Monday , November 19 2018
শেহতীয়া খবৰ
Home / আঞ্চলিক / লুইছ বাৰ্জাৰ কেলেংকাৰীত হিমন্তক চি বি আইয়ে জেৰাক আদৰণি গুচৰীয়া ভবেন সন্দিকৈৰ/চি বি আইয়ে শীঘ্ৰে গ্ৰেপ্তাৰ কৰক হিমন্তকে আদি কৰি এই কেলেংকাৰীত জড়িত সকলো আমোলা-বিষয়া-মধ্যভোগীক

লুইছ বাৰ্জাৰ কেলেংকাৰীত হিমন্তক চি বি আইয়ে জেৰাক আদৰণি গুচৰীয়া ভবেন সন্দিকৈৰ/চি বি আইয়ে শীঘ্ৰে গ্ৰেপ্তাৰ কৰক হিমন্তকে আদি কৰি এই কেলেংকাৰীত জড়িত সকলো আমোলা-বিষয়া-মধ্যভোগীক

 

ষ্টাফৰিপৰ্টাৰ : দেশৰ ৰাজনীতি কঁপোৱা হাই প্ৰফাইল লুইছ বাৰ্জাৰ কেলেংকাৰীত নাম সাঙুৰ খাই থকা ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চি বি আইয়ে জেৰা কৰাক আদৰণি জনাইছে এই কেলেংকাৰীটোৰ বিৰুদ্ধে যুঁজ দি অহা স্বৰাজ অসমৰ আহ্বায়ক ভবেন সন্দিকৈয়ে।২০১৫চনৰ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ত এই কেলেংকাৰীৰ চি বি আইৰ তদন্ত বিচাৰি ৰাজহুৱা স্বাৰ্থজড়িত আবেদন(PILNO 85/2015 দাখিলৰ উপৰিও আমেৰিকাৰ ন্যায় বিভাগ,ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেচন(FBI)ত এই কেলেংকাৰীৰ তথ্য বিচাৰি যুঁজ অব্যাহত ৰখা ভবেন সন্দিকৈয়ে আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত কয় ,” এই কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মাৰ নাম চৰ্চাত থকাৰ পিছতো ৰহস্যজনক কাৰণত হিমন্তক চি বি আইয়ে জেৰা কৰা নাছিল।কিন্ত শেহতীয়াভাৱে যোৱা এক-দুই নবেম্বৰত হিমন্ত বিশ্ব শৰ্মাক দিল্লীত চি বি আইয়ে জেৰা কৰা কথা উল্লেখ কৰি সন্দিকৈয়ে কয় ‘আমি প্ৰথমৰে পৰাই হিমন্তক জেৰা কৰাৰ দাবী জনাই আহিছো যদিও এই তদন্তৰ পৰা ৰক্ষা পোৱাৰ স্বাৰ্থতে কংগ্ৰেছৰ পৰা বি জে পি গমন কৰা হিমন্ত বিশ্ব শৰ্মাক মোডী-অমিত শ্বাহে ৰক্ষণা-বেক্ষণ দি আহিছিল।যিজন হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থাকোতে স্বয়ং বি জে পি দলে ‘Saga of Scams in Congress-Ruled States’নামৰ পুস্তিকা প্ৰকাশ কৰি হিমন্ত বিশ্ব শৰ্মাক এই কেলেংকাৰীৰ মূল অভিযুক্ত বুলি অভিহিত কৰিছিল,সেইজন হিমন্ত বিশ্ব শৰ্মাক এই কেলেংকাৰীত চি বি আইয়ে জেৰা নকৰা আৰু সমগ্ৰ চি বি আইৰ তদন্ত প্ৰক্ৰিয়াৰ অগ্ৰগতিক লৈ আমাৰ অসন্তুষ্টি আছিল।শেহতীয়াভাবে চুপ্ৰিম কৰ্টৰ প্ৰখ্যাত অধিবক্তা প্ৰশান্ত ভূষণক লগ কৰি এই গোচৰটো সৰ্ন্দভত আইনী দিহা-পৰামৰ্শও লোৱা কথা ব্যক্ত কৰি সন্দিকৈয়ে সন্দেহ ব্যক্ত কৰি কয় যে চি বি আইৰ ওপৰত এটা প্ৰভাৱশালী ৰাজনৈতিক শক্তিয়ে প্ৰভাৱ বিস্তাৰ কৰি আহিছিল। শেহতীয়াকৈ চুপ্ৰিম কৰ্টত চি বি আইৰ সঞ্চালক বদলি কাণ্ডত মোডী-অমিত শ্বাহ জুটিয়ে মুখ ঠেকেছা খোৱাৰ পৰিপ্ৰেক্ষিতত হিমন্তক চি বি আইয়ে জেৰা কৰিবলৈ বাধ্য হোৱা বুলি দাবী কৰি সন্দিকৈয়ে কয় যে এই কেলেংকাৰীত নাম সাঙুৰ খাই থকা ডেপুটেশ্ব্যনৰত এজন প্ৰভাৱশালী আমোলাৰ জৰিয়তে বিতৰ্কিত চি বি আইৰ এজন শীৰ্ষ বিষয়াৰ জৰিয়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চি বি আইৰ তদন্তৰ আওতালো অহা নাছিল।এই কেলেংকাৰীৰ প্ৰকৃত তথ্য পোহৰলৈ অনাৰ স্বাৰ্থত চি বি আইয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি যিসকল আমোলা-বিষয়া-মধ্যভোগীক গ্ৰেপ্তাৰৰ দাবী জনাই সন্দিকৈয়ে কয় যে ইমান হাই প্ৰফাইল কেলেংকাৰীৰ বিৰুদ্ধে যুঁজ দি অহা বাবে নিজৰ নিৰাপত্তাক লৈয়ো উদ্বিগ্নতা প্ৰকাশ কৰি চৰকাৰৰ গৃহ বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ অনুৰোধ জনায়।

About Staff Reporter

চাব পাৰে

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে নতুন ‘ল’গ ।

গুৱাহাটীস্থিত বাৰ্বিকিউ নেচন ৰেষ্টোৰাই মুকলি কৰিলে মেকঅভাৰেৰে  নতুন ‘ল’গ ।   ষ্টাফ ৰিপোৰ্টাৰ , গুৱাহাটীৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *