Sunday , January 26 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / মোৰাঝাৰ ষ্টেট বেংকত কৃষি ঋণ কেলেংকাৰী, গ্ৰেপ্তাৰ প্ৰাক্তন ঋণ বিষয়া

মোৰাঝাৰ ষ্টেট বেংকত কৃষি ঋণ কেলেংকাৰী, গ্ৰেপ্তাৰ প্ৰাক্তন ঋণ বিষয়া

মোৰাঝাৰ ষ্টেট বেংকত কৃষি ঋণ কেলেংকাৰী, গ্ৰেপ্তাৰ প্ৰাক্তন ঋণ বিষয়া

মোৰাঝাৰ ২৮ জুলাই-
ভাৰতীয় ষ্টেট বেংকৰ হোজাই জিলাৰ মোৰাঝাৰ ষ্টেট বেংকত সংঘটিত কোটি টকীয়া কৃষি ঋণ কেলেংকাৰীত জড়িত পঞ্চমজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ গ্ৰেপ্তাৰ কৰা লোকজন বেংকৰ প্ৰাক্তন ঋণ বিষয়া প্ৰদীপ কুমাৰ মিথি৷উল্লেখ্য যে ২০১৪ চনৰ পৰা ২০১৭ চনলৈ মোৰাঝাৰ ষ্টেট বেংকত কাৰ্যনিৰ্বাহ কৰিছিল বিষয়াজনে৷ কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে বেংকৰ শাখা প্ৰৱন্ধক আৰু একাংশ দালালৰ সৈতে মিলি কোটি টকাৰ কৃষি ঋণ কেলেংকাৰী সংঘটিত কৰিছিল৷এই বৃহৎ কেলেংকাৰী সন্দৰ্ভত মোৰাঝাৰ থানাত কেবাটাও গোচৰ ৰুজু হৈছে৷মোৰাঝাৰ আৰক্ষীয়ে বেংকৰ শাখা প্ৰৱন্ধক দেৱজিৎ তালুকদাৰ সহ মুঠ চাৰিজনক পূৰ্বতে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল৷ কালি গ্ৰেপ্তাৰ হোৱা ঋণ বিষয়াজনে এটা গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰি কেইজনমান জামিনদাৰক লগত লৈ থানাত জামিন লবলৈ আহিছিল যদিও আৰক্ষীয়ে বেংকৰ কেলেংকাৰী সন্দৰ্ভত ৰুজু হোৱা আন আন গোচৰত প্ৰদীপ কুমাৰ মিথিক গ্ৰেপ্তাৰ কৰে৷আৰক্ষীয়ে বিষয়াজনক আদালতত হাজিৰ কৰাই আৰক্ষীৰ জিম্মাত বিচৰাত আদালতে পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে৷সম্প্ৰতি আৰক্ষীয়ে আৰক্ষীৰ জিম্মাত মাৰাথন জেৰা চলাই আছে বিষয়াজনক৷আৰক্ষীৰ জেৰাত উক্ত কেলেংকাৰীৰ আন বহু তথ্য উন্মোচিত হোৱাৰ সম্ভাৱনা আছে । কিন্তু অতি ৰহস্যজনকভাৱে এই বেংকৰ লগত অতি ঘনিষ্ঠ দালালৰ এটা চক্ৰ বিগত কিছু দিন ধৰি মোৰাজাৰ আৰক্ষীৰ লগত মধুৰ সম্পৰ্ক ৰক্ষা কৰি অহা বুলি অভিযোগ উঠিছে ।উল্লেখ যোগ্য যে মোৰাঝাৰ থানাৰ পূৰ্বৰ আৰক্ষী বিষয়াই অভিযুক্তক ধনৰ বিনিময়ত ৰক্ষানাবেক্ষণ দিছিল যদিও বৰ্তমানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কবিৰ সিং লাম্ভু আৰু আৰক্ষী অধীক্ষক অংকুৰ জৈনে বেংক কেলেংকাৰীৰ যাৱতীয় তদন্ত সঠিক ভাৱে আগবঢ়োৱাত সাধাৰণ ৰাইজৰ আস্থা লাভ কৰিবলৈ সক্ষম হৈছে |

ছাদিকুজ জামান মোৰাঝাৰ

About Staff Reporter

চাব পাৰে

বোকাখাতত অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী ‘: বোকাখাতত আজি অসম গণ পৰিষদ আৰু বিজেপি দলৰ সংকল্প সমাৰোহ। …

Leave a Reply

Your email address will not be published. Required fields are marked *