Wednesday , January 29 2020
Home / Uncategorized / লাওখোৱাত বিজেপিৰ কৰ্মী সভা – চামগুৰিত ৰকিবুলৰ ভেটি খহাই তিনি শতাধিকৰ বিজেপিত যোগদান

লাওখোৱাত বিজেপিৰ কৰ্মী সভা – চামগুৰিত ৰকিবুলৰ ভেটি খহাই তিনি শতাধিকৰ বিজেপিত যোগদান

 

এম আবু হানিফা, ৰূপহীহাট, ২৭ মাৰ্চঃ- লোকসভা নিৰ্বাচনত দলৰ ভেটি অধিক শক্তিশালী কৰাৰ বাবে আজি লাওখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত লাওখোৱা পঞ্চায়তত এখনি কৰ্মী সভা অনুষ্ঠিত হয়। বিজেপি নেতা বিৰাজ কুমাৰ নন্দীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আগম্তুক নিৰ্বাচনৰ ৰণ ডংকা বজাই কংগ্ৰেছক উত্খাতৰ বাবে আহ্বান জনাই ভোটাৰ ৰাইজক। এই সভাতে প্ৰাক্তন মন্ত্ৰী ৰকিবুলৰ স্বৈৰাচাৰীতাত অতিষ্ট হৈ বিজেপিত যোগদান কৰে কংগ্ৰেছক শতাধিক কংগ্ৰেছ কৰ্মীয়ে । উল্লেখ্য যে নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে নগাঁও জিলাৰ চামগুৰি সমষ্টিত ক্ৰমাত্ কংগ্ৰেছৰ ভেটি খহিবলৈ আৰম্ভ কৰিছে। বিগত তিনিটা কাৰ্যকাল মন্ত্ৰী হৈ থকা ৰকিবুল হুছেইনৰ দুৰ্গত সৃষ্টি হৈছে এই খহনীয়া । প্ৰাক্তন মন্ত্ৰী জনে নিজৰ কাৰ্যকালত দালালক গুৰুত্ব দি ভোটাৰ ৰাইজৰ সমস্যাক পিঠি দিয়াৰ বাবেই অতিষ্ট হৈ সময়ে সময়ে দল ত্যাগ কৰি আহিছে বহু নেতা কৰ্মীয়ে। সমাগত লোক সভা নিৰ্বাচনৰ আগমূহুৰ্তত চামগুৰিত কংগ্ৰেছৰ ভেটি উছন হোৱাৰ উপক্ৰম ঘটাত অস্বস্তিত পৰিছে দলৰ তৃণমূল কৰ্মীসকল । একমাত্ৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুলৰ স্বজন তোষণ আৰু কংগ্ৰেছৰ দুৰ্নীতিৰ বাবেই আজিৰ সভাত লাওখোৱা পঞ্চায়তৰ তিনি শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰাত কঁপনি উঠিছে কংগ্ৰেছী শিবিৰত । কংগ্ৰেছ এৰি বিজেপিলৈ অহা নৱাগত কৰ্মীসকলক বিজেপি নেতা বিৰাজ নন্দীয়ে দলীয় প্ৰতীকেৰে সম্ভাষণ জনায়। কেইবাশতাধিক ৰাইজ উপস্থিত থকা সভাখনত বিজেপিৰ নেতাজনে কয় যে চামগুৰিখন অতি শীঘ্ৰে কংগ্ৰেছমুক্ত কৰি সমবিকাশৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ অভিযান আৰম্ভ হব ৷

About Staff Reporter

চাব পাৰে

তৃতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ ষ্টাফৰিপৰ্টাৰ, ৩১ অক্টোবৰ : গুৱাহাটীৰ পাঞ্জাৱাৰিস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্রত বৃহস্পতি বাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। এই মহোৎসৱ বন্তি প্ৰজ্জলনেৰে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। অসম চৰকাৰে জ্যোতি চিত্ৰবনৰ উদ্যোগত ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টেলিভিচনৰ সহযোগত আয়োজন কৰা তৃতীয় গুৱাহাটী আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ আজি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মহোৎসৱৰ সফলতা কামনা কৰে। এই মহোৎসৱত দেশ বিদেশৰ বহু খ্যাতনামা চলচ্চিত্ৰ নিৰ্মাতা,শিল্পী,কলা-কুশলী তথা চলচ্চিত্ৰ সমালোচকে অংশগ্ৰহণ কৰিছে।বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৬৫ খন দেশৰ প্ৰায় ১০০ৰো অধিক চলচ্চিত্ৰ এই মহোৎসৱত প্ৰদৰ্শন কৰা হ’ব।তৃতীয় গুৱাহাটী আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ সৰ্বতোপ্ৰকাৰৰ সাফল্যৰ বাবে সকলো চলচ্চিত্ৰপ্ৰেমী ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা সকলে।

ষ্টাফৰিপৰ্টাৰ, ৩১ অক্টোবৰ : গুৱাহাটীৰ পাঞ্জাৱাৰিস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্রত বৃহস্পতি বাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় …

Leave a Reply

Your email address will not be published. Required fields are marked *