলাই দিয়াসকলক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী জনায় ৷ অন্যথা এনে ধৰণৰ কাৰ্যই আমাৰ অসমীয়া সমাজ ব্যৱস্থাৰ লগতে অসমীয়া সংস্কৃতিক ধ্বংস কৰাৰ দিশে আগবঢ়াই লৈ গৈ আছে ৷ যদি আমি সঁচাকৈ অসমীয়া হওক,অসমীয়া সংস্কৃতি ভাল পাও আৰু অসমৰ উন্নতি বিচাৰো তেতিয়াহ’লে এনেকুৱা কাৰ্যৰ পৰা আঁতৰি থাকিব লাগিব ৷ সংবাদ মেলত জিলা শিল্পী সমাজৰ সহকাৰী সম্পাদক মনোৰঞ্জন বৰ্মনো উপস্থিত আছিল ৷

About Staff Reporter

চাব পাৰে

কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও …

Leave a Reply

Your email address will not be published. Required fields are marked *