Monday , November 19 2018
শেহতীয়া খবৰ
Home / আঞ্চলিক / যোৰাবাটত মুকলি হ'ল "কেফে ন'হোৱেৰ"

যোৰাবাটত মুকলি হ'ল "কেফে ন'হোৱেৰ"

যোৰাবাটত মুকলি হ’ল “কেফে ন’হোৱেৰ”

গুৱাহাটীৰ প্ৰতিবেদক,,,,.৬ জুন।।।। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খাদ্যক ন ৰূপ দিয়াৰ উদ্দেশ্যে আজিৰ পৰা মুকলি হ’ল অত্যাধুনিক খাদ্য সম্ভাৰেৰে ভৰপূৰ কেফে ন”হোৱেৰ। এই উপলক্ষে আজি আয়োজন কৰা সংবাদমেলত বিশিষ্ট অতিথি হিচাবে থাকে অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা। অনুষ্ঠান উদ্বোধন কৰি তেওঁ কয়—-অসমীয়া খাদ্যই ইতিমধ্যে ভাৰতৰ আন আন ঠাইত সমাদৰ লাভ কৰিছে। গতিকে আমাৰ এই খাদ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যোৱা সময় আহি পাইছে যাতে এই খাদ্যৰ অধিক প্ৰচাৰ তথা প্ৰসাৰ কৰিব পাৰি। তদুপৰি এই থলুৱা খাদ্য সম্ভাৰেৰে পৰ্যটনক এক নতুন দিশ দিব পৰা যায়। তদুপৰি এই ‘কেফে ন হোৱেৰ’ জৰিয়তে অসম আৰু মেঘালয়ৰ খাদ্যৰ সংযোজন হৈছে বুলিও বৰুৱাই জনায়। এই ৰেষ্টুৰেণ্ট খনৰ বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে ইয়াত ৰান্ধনী লগতে সকলো মহিলা কৰ্মচাৰী নিয়োজিত হৈ থাকিব। ইয়াৰ জৰিয়তে মহিলা সকল আত্মনিৰ্ভৰশীল হোৱাৰ সুযোগ পাব ।এই ভাষ্য ৰেষ্টুৰেণ্ট খনৰ উদ্যোক্তা কাশ্মিৰী নাথৰ ।তেওঁ লগতে কয় গ্ৰাহকৰ বাবে উত্তৰ পূৰ্বাঞ্চলত প্ৰতিটো জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰ জুতি এই ৰেষ্টুৰেণ্ট খনৰ গ্ৰাহকে লাভ কৰিব।এই ৰেষ্টুৰেণ্ট খনত থাকিব স্থানীয় শিল্পীৰ বিশেষ সাংস্কৃতিক অনুষ্ঠান সময় সাপেক্ষে যত থাকিব উত্তৰ পূৰ্বাঞ্চলৰ পৰম্পৰাগত নৃত্য গীত। সংবাদ মেলত উপস্থিত থাকি ন’ হোৱেৰ প্ৰমুখ ৰঞ্জনা ভাঞ্জংকাই এইদৰে কয়।

About Staff Reporter

চাব পাৰে

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে নতুন ‘ল’গ ।

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে  নতুন ‘ল’গ ।   ষ্টাফ ৰিপোৰ্টাৰ , গুৱাহাটীৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *