Saturday , January 25 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / মৰিগাঁৱত প্ৰীতি ফুটবল , জুবিন একাদশ বিজয়ী

মৰিগাঁৱত প্ৰীতি ফুটবল , জুবিন একাদশ বিজয়ী

মৰিগাঁৱত প্ৰীতি ফুটবল , জুবিন একাদশ বিজয়ী।

জুবিন গাৰ্গ একাদশ বনাম মৰিগঁঞা যুৱ অগ্ৰণী মঞ্চ মৰিগাঁও স্কুল খেল পথাৰত উপস্হিত হৈ জুবিন গাৰ্গ স্বভাৱসুলভ ভাবে চেলফি উঠে।মূৰত অসমীয়াৰ চিনাকী পাগ মাৰি দুদান্ত ফুটবলাৰ ৰুপত মৰিগাঁৱত খেলপথাৰত আনুষ্ঠানিকতা শেষ কৰি ৰাজ্যৰ তৃতীয় বিকল্পৰ ৰাজনৈতিক দল খোলাৰ সন্দৰ্ভত কলে-“মই বিজেপি বেয়া পাওঁ।মই কংগ্ৰেছ বেয়া পাওঁ ।মই এজিপিকো বেয়া পাওঁ। ” জিএছটিৰ প্ৰসংগত স্বভাৱসুলভ মন্তব্য-” ফাল্টু জিএছটি মই ইয়াৰলি 55 হাজাৰ দিওঁ মোক একো কৰিব নোৱাৰে ।”
সোমবাৰে মৰিগাঁৱত এই মন্তব্য শিল্পী তথা ফুটবলাৰ ৰূপী জুবিন গাৰ্গৰ।
পুনৰ ক’লে এই বিষয়ে সিদ্ধান্ত মই লম, সমুজ্জ্বল দাই লব। দিন আছে। এতিয়া আচল কথাটো হৈছে কা।
অবশ্যে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত হাৰ্টথব জুবিনে কলে ফুটবলৰ মাধ্যমৰে কা বিৰোধিতা চলি থাকিব ।
উল্লেখযোগ্য যে গুৱাহাটীত চলি থকা “খেল’ ইন্দিৰা” থীম ছংটো জুবিনৰ বুলি মন্তব্য কৰি খেলত সমৰ্থন সদায় থাকিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মৰিগাঁৱত।
ইফালে মৰিগাঁৱত অনুষ্ঠিত হোৱা এই প্ৰীতি ফুটবল প্ৰতিযোগিতাত জুবিন একাদশে ট্ৰাইবেকা প্ৰদ্ধতিৰে বিজয়ী হয়।

*মৰিগাঁৱৰ পৰা ছাজিদ আহমেদ*

About Staff Reporter

চাব পাৰে

টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ

  ষ্টাফৰিপোৰ্টাৰ, ২৪ জানুৱাৰী : টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীলৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ শিক্ষা বিভাগে।  …

Leave a Reply

Your email address will not be published. Required fields are marked *