Wednesday , April 8 2020
শেহতীয়া খবৰ
Home / আঞ্চলিক / লক ডাউনত চাংসাৰি, বাইহাটা, উত্তৰ গুৱাহাটী, আমিনগাঁও অঞ্চলৰ অধিকাংশ ৰাইজৰ সমৰ্থন

লক ডাউনত চাংসাৰি, বাইহাটা, উত্তৰ গুৱাহাটী, আমিনগাঁও অঞ্চলৰ অধিকাংশ ৰাইজৰ সমৰ্থন

লক ডাউনত চাংসাৰি, বাইহাটা, উত্তৰ গুৱাহাটী, আমিনগাঁও অঞ্চলৰ অধিকাংশ ৰাইজৰ সমৰ্থন, এচাম উদণ্ড আইন অমান্যকাৰীলৈ আৰক্ষী কঠোৰ সকীয়নি।

পঙ্কজ নাথ, চাংসাৰি, ২৬ মাৰ্চ :

ভাৰত যাতে নভেল ক’ৰোণা ভাইৰাছ সংক্ৰমণৰ তৃতীয় স্তৰত উপনীত নহয়, সেইবাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ মাৰ্চৰ মাজনিশাৰ পৰা ১৪ এপ্ৰিললৈকে সমগ্ৰ ভাৰতত প্ৰযোজ্য হোৱাকৈ ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰিছে। যিহেতু তৃতীয় স্তৰটো এই ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত অতি বিপদজনক। গতিকে অসমতো চৰকাৰে প্ৰতিখন জিলাতে ক’ৰোণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা হাতত লৈছে। চৰকাৰে ৰাইজক নিজ নিজ গৃহত থকাৰ বাবে আহ্বান জনাইছে। আনহাতে লক ডাউনৰ নিৰ্দেশ নমনাৰ বাবে ৬ মাহৰ পৰা দুবছৰ পৰ্যন্ত কঠোৰ কাৰাবাসৰ ঘোষণা কৰা হৈছে। কামৰূপ জিলাৰ অন্তৰ্গত চাংসাৰি, বাইহাটা চাৰিআলি, উত্তৰ গুৱাহাটী, আমিনগাঁও অঞ্চলত সৰহ সংখ্যক লোকেই চৰকাৰী নিৰ্দেশ মানি ভয়ংকৰ ৰোগ বিধৰ পৰা ৰক্ষা পাবলৈ স্বেচ্ছাই গৃহবন্দী হৈ আছে অধিকাংশ লোক। আনহাতে এচাম উদণ্ড প্ৰকৃতিৰ লোকে চৰকাৰৰ নিৰ্দেশ অমান্য কৰি আজি লক ডাউনৰ দ্বিতীয় দিনাও বাটপথত গাড়ীলৈ ঘূৰি ফুৰা পৰিলক্ষিত হৈছে । কিছু সংখ্যক লোকক মদ্যপান কৰি ঘুৰি ফুৰাও দেখা গৈছে । পুৱা অঞ্চলটোৰ বিজ্ঞ আৰু বুদ্ধিজীৱি বুলি পৰিচিত লোককো মৰ্ণিং ৱাক কৰা দেখা গল। ফলত সচেতন মহলে এইসমূহ অঞ্চলত ভাইৰাছ বিধৰ সংক্ৰমণৰ শংকাত ভূগিছে। স্হানীয় সংবাদদাতা সকলে বিষয়টো আৰক্ষীক অৱগত কৰিছে আৰু আৰক্ষীয়েও কিছু তৎপৰ হৈছে আৰু এচাম উদণ্ড আইন অমান্যকাৰীলৈ আৰক্ষীয়ে কঠোৰ সকীয়নি প্ৰদান কৰিছে । কিন্তু এতিয়াও গাওঁৰ ভিতৰ অঞ্চল সমূহত মানুহে লক ডাউনক অবজ্ঞা কৰি জুম বান্ধি ফুৰাত মাৰাত্মক ক’ৰোণা ভাইৰাছৰ সংক্ৰমণক লৈ শংকিত হৈ পৰিছে সচেতন নাগৰিক সকল। একাংশ মানুহে লক ডাউনৰ সময়ক এয়া চৰকাৰী বন্ধ , আদ্দা মৰাৰ সময় বুলি ভাবি ৰাষ্টাই ঘাটে জুম বান্ধি মেল পাতি থকা পৰিলক্ষিত হোৱাত একাংশ সচেতন লোকে ভাইৰাছ বিধৰ সংক্ৰমণক লৈ শংকিত হৈ পৰিছে। সেয়েহে শীঘ্ৰেই আৰক্ষী প্ৰশাসনক অধিক তৎপৰ হৈ লক ডাউনৰ সময়ত যাতে জুম বান্ধি মেল মৰা অথবা মানুহৰ সমাগম বন্ধ হয় তাৰবাবে বিশেষ কাৰ্যপন্থা গ্ৰহণ কৰি গাওঁ সমূহৰ ভিতৰে বাহিৰে অনবৰতে পেট্ৰলিংৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে বৃহত্তৰ অঞ্চলটোৰ একাংশ সচেতন লোকে। কিয়নো এই মুহুৰ্তলৈকে কোৰোনা ভাইৰাছত সমগ্ৰ বিশ্বত ৪,৪২৯৪১ জন লোক আক্ৰান্ত হৈছে। মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ১৮,৯০৭। ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৬৫০ জনৰ অধিক হোৱাৰ লগতে মৃত্যু হোৱাৰ লোকৰ সংখ্যা ১৫ জন হৈছেগৈ।

About Staff Reporter

চাব পাৰে

ত্ৰিপুৰাত ধৰা পৰিল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী*

  ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল : ত্ৰিপুৰাতো ওলাল প্ৰথমগৰাকী কোৰোণাত আক্ৰান্ত ৰোগী। ইতিমধ্যে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *