Monday , August 26 2019
শেহতীয়া খবৰ
Home / আঞ্চলিক / যান – বাহন আইন মানি নচলাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব–ভাস্কৰজ্যোতি দত্ত

যান – বাহন আইন মানি নচলাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব–ভাস্কৰজ্যোতি দত্ত

বঙাইগাঁও জিলাৰ অভয়াপুৰীত পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সভা

মানুহ যিমানে শিক্ষিত হৈছে সিমানে আইন ভংগকাৰীৰ সংখ্যা বাঢ়িছে — অনুপম ডেকা

 

বঙাইগাঁওঃ ২৮ মাৰ্চঃ বৰ্তমান মানুহ যিমানে শিক্ষিত হৈছে সিমানে নিয়ম ভংগ কৰা তথা আইন ভংগ কৰা মানুহৰ সংখ্যা বাঢ়ি গৈছে ৷ এই মন্তব্য বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত অনুপম ডেকাৰ ৷ বুধবাৰে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত আৰু বঙাইগাঁও জিলা পথ সুৰক্ষা সমিতিৰ সহযোগত জিলাখনত ক্ৰমবৰ্ধমান হাৰত সংঘটিত হৈ থকা পথ দুৰ্ঘটনা ,ইয়াৰ কাৰণ আৰু প্ৰতিৰোধ’ সন্দৰ্ভত অভয়াপুৰীৰ জে এন এম ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সজাগতা সভাত উপস্থিত থাকি তেওঁ এইদৰে কয় ৷ জিলাখনত সঘনাই হৈ থকা পথ দুৰ্ঘটনা সন্দৰ্ভত ইয়াৰ কাৰণ আৰু প্ৰতিৰোধৰ উপায় বিচাৰি তথা বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগতে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে অনুষ্ঠিত কৰা সজাগতা সভাত অতিৰিক্ত উপায়ুক্তগৰাকীয়ে কয় যে মানুহ শিক্ষিত হ’লে নিয়ম তথা আইন আদি মানি চলিব লাগে যদিও আজি – কালি ওলোটাহে হৈছে ৷ যাৰ ফলত সকলো বিষয় প্ৰশাসনে অকলে নিয়ন্ত্ৰণ তথা বন্ধ কৰিব নোৱাৰে ৷ এইক্ষেত্ৰত ৰাইজৰ সহযোগিতা লাগিব ৷ জনসাধাৰণ সজাগ হ’ব লাগিব ৷ আমি নিজে নিয়ম আৰু আইন ভংগ নকৰি মানি চলাৰ বাবে মানসিকতা গঢ়ি তুলিব লাগিব ৷ তেতিয়াহে পথ দুৰ্ঘটনাৰ লগতে আন বিষযসমূহ নিয়ন্ত্ৰণ আৰু বন্ধ কৰিব পৰা যাব ৷ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে সজাগতা সভাত ছাত্ৰ- ছাত্ৰীসকলে ল’ব লগা সাৱধানতা সম্পৰ্কেও কয় ৷ উল্লেখ্য যে বৃহত্তৰ বঙাইগাওঁ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক উপানন্দ শৰ্মাই আঁত ধৰা সজাগতা সভাত উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া ৰুদ্ৰ কলিতাই কয় যে পথ দুৰ্ঘটনাই বৰ্তমান মাৰাত্মক ৰূপ লৈছে ৷ নিতৌ সংঘটিত হৈছে পথ দুৰ্ঘটনা ৷ সেয়ে তেঁও সকলোকে যান- বাহন আইন মানি চলিবলৈ আহ্বান জনায় ৷ ইপিনে সভাত উপস্থিত থকা সমাজকৰ্মী দীনেশ সৰকাৰে কয় যে পথ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ হ’লে প্ৰশাসন কঠোৰ হ’ব লাগিব ৷ কাৰণ বহুতে মটৰ চাইকেল চলাওতে হেলমেট পৰিধান নকৰে ৷ মটৰ চাইকেলত তিনিজনকৈ উঠে আৰু তীব্ৰ গতিত মটৰ চাইকেল চলায় ৷ সেয়ে ঠায়ে ঠায়ে আৰক্ষী থাকিব লাগে ৷ তাৰোপৰি হেলমেট পৰিধান নকৰাকৈ মটৰ চাইকেল চলোৱাত নিষেধাজ্ঞা আৰোপ কৰিব লাগে ৷ সেইদৰে দেওহাটীৰ পৰা লেংটিচিঙা, দেওহাটীৰ পৰা যোগীঘোপা আৰু দেওহাটীৰ পৰা উত্তৰ শালমাৰালৈ বাহনসমূহ চলোৱাৰ গতি নিৰ্ধাৰণ কৰি দিব লাগে বুলিও কয় ৷ আনহাতে শিক্ষক নূৰ ইছলামে ছাত্ৰ- ছাত্ৰীসকলক পথেৰে অহাৰ সময়ত ল’ব লগা সাৱধানতাৰ বিষয়ে কয় ৷ তেওঁ পথেৰে আহোতে একেলগে জুম বান্ধি আৰু একেলগে সমান্তৰালভাৱে পথটো আগুৰি চাইকেল চলাই আহিব নালাগে বুলি কয় ৷ শিক্ষকগৰাকীয়ে কয় যে যিসকল ছাত্ৰ – ছাত্ৰীয়ে মটৰ চাইকেল আৰু স্কুটী চলায় তাৰ ৯০ শতাংশৰেই ড্ৰাইভিং লাইচেন্স নাই ৷ আনকি ১৮ বছৰৰ তলৰ ছাত্ৰ – ছাত্ৰীয়েও মটৰ চাইকেল আৰু স্কুটী চলায় ৷ সেয়ে ড্ৰাইভিং লাইচেন্স নথকা মটৰ চাইকেল আৰু স্কুটী চলোৱা ছাত্ৰ – ছাত্ৰীক শিক্ষানুষ্ঠানত প্ৰৱেশ কৰিব দিয়াটো বন্ধ কৰিব লাগে ৷ অভয়াপুৰীৰ চাৰি আলি, তিনি আলিত গতিৰোধক লাগে বুলি কোৱাৰ লগতে পথসমূহ ঠেক হোৱাৰ বাবেও দুৰ্ঘটনা সংঘটিত হয় বুলি কয় ৷ অভয়াপুৰী জ্যেষ্ঠ নাগৰি সন্থাৰ ভৰত চন্দ্ৰ ডেকাই কয় যে অভয়াপুৰীত ট্ৰেফিক পইন্টত ট্ৰেফিক পুলিচ থকাৰ সলনি দোকানতহে বহি থাকে ৷ তেওঁ শিক্ষানুষ্ঠান, কাৰ্যালয়, বজাৰৰ সন্মুখত গতিৰোধক লাগে বুলি কোৱাৰ লগতে উঠি অহা যুৱকসকলক মটৰ চাইকেল চলাওতে গতি নিয়ন্ত্ৰণত ৰাখি চলাবলৈ আহ্বান জনায় ৷ লগতে পথচাৰিসকলক পদ পথ ব্যৱহাৰ কৰিবলৈকো আহ্বান জনায় ৷ যোগীঘোপাৰ জগবন্ধু সূত্ৰধৰে কয় যে যোগীঘোপাৰ এফ চি আইত ট্ৰাকে যথেষ্ট যান- জঁটৰ সৃষ্টি কৰি অাহিছে আৰু ইয়াৰ ফলত দুৰ্ঘটনা সংঘটিত হ’ব পাৰে ৷ তাৰোপৰি অঞ্চলটোত সৰু সৰু টেম্প’, মিনি যাত্ৰীবাহী গাড়ীত দীঘল বাঁহ, বাটাম, গধুৰ সামগ্ৰী কঢ়িয়াই নিয়াৰ ফলতো দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে যদিও এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায় ৷ সৰু যাত্ৰীবাহী বাহনত কেনেকৈ এইদৰে সামগ্ৰী কঢ়িয়াই নিব পাৰে বুলিও প্ৰশ্ন উত্থাপন কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় ৷ বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ছকিৰণ নেছাই কয় যে যিসকল চালকে গাড়ী চলায় সেইসকলৰ গাড়ী চলোৱাৰ প্ৰশিক্ষণ আছে নে নাই সেয়া সংশ্লিষ্ট বিভাগে নিশ্চিত কৰিব লাগে ৷ তাৰোপৰি চালকৰ প্ৰশিক্ষণৰ বাবে চৰকাৰী প্ৰতিষ্ঠান লাগে ৷ কাৰণ ব্যক্তিগত প্ৰতিষ্ঠানসমূহে ধন লৈ চালকৰ লাইচেন্স প্ৰদান কৰে ৷ সেয়ে যাতে অনভিজ্ঞজনে লাইচেন্স নাপায় তাৰ বাবে ব্যৱস্থাটো কিছু কঠোৰ হ’ব লাগে ৷ লগতে গাড়ী চলোৱাৰ প্ৰশিক্ষণ নোহোৱা লোকক ড্ৰাইভিং লাইচেন্স দিব নালাগে বুলিকৈ যান – বাহন চলাওতে যান – বাহন আইন মানি চলিব লাগিব বুলি কয় ৷ তেওঁ এই সন্দৰ্ভত জনসচেতনতা লাগিবই বুলিও কয় ৷ বিক্ৰম মেধিয়ে কয় যে পথৰ বহু ঠাইত চাইড বাম নাই আৰু বহুতে সংকেট নজনাকৈ গাড়ী চলোৱাৰ বাবে দুৰ্ঘটনা হয় ৷ সেইদৰে বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি আব্দুল লতিফে এনে সজাগতা সভা গাঁৱে- ভূঞে পতাৰ পোষকতা কৰে ৷ লগতে নতুন পথত গতিৰোধক নাই আৰু থকা বিলাকত ৰং নথকাৰ উপৰিও চাইড বাম পথতকৈ তলত থকাৰ বাবেও গাড়ী চালকে মনিব নোৱাৰাৰ বাবে দুৰ্ঘটনাৰ কাৰণ হৈ পৰে বুলি কয় ৷ তাৰোপৰি মালবাহী ট্ৰাকৰ দৌৰাত্ম নিয়ন্ত্ৰণ কৰা, ঠায়ে ঠায়ে নতুন গতি ৰোধক দিয়া, গতিৰোধকত ৰং দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈকো সভাত পৰামৰ্শ আগবঢ়ায় ৷ জিলা আছুৰ উপ সভাপতিগৰাকীয়ে ঠিকাদাৰৰ মইমতালি, নিম্নমানৰ কাম তথা বিজ্ঞান সন্মতভাৱে পথ নিৰ্মাণ নোহোৱাৰ বাবেও পথ দুৰ্ঘটনা সংঘটিত হয় বুলি কয় ৷ মহিলা সমিতিৰ প্ৰতিনিধি ৰুবী অধিকাৰীয়ে ঠায়ে ঠায়ে গতি নিৰ্ধাৰণ কৰি দিয়া ফলক, গতিৰোধক লাগে বুলি কয় ৷ পদ পথসমূহ বেদখল হোৱাৰ বাবে পথচাৰিয়ে ব্যৱহাৰ কৰিব নোৱাৰে ৷ লগতে অভয়াপুৰী বজাৰৰ পথটো ঠেক হোৱাৰ বাবে পথৰ ওপৰতে বাহন পাৰ্কিং কৰাত দুৰ্ঘটনা সংঘটিত হোৱাৰ শংকা ব্যক্ত কৰে ৷ নাৰিকলাৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰত্নেশ্বৰ দাসে কয় যে পথ সুৰক্ষা সম্পৰ্কে প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈকে বাধ্যতামূলক শিক্ষা দিব লাগে আৰু পাঠ্য পুথিত বিষয়টো অন্তৰ্ভুক্ত হ’ব লাগে বুলি কৈ এনে কৰিলে দুৰ্ঘটনা প্ৰতিৰোধ হ’ব বুলিও কয় ৷ লগতে ড্ৰাইভিং লাইচেন্স প্ৰদানৰ ক্ষেত্ৰত পৰিবহন বিভাগক কঠোৰ হ’বলৈও কয় ৷ আনহাতে কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতি অতুল ৰায়ে উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত বিদ্যালয়, মহাবিদ্যালয়, বজাৰ, প্ৰধান কেঁকুৰীত গতিৰোধকৰ ব্যৱস্থা কৰা, পথৰ দাঁতিত ৰিফ্লেক্টৰ লগোৱাৰ ব্যৱস্থা কৰা , বহল ৰাস্তাত ডিভাইডাৰ দিয়া, ঠায়ে ঠায়ে জেব্ৰা ক্ৰচিং দিয়া, বাহন চলাওতে চিটবেল্ট, হেলমেট ব্যধ্যতামূলক কৰা আদি পৰামৰ্শ দিয়ে ৷ লগতে তীব্ৰ গতিত বাহন চলোৱা, চিটবেল্ট ব্যৱহাৰ নকৰা, হেলমেট পৰিধান নকৰা, সুৰাপান কৰি বাহন চলোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব লাগে বুলি কয় ৷ অভিভাৱকসকলে ল’ৰা – ছোৱালীসকলক মটৰ চাইকেল, স্কুটী তথা চাৰিচকীয়া বাহন দিয়াৰ প্ৰৱণতা কমাওক বুলি আহ্বান জনাই ল’ৰা – ছোৱালীসকলেও মটৰ চাইকেল – স্কুটী চলোৱা প্ৰৱণতাটো কিছু ত্যাগ কৰিব লাগে বুলি কয় ৷ উত্তৰ শালমাৰা মহকুমা ছাত্ৰ সন্থাৰ সভাপতি জ্যোতি শংকৰ চৌধুৰীয়ে কয় যে তুলুঙীয়া, উত্তৰ শালমাৰা, দেওহাটী তিনি আলিত লাইট দিব লাগে আৰু বিদ্যালয়, বজাৰ আদিৰ ওচৰত সাংকেতিক চিহ্নযুক্ত ফলক দিব লাগে ৷ সাংবাদিক বিনোদ বিহাৰী নাথে কয় যে মদ, জুৱা, তীৰ, এণ্ডিং আদি প্ৰশাসনে নেদেখে নেকি? কাৰণ বহুবাৰ অভিযোগ দিয়াৰ পিচতো এইবোৰ বন্ধ হোৱা নাই ৷ পথৰ ওপৰত তোৰণ দিয়া হয় যদিও অনুষ্ঠান পাৰ হৈ যোৱাৰ পিচতো তোৰণবোৰ থাকেই ৷ এই ক্ষেত্ৰত প্ৰশাসনে কিয় ব্যৱস্থা গ্ৰহণ নকৰে বুলি অভিযোগ কৰি ৰাইজে যাতে প্ৰশাসনক সহজতেই বিভিন্ন অভিযোগ দিব পাৰে তাৰ বাবে এটা এপ খুলি লাগ বুলি কয় ৷ যান – বাহনত চকুত চাট মৰি ধৰা লাইট লগোৱা বন্ধ কৰা, পথৰ ওপৰত বজাৰ বহা বন্ধ কৰা, টেম্প’ আদিত অত্যাধিক যাত্ৰী উঠোৱা বন্ধ কৰা, বাহনসমূহৰ ৰোড পাৰ্মিট আছে নে নাই পৰীক্ষা কৰিব লাগে বুলি কয় ৷ সাংবাদিকগৰাকীয়ে সভাত উপস্থিত থকা প্ৰশাসনৰ বিষয়াক কলম উপাহাৰ দি উত্থাপন কৰা বিষয়সমূহ সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আশা প্ৰকাশ কৰে ৷ যোগীঘোপাৰ আছু কৰ্মী ছাদ্দাম হুছেইনে কয় যে যোগীঘোপা অঞ্চলত ৪০ টা ইটাভাটা আছে আৰু দৈনিক প্ৰায় চাৰি হাজাৰ ট্ৰাক চলাচল কৰে ৷ বালাপাৰাত এই ট্ৰাকবোৰে সমস্যাৰ সৃষ্টি কৰি আহিছে ৷ ১৮ বছৰৰ তলৰ ল’ৰাইও ট্ৰাক চলায় ৷ ট্ৰাকবোৰৰ প্ৰয়োজনীয় নথি – পত্ৰ নাই ৷ গতিকে প্ৰশাসনে এইবোৰ নেদেখে নেকি আৰু কিয় ব্যৱস্থা গ্ৰহণ নকৰে বুলি প্ৰশ্ন কৰে ৷ চলন্তাপাৰাত কেবাখনো শিক্ষানুষ্ঠান , স্বাস্থ্য কেন্দ্ৰ, বজাৰ আদি আছে যদিও ট্ৰেফিক নাই ৷ সেয়ে চলন্তাপাৰা, বালাপাৰাত ট্ৰেফিকৰ ব্যৱস্থা কৰিব লাগে বুলি কয় ৷ লগতে অভাৰলোড ট্ৰাকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক আহ্বান জনায় ৷ আন এগৰাকী আছু কৰ্মীয়ে কয় যে প্ৰশাসনে পেট্ৰ’ল ডিপোবোৰত ন’ হেলমেট,ন’ পেট্ৰ’ল ৰ নীতি গ্ৰহণ কৰিছে যদিও সেয়া কাৰ্যকৰী হোৱা নাই ৷ তেল ডিপোবোৰত কেৱল বেনাৰহে আছে, নিৰ্দেশ মানি চলা নাই ৷ এই নিৰ্দেশ কঠোৰভাবে বলবৎ কৰিব লাগে ৷ তাৰোপৰি ১৮ বছৰৰ তলৰ শিক্ষাৰ্থীয়ে কেনেকৈ মটৰ চাইকেল – স্কুটী চলাব পাৰে বুলি কয় ৷ আন এজন যুৱকে কয় যে প্ৰশাসনে যান – বাহন আইন তথা অনুশান মানি চলিবলৈ সকলোকে বাধ্য কৰাব লাগিব ৷ হেলেট পিন্ধি নাহিলে বাটত আৰক্ষীক যাতে টকা দিলে ৰেহাই নাপায় সেয়া বন্ধ হ’ব লাগিব ৷ গতিকে এনেবোৰ বিষয়ত গুৰুত্ব প্ৰদান কৰিলে দুৰ্ঘটনা প্ৰতিৰোধ কৰিব পৰা যাব বুলিও সভাত উপস্থিত থকা লোকসকলে মতপোষণ কৰে ৷ ইপিনে উপস্থিত ৰাইজৰ বক্তব্য শুনাৰ পিচত জিলা পৰিবহণ বিষয়া ভাস্কৰজ্যোতি দত্তই কয় কয় যে পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ৰাইজ সজাগ নহ’লে দুৰ্ঘটনা ৰোধ কৰাটো সম্ভৱ নহয় ৷ তাৰোপৰি দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতাও কামনা কৰি ৰাইজৰ সহযোগ অবিহনে প্ৰশাসনে অকলে এই কাম কৰিব নোৱাৰে বুলিও কয় ৷ পৰিবহন বিষয়াগৰাকীয়ে কয় যে যোৱা বছৰ বঙাইগাঁও জিলাত ২২৪ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ ভিতৰত ১১৪ গৰাকী লোকৰ মৃত্যু হৈছে ৷ ইতিমধ্যে জিলাখনৰ ১৭ টা দুৰ্ঘটনা সংঘটিত হৈ থকা স্থানলৈ গৈ দুৰ্ঘটনাৰ কাৰণসমূহ পৰ্যবেক্ষণ কৰি প্ৰতিবেদন প্ৰস্তুত কৰি ব্যৱস্থা লৈ থকা হৈছে ৷ তাৰোপৰি ২২১ খন চালকৰ লাইচেন্স সাময়িকভাবে বাতিল কৰা হৈছে ৷ সেয়ে তেওঁ ৰাইজক সজাগ কৰাৰ বাবে শিক্ষাৰ্থীসকলোকো আগুৱাই আহিবলৈ আহিবান জনায় ৷ লগতে সভাত ড্ৰাইভিং লাইচেন্স নোহোৱাকৈ গাড়ী চলোৱাসকলৰ বিৰুদ্ধে গাড়ীৰ গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হ’ব বুলি উল্লেখ কৰে ৷ সেইদৰে মটৰ চাইকেল ষ্টান্ট কৰা, সুৰাপান কৰি গাড়ী চলোৱা আৰু যান – বাহন আইন মানি নচলাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলিও কয় ৷ আনকি আগলৈ শিক্ষাৰ্থী আৰু শিক্ষাৰ্থীৰ অভিভাৱকসকলেও এইক্ষেত্ৰত ৰেহাই নাপাব বুলি কয় ৷ সভাত উত্তৰ শালমাৰা মহকুমাৰ সহকাৰী আয়ুক্ত জিতু বৰ্মান, মহকুমা স্বাস্থ্য বিষয়া এম ৰহমান,গড়কাপ্তানী ৰাজ্যিক পথ বিভাগৰ কাৰ্যবাহী অভিযন্তা ছিদ্দিক ৰহমান, গড়কাপ্তানী (ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ কনিষ্ঠ অভিযন্তা মহেন্দ্ৰ দাস আদিৰ লগতে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে ৷ শুকুৰবাৰে জিলাখনৰ বইটামাৰীস্থিত জে এন এম ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত সজাগতা সভা অনুষ্ঠিত হ’ব

About Staff Reporter

চাব পাৰে

ধৰ্ষণ নে অন্য কিবা? অন্তৰ্বাস পৰিধান কৰি থকা মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁও জিলাৰ বইটামাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ বঙাইগাঁওঃ ২৫ আগষ্টঃ বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী …

Leave a Reply

Your email address will not be published. Required fields are marked *