Thursday , April 9 2020
শেহতীয়া খবৰ
Home / মহানগৰ / লাচিত নগৰ ৰাজহুৱা নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা

লাচিত নগৰ ৰাজহুৱা নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা

 

ষ্টাফৰিপোৰ্টাৰ, ৯ ফেব্ৰুৱাৰী: হনুমান সেৱা-নিধি ট্ৰাষ্ট, জি এল পি ছ’চিয়েল চাৰ্কল, লাচিত জ্যোতি মহিলা সমিতি, সমূহ ভক্ত প্ৰাণ ৰাইজৰ লগতে নামঘৰ সমিতিৰ আই-মাতৃসকলৰ
সহযোগত পুনৰ নিৰ্মাণ হোৱা লাচিত নগৰ ৰাজহুৱা নামঘৰৰ দেওবাৰে গুৰু আসন প্ৰতিষ্ঠা কৰা হয়। গুৰু আসন প্ৰতিষ্ঠা কৰে কামৰূপ জিলা একশৰণ ভাগৱতী সমাজৰ নামাচাৰ্য মদন
আতাই। তাৰ পাছত লাচিত নগৰ নামঘৰ সমিতিৰ আই সকলে দিহানাম পৰিবেশন কৰে। মাঘী পূৰ্ণিমাৰ লগত সংগতি ৰাখি দিন যোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই অনুষ্ঠানত পুৱাৰ ভাগত নাম-প্ৰসংগৰ আয়োজন কৰা হয়। তাৰ পাছত এই নামঘৰৰ পুণৰ নিৰ্মাণৰ বাবে বিশেষ বৰঙণি আগবঢ়োৱা শ্ৰী হনুমান সেৱা নিধি ট্ৰাষ্টৰ কাৰ্যকৰী অধ্যক্ষ আৰ জি হৰলালকা, মহামন্ত্ৰী ওম প্ৰকাশ চৌধুৰী, মন্ত্ৰী অশোক আগৰৱালা (ভূত), কোষাধ্যক্ষ ওম প্ৰকাশ খাণ্ডেলৱাল, ট্ৰাষ্টী লোক নাথ মোৰ, ৰমেশ চাচান, বিকাশ কয়াল আদিক নামঘৰৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত প্ৰিন্সি গগৈকো বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে জি এল পি ছ’চিয়েল চাৰ্কলৰ অধ্যক্ষ, বিশিষ্ট সমাজকৰ্মী প্ৰয়াত জি এল আগৰৱালাৰ প্ৰতিচ্ছবিৰ লগতে এই নামঘৰ প্ৰতিষ্ঠাৰ বাবে বিশেষ বৰঙণি জগোৱা অঞ্চলটোৰ প্ৰয়াত বিশিষ্ট ব্যক্তি সকলৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন কৰা হয়। বিয়লিৰ ভাণত ধৰ্মালোচনা সভাখন অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে আকাশবাণী গুৱাহাটীৰ লোকগীত আৰু বৰগীতৰ নিয়মীয়া শিল্পী কুসুম তালুকদাৰে বৰগীত পৰিবেশন কৰে। সভাৰ উদ্দেশ্য বাখ্যা কৰে লাচিত জ্যোতি মহিলা সমিতিৰ সম্পাদক টুটুমণি কলিতাই। সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ হোজাই জিলা কাকী-১ প্ৰচাৰ উপ-সচিব কৃষ্ণ কিংকৰ খাটনিয়াৰ যুৱ বক্তা হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায়। সভাত নির্দিষ্ট বক্তা হিচাপে কটন বিশ্ববিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যপক ড০ সোণালী বৰা হাজৰিকাই। অনুষ্ঠানত জি এল প্লাব্লিকেশ্বনছৰ সঞ্চালক
নেহা আগৰৱালা উপস্থিত থাকে।
সভাত শলাগৰ শৰাই আগবঢ়াই লাচিত জ্যোতি মহিলা সমিতিৰ সভাপতি সৰস্বতী দাসে। সন্ধিয়াৰ ভাগত গুণমালা কীৰ্ত্তন পৰিবেশন কৰে সুৰজিত দাস আৰু অজয় ভগৱতীয়ে। তেওঁলোকক সহযোগ কৰে কামৰূপ জিলাৰ তৰুণ বিদ্যাৰ্থী সমাজে। উল্লেখ এই নামঘৰটোৰ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত বিশিষ্ট সমাজকর্মী শংকৰ লাল গোবেং কা, ৰাম অৱতাৰ বুৰাকীয়াই ও যথেষ্ট অৱদান আগবঢ়াইছে।

About Staff Reporter

চাব পাৰে

চৰকাৰৰ আহ্বানৰ প্ৰতি সহাৰি জনায় ৰীতা দাস হজৰিকাই দুখীয়াৰ মাজত বিলালে সামগ্ৰী

  ষ্টাফৰিপোৰ্টাৰ, ৮ এপ্ৰিল : : বিশ্ব সন্ৰাস সৃষ্টি কাৰী কৰ’না ভাইৰাছৰ বাবে সমগ্ৰ দেশত …

Leave a Reply

Your email address will not be published. Required fields are marked *